--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পেহেলগাম আক্ৰমণৰ পাছত পাকিস্তানী নাগৰিকক প্ৰদান কৰা ভিছা বাতিল কৰিলে ভাৰতে। চিচিএছৰ বৈঠকত ভাৰতে সিদ্ধান্ত লৈছিল যে পাকিস্তানী নাগৰিকক প্ৰদান কৰা হ্ৰস্বম্যাদী ভিছা ২৭ এপ্ৰিলৰ পাছত বাতিল কৰা বুলি গণ্য কৰা হ’ব। ২৯ এপ্ৰিলৰ পাছত মেডিকেল ভিছাও বাতিল বুলি গণ্য কৰা হ’ব। এতিয়া এজন এজনকৈ পাকিস্তানী ঘূৰিছে গৃহভূমিলৈ। ৰাজ্য চৰকাৰসমূহে ৰাজ্যই ৰাজ্যই উপস্থিত উপস্থিত থকা পাকিস্তানীক বিচাৰি চালথ কৰিছে।

ভিছা লৈ বিহাৰত আছিল ১৯ গৰাকী পাকিস্তানী ৷ বিহাৰ চৰকাৰৰ গৃহ বিভাগৰ অতিৰিক্ত মুখ্য সচিব অৰবিন্দ কুমাৰ চৌধাৰীয়ে এই সন্দৰ্ভত তথ্য প্ৰদান কৰে। সকলো পাকিস্তানী নাগৰিককক উভতাই পঠিওৱাৰ ব্যৱস্থা কৰিছে বিহাৰ প্ৰশাসনে।

সৰ্বাধিক পাকিস্তানী নাগৰিকৰ সংখ্যা মহাৰাষ্ট্ৰত ৷ ফাড়নবিছ চৰকাৰৰ মন্ত্ৰী যোগেশ কদমে কয় যে ৰাজ্যখনত প্ৰায় ১০০০ পাকিস্তানী নাগৰিকে হ্ৰস্বম্যাদী আৰু ৪ হাজাৰ পাকিস্তানী দীৰ্ঘম্যাদী ভিছাত মহাৰাষ্ট্ৰত বাস কৰিছে। ২৭ এপ্ৰিলৰ ভিতৰত আটাইকে দেশ এৰি যাবলৈ কোৱা হৈছে।

যোৱা তিনিদিনত ৱাগাহ সীমান্তৰে পাকিস্তানৰ পৰা ভাৰতলৈ উভতিল ৪৫০ জনতকৈ অধিক ভাৰতীয় ৷ ২০০ গৰাকী পাকিস্তানী নাগৰিক ভাৰতৰ পৰা হ'ল ঘৰমুৱা ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ