--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কিছুমান মৃত্যুৰ ঘটনা অতি কৰুণ। এটি ডেৰ বছৰীয়া শিশুৰ মৃত্যুৱে কন্দুৱাইছে সকলোকে। পানীৰে ভৰা বাল্টি এটাৰ ওচৰত খেলি আছিল শিশুটিয়ে, তাৰপাছত সেই বাল্টিটোতে শিশুটোৱে তলমূৰকৈ সোমাই মৃত্যুক সাবটি লয়।

উত্তৰ প্ৰদেশৰ হাথৰাছ জিলাৰ কোটৱালিত ঘটিছে এই কৰুণ ঘটনা। ছোয়েইব নামৰ এই ডেৰ বছৰীয়া শিশুটোয়ে মঙলবাৰে দুপৰীয়া মাতৃৰ সৈতে চোতালত খেলি আছিল। এইদৰে খেলি থকাৰ মাজতে মাতৃগৰাকী মাত্ৰ অলপ সময়ৰ বাবে উঠি যোৱাৰ পাছতেই এই শোকাৱহ ঘটনাটো সংঘটিত হয়। 

মাতৃয়ে বাহিৰলৈ ওলাই আহি যেতিয়া দেখে যে ছোয়েইব পানীৰ বাল্টিটোত উভতাকৈ সোমাই আছে তেতিয়া তেওঁ চিঞৰ-বাখৰ লগায়। লৰালৰিকৈ মাতৃয়ে সন্তানটোক বাল্টিৰ পৰা উঠাই স্থানীয় চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে ছোয়েইবক মৃত বুলি ঘোষণা কৰে।

একমাত্ৰ সন্তানৰ মৃত্যুত পিতৃ-মাতৃ শোকত ভাগি পৰিছে। পৰিয়ালৰ লগতে স্থানীয় সকলো এতিয়া শোকত ম্রিয়মাণ।

ঘৰত শিশু সন্তান থকা অভিভাৱকসকল পদে-পদে সাৱধান হোৱাটো অতি প্ৰয়োজন, এনে খবৰে তাকেই যেন সকীয়াই থৈ গ'ল।





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ