ডিজিটেল ডেস্ক: ১৯৪৭ চনত যেতিয়া ভাৰত-পাকিস্তান বিভাজন হৈছিল তেতিয়া ইছলামিক দেশ পাকিস্তান ১২.৯% হিন্দু সংখ্যালঘু হৈয়েই থাকি গ'ল। আৰু সেই পাকিস্তানৰ হিন্দু সংখ্যালঘুসকলৰ বাবে এটা ভাল খবৰ পাকিস্তানত প্ৰথমবাৰৰ বাবে এগৰাকী হিন্দু মহিলা লাভ কৰিছে ডি এছ পি পদ । কিন্তু কেনেকৈ ১২.৯%ৰ পৰা ২.১৪% হ্রাস পালে হিন্দু সংখ্যালঘু সংখ্যা ?
সময় তথা পৰিস্থিতি সলনি হ'ল আৰু ৭৫ বছৰত হিন্দু সংখ্যালঘুৰ জনসংখ্যাও সলনি হ'ল। কিন্তু আচৰিত যেন লাগিলেও পাকিস্তানৰ মুঠ জনসংখ্যাৰ হিন্দু ধৰ্মাৱলম্বী লোকৰ সংখ্যা ভাৰত বিভাজনৰ পাছত তীব্ৰ গতিত হ্ৰাস হোৱা পৰিলক্ষিত হৈছিল। উল্লেখযোগ্য পাকিস্তানত ১২.৯%ৰ পৰা ২.১৪% হ্রাস পাইছিল হিন্দু সংখ্যালঘু সংখ্যা।
হয় , স্বাধীনতাৰ সেই সময়ত পাকিস্তানত থকা হিন্দুসকলৰ অধিকাংশই ভাৰতলৈ প্ৰব্ৰজন কৰিছিল। যিসকলে নোৱাৰিলে তেওঁলোকক হয় ধৰ্মান্তৰিত কৰিবলৈ বাধ্য কৰা হৈছিল নহয় নৃশংসভাৱে হত্যা কৰা হৈছিল, সেই পৰিয়ালৰ মহিলাসকলক বয়স নিৰ্বিশেষে নৃশংসভাৱে ধৰ্ষণ কৰা হৈছিল বুলিও বিভিন্ন সূত্ৰৰ পৰা জানিব পৰা গৈছে। তিক্ত যেন লাগিলেও হিন্দু সংখ্যালঘু লোকৰ সংখ্যা হ্ৰাস হোৱাৰ এয়াই যেন আছিল প্ৰধান কাৰণ। পিছে ইয়াৰ প্ৰকৃত সত্যতাৰ সম্পৰ্কে সঠিক বাখ্যা আগবঢ়োৱতো এতিয়াও কঠিন ।
আনহাতে এতিয়াও পাকিস্তানত হিন্দু সংখ্যালঘু লোকে জীৱন নিৰ্বাহ কৰি আছে, জানিব পৰা মতে তেওঁলোকে এতিয়াও অহৰহ সন্ত্ৰাসৰ মাজত বসবাস কৰে। এনে হিন্দু সংখ্যালঘু পৰিয়ালৰ কন্যাক সন্মতি অবিহনে বলপূৰ্বকভাৱে বিয়া কৰাই ধৰ্ষণৰ কথা কোৱা হয় বুলি জানিব পাৰি, ইফালে তেওঁলোকক সহায় কৰিবলৈ কোনেও আগবাঢ়ি নাহে।
পাকিস্তানত হিন্দু সংখ্যালঘুৰ এনে এক প্ৰতিকূল অৱস্থাৰ মাজতে পাকিস্তানৰ হিন্দু সংখ্যালঘুসকলৰ বাবে এটা ভাল খবৰ আহিছে। পাকিস্তানত প্ৰথমবাৰৰ বাবে এগৰাকী হিন্দু মহিলা লাভ কৰিছে ডি এছ পি পদ । এই ভদ্ৰমহিলাগৰাকী হৈছে মনিষা ৰূপেতা। পাকিস্তানত ডি এছ পি হোৱা প্ৰথমগৰাকী হিন্দু মহিলা মনিষা। সিন্ধ্ অসামৰিক সেৱা পৰীক্ষাত উত্তীৰ্ণ হৈ প্ৰশিক্ষণ গ্ৰহণ কৰি তেওঁ এই কৃতিত্ব অৰ্জন কৰে।
পাকিস্তানৰ পিছপৰা আৰু সৰু জিলা জাকুবাবাদৰ বসবাস কৰা ৰূপেতাই পাকিস্তানত আগতে কেতিয়াও নঘটা কাম কৰিছে। তেওঁ হ'ল দেশৰ প্ৰথম হিন্দু ছোৱালী, যি DSP হৈ পৰিছে। এগৰাকী হিন্দু ছোৱালীৰ বাবে সিন্ধ লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু ডি এছ পি হোৱাটো নিজৰ বাবেই এক ডাঙৰ সাফল্য।
এই পথ মনিষা ৰূপেতাৰ বাবে ইমান সহজ নাছিল। যদিও তেওঁ সিন্ধ অসামৰিক সেৱাৰ পৰীক্ষা ক্লিয়াৰ কৰি প্ৰশিক্ষণ লৈ এই কৃতিত্ব অৰ্জন কৰিছে। এইখিনি লাভ কৰিবলৈ তেওঁ বহু সংগ্ৰামৰ মাজেৰে পাৰ হ’বলগীয়া হৈছিল। সৰু আৰু পিছপৰা জিলা জাকুবাবাদৰ বাসিন্দা মণিশাৰ পিতৃৰ ১৩ বছৰ বয়সত মৃত্যু হয়। পিতৃৰ মৃত্যুৰ পাছত মাকে সাহস দেখুৱাই পাঁচটা সন্তানৰ ভৱিষ্যতৰ উন্নতি কৰিবলৈ বুলি কৰাচীলৈ আহিছিল।
সংগ্ৰামৰ দিনৰ কথা মনত পেলাই মণিষাই কয় যে জাকুবাবাদত ছোৱালীক নিজৰ মতত পঢ়িবলৈ দিয়া নাছিল। যদি কোনোবাই পঢ়িবলগীয়া হয় তেন্তে তেওঁক কেৱল মেডিকেল পঢ়িবলৈ দিয়া হৈছিল। মনিষাই জনোৱা মতে, তেওঁৰ তিনিগৰাকী ভগ্নী এমবিবিএছৰ চিকিৎসক, আনহাতে তেওঁৰ একমাত্ৰ আৰু সৰু ভাতৃয়েও মেডিকেল মেনেজমেণ্টৰ বিষয়ে অধ্যয়ন কৰি আছে।
মনিষাই কয় পিতৃতান্ত্ৰিক সমাজত পুৰুষে অনুভৱ কৰে যে এইবোৰ কেৱল পুৰুষেহে কৰিব পাৰে। এইটো এটা দৃষ্টিভংগী হ’ব পাৰে। কিন্তু অনাগত কেইবছৰমানত এইসকল লোকেই পুনৰ নিজৰ স্থিতি ঘূৰাই ল'ব কাৰণ সেইসকলৰ মাজৰেই এজনৰ কন্যাই হয়তো আৰক্ষী বিভাগত কাম আৰম্ভ কৰিব পাৰে
গতিকে হিন্দু সংখ্যালঘুসকলৰ বাবে পৰবৰ্তী সময়ত বৰ্তমানৰ ডিএছপি মনিষা ৰূপেতাৰ ভূমিকা কেনে হ'ব সেয়া এতিয়াও লক্ষ্যনীয় বিষয়