--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কিছুমান মৃত্যুৰ ঘটনা অতি কৰুণ। এটি ডেৰ বছৰীয়া শিশুৰ মৃত্যুৱে কন্দুৱাইছে সকলোকে। পানীৰে ভৰা বাল্টি এটাৰ ওচৰত খেলি আছিল শিশুটিয়ে, তাৰপাছত সেই বাল্টিটোতে শিশুটোৱে তলমূৰকৈ সোমাই মৃত্যুক সাবটি লয়।

উত্তৰ প্ৰদেশৰ হাথৰাছ জিলাৰ কোটৱালিত ঘটিছে এই কৰুণ ঘটনা। ছোয়েইব নামৰ এই ডেৰ বছৰীয়া শিশুটোয়ে মঙলবাৰে দুপৰীয়া মাতৃৰ সৈতে চোতালত খেলি আছিল। এইদৰে খেলি থকাৰ মাজতে মাতৃগৰাকী মাত্ৰ অলপ সময়ৰ বাবে উঠি যোৱাৰ পাছতেই এই শোকাৱহ ঘটনাটো সংঘটিত হয়। 

মাতৃয়ে বাহিৰলৈ ওলাই আহি যেতিয়া দেখে যে ছোয়েইব পানীৰ বাল্টিটোত উভতাকৈ সোমাই আছে তেতিয়া তেওঁ চিঞৰ-বাখৰ লগায়। লৰালৰিকৈ মাতৃয়ে সন্তানটোক বাল্টিৰ পৰা উঠাই স্থানীয় চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে ছোয়েইবক মৃত বুলি ঘোষণা কৰে।

একমাত্ৰ সন্তানৰ মৃত্যুত পিতৃ-মাতৃ শোকত ভাগি পৰিছে। পৰিয়ালৰ লগতে স্থানীয় সকলো এতিয়া শোকত ম্রিয়মাণ।

ঘৰত শিশু সন্তান থকা অভিভাৱকসকল পদে-পদে সাৱধান হোৱাটো অতি প্ৰয়োজন, এনে খবৰে তাকেই যেন সকীয়াই থৈ গ'ল।





FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত