--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে ‘অপাৰেচন সিন্দুৰ’ৰ জৰিয়তে পাকিস্তানে কৰা নিকৃষ্ট, বৰ্বৰ কাণ্ডৰ উচিত শিক্ষা প্ৰদান কৰিলে। এই অভিযানে পাকিস্তানৰ যথেষ্ট ক্ষতিসাধন কৰিছে।

পুৱাৰ ভাগত লাহোৰ বিমানবন্দৰৰ সমীপত এটাৰ পিছত এটাকৈ তিনিটা বিস্ফোৰণ সংঘটিত হয়। বিস্ফোৰণৰ শব্দই মানুহৰ উশাহ বন্ধ কৰি দিলে। সমগ্ৰ চহৰতে ছাইৰেন বাজিবলৈ ধৰিলে। ভয়তে মানুহবোৰ ঘৰৰ পৰা দৌৰি ওলাই আহিল। দৰাচলতে লাহোৰৰ ৱালটন বিমানবন্দৰৰ সমীপৰ গোপাল নগৰ আৰু নাছিৰাবাদ অঞ্চলত কেইবাটাও বিস্ফোৰণৰ শব্দ শুনা গৈছিল। মানুহে কৈছিল যে তেওঁলোকে ধোঁৱাৰ ডাৱৰ এটা দেখিছিল।

ভাৰতৰ ‘অপাৰেচন সিন্দুৰে’ পাকিস্তানী শাসকৰ ভৰিৰ তলৰ পৰা মাটি কাঢ়ি লৈ ​​গৈছে। পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিশোধ লৈ ভাৰতীয় সেনাই পাকিস্তান আৰু PoKৰ ভিতৰত থকা ৯টা সন্ত্ৰাসবাদী আত্মগোপন স্থান ধ্বংস কৰিছে। ইয়াৰে ৪টা পাকিস্তানৰ পঞ্জাৱ প্ৰদেশত থকাৰ বিপৰীতে ৫টা PoKত আছিল। ২৫ মিনিটৰ ‘অপাৰেচন সিন্দুৰ’ত ভাৰতে লস্কৰ-ই-তৈবা, জৈছ-ই-মহম্মদ আৰু হিজবুল মুজাহিদীনৰ লঞ্চ পেড ধ্বংস কৰে।

ইফালে আজি পাকিস্তানৰ কেইবাখন চহৰত ভাৰতে ক'মেও ২৫ টা ড্ৰ'ন আক্ৰমণ সংঘটিত কৰে। বুধবাৰে পাকিস্তানে ভাৰতত ড্ৰ'ন আৰু মিছাইল নিক্ষেপ কৰিছিল। ইয়াৰ প্ৰত্যুত্তৰ স্বৰূপে ভাৰতে আজি এই আক্ৰমণ সংঘটিত কৰে।

সম্পূৰ্ণৰূপে ধ্বংস হৈছে পাকিস্তানৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা। বৃহস্পতিবাৰে লাহোৰৰ পৰা কৰাচীলৈকে বহু কেইখন বৃহৎ চহৰত এটাৰ পাছত আনটো ড্ৰ’ন আক্ৰমণ সংঘটিত কৰে ভাৰতে । পাকিস্তান চৰকাৰৰ তথ্য অনুসৰি এই পৰ্যন্ত ২৫টা ড্ৰ’ন আক্ৰমণ সংঘটিত হৈছে। ইয়াৰে ৩ টা বৃহৎ ড্ৰ’ন আক্ৰমণ সংঘটিত হৈছে লাহোৰ, কৰাচী আৰু ৰাৱালপিণ্ডিত । এই আক্ৰমণৰ লগে লগে উত্তেজনাই বিৰাজ কৰিছে চুবুৰীয়া ৰাষ্ট্ৰখনত। ৰাৱালপিণ্ডী, লাহোৰ আৰু কৰাচীত আৰ্মী কেম্প আছে। জানিব পৰা মতে, ৰাৱালপিণ্ডিৰ আৰ্মী কেম্প ড্ৰ’নৰ আক্ৰমণত ধ্বংস হৈ গৈছে।

ভাৰতৰ আক্ৰমণত লাহোৰৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাও ধ্বংস হৈছে।

উল্লেখ্য যে পাকিস্তানে ভাৰতৰ অৱন্তীপুৰা, শ্ৰীনগৰ, জম্মু, পাঠানকোট, অমৃতসৰ, কাপুৰথালা, জলন্ধৰ, লুধিয়ানা, আদমপুৰ, বাথিণ্ডা, চণ্ডীগড়, নল, ফালোডী, উত্তৰলাই, ভূজ আজি সামৰিক ঘাটিত আক্ৰমণ চলাইছিল। যদিও ভাৰতৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই পাকিস্তানৰ প্ৰচেষ্টাক বিফল কৰি তুলিছিল।


ইয়াৰ প্ৰত্যুত্তৰস্বৰূপে ভাৰতে আজি পাকিস্তানৰ বিভিন্ন স্থানত ২৫টাকৈ ড্ৰন আক্ৰমণ সংঘটিত কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement