--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পেহেলগাম আক্ৰমণৰ পাছত পাকিস্তানী নাগৰিকক প্ৰদান কৰা ভিছা বাতিল কৰিলে ভাৰতে। চিচিএছৰ বৈঠকত ভাৰতে সিদ্ধান্ত লৈছিল যে পাকিস্তানী নাগৰিকক প্ৰদান কৰা হ্ৰস্বম্যাদী ভিছা ২৭ এপ্ৰিলৰ পাছত বাতিল কৰা বুলি গণ্য কৰা হ’ব। ২৯ এপ্ৰিলৰ পাছত মেডিকেল ভিছাও বাতিল বুলি গণ্য কৰা হ’ব। এতিয়া এজন এজনকৈ পাকিস্তানী ঘূৰিছে গৃহভূমিলৈ। ৰাজ্য চৰকাৰসমূহে ৰাজ্যই ৰাজ্যই উপস্থিত উপস্থিত থকা পাকিস্তানীক বিচাৰি চালথ কৰিছে।

ভিছা লৈ বিহাৰত আছিল ১৯ গৰাকী পাকিস্তানী ৷ বিহাৰ চৰকাৰৰ গৃহ বিভাগৰ অতিৰিক্ত মুখ্য সচিব অৰবিন্দ কুমাৰ চৌধাৰীয়ে এই সন্দৰ্ভত তথ্য প্ৰদান কৰে। সকলো পাকিস্তানী নাগৰিককক উভতাই পঠিওৱাৰ ব্যৱস্থা কৰিছে বিহাৰ প্ৰশাসনে।

সৰ্বাধিক পাকিস্তানী নাগৰিকৰ সংখ্যা মহাৰাষ্ট্ৰত ৷ ফাড়নবিছ চৰকাৰৰ মন্ত্ৰী যোগেশ কদমে কয় যে ৰাজ্যখনত প্ৰায় ১০০০ পাকিস্তানী নাগৰিকে হ্ৰস্বম্যাদী আৰু ৪ হাজাৰ পাকিস্তানী দীৰ্ঘম্যাদী ভিছাত মহাৰাষ্ট্ৰত বাস কৰিছে। ২৭ এপ্ৰিলৰ ভিতৰত আটাইকে দেশ এৰি যাবলৈ কোৱা হৈছে।

যোৱা তিনিদিনত ৱাগাহ সীমান্তৰে পাকিস্তানৰ পৰা ভাৰতলৈ উভতিল ৪৫০ জনতকৈ অধিক ভাৰতীয় ৷ ২০০ গৰাকী পাকিস্তানী নাগৰিক ভাৰতৰ পৰা হ'ল ঘৰমুৱা ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ