--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ১নং গায়ন গাঁৱত বহু দিন ধৰি আজিজুল হক নামৰ যুৱকজনে পত্নী ৰূকিয়া খাতুনৰ সৈতে অবৈধভাৱে নিচা জাতীয় সামগ্ৰী বিক্ৰী কৰা বুলি ৰাইজে সদৰী কৰে।

ডিজিটেল ডেস্ক: নগাওঁ জিলাৰ ধিং থানাৰ অন্তৰ্গত ১নং গায়ন গাঁৱত আজি নিষিদ্ধ নিচাজাতীয় সামগ্ৰী সৰবৰাহকাৰীৰ বিৰুদ্ধে বিভিন্ন শ্লগানেৰে কঁপাই তুলে গাঁৱৰ ৰাস্তা-ঘাট। হাতে হাতে প্লে কাৰ্ড লৈ জুৱা, মদ, ভাং, আৰু নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে উলাই আহিল শতাধিক সচেতন পুৰুষ মহিলা।

উল্লেখ্য যে ১নং গায়ন গাঁৱত বহু দিন ধৰি আজিজুল হক নামৰ যুৱকজনে পত্নী ৰূকিয়া খাতুনৰ সৈতে অবৈধভাৱে নিচা জাতীয় সামগ্ৰী বিক্ৰী কৰা বুলি ৰাইজে সদৰী কৰে।

আজি প্ৰতিবাদী কাৰ্যসূচীৰ পৰাই আৰক্ষী প্ৰশাসনক অনুৰোধ জনাই কয় যে অতি শীঘ্ৰে নিচাজাতীয় দ্ৰব্যৰ বেহা কৰা আজিজুলৰ বিৰূদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

নৱপ্ৰজন্মক দিনে দিনে তিল তিলকৈ মৃত্যুৰ মুখত ঠেলি দিয়াই নহয় তেওঁলোকৰ ঘৰৰ সা-সামগ্ৰী টিনপাত, বিক্ৰী কৰি নিজৰ পৰিয়ালৰ সৰ্বনাশ কৰি দিছে।

গতিকে নিচাজাতীয় দ্ৰব্যৰ সৰবৰাহকাৰী সকলক উচিত শাস্তি দিবলৈ আৰক্ষী প্ৰশাসনক বিনম্ৰভাবে অনুৰোধ জনাইছে সচেতন মহলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক