--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গুৰুগ্ৰামৰ গাতে লাগি থকা হাৰিয়ানাৰ নুহ জিলাৰ দিল্লী-মুম্বাই এক্সপ্ৰেছৱেত শনিবাৰে পুৱা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই ঘটনাত ৭ জন লোকৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে ৪ জন আহত হয়। মৃত লোকসকলৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰক্ষীয়ে। আহতসকলক চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত অভিযুক্ত চালকজনে স্থানৰ পৰা পলায়ন কৰে।

খবৰ অনুসৰি, নুহ থানাৰ ফিৰোজপুৰ ঝিৰকা সীমান্তৰ ইব্ৰাহিমৱা গাঁৱৰ সমীপত আজি পুৱা ১০ বজাৰ ওচৰত দিল্লী-মুম্বাই এক্সপ্ৰেছৱে’ত এখন অনিয়ন্ত্ৰিত পিকআপ বাহনে ১১জন চাফাই কৰ্মীক খুন্দিয়ায়। এই মৰ্মান্তিক পথ দুৰ্ঘটনাত ৭ জন লোকৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে গুৰুতৰভাৱে চাৰিজন আহত হয়। তেওঁলোকক চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰা হৈছে, য’ত তেওঁলোকৰ অৱস্থা সংকটজনক হৈয়ে আছে। অৱশ্যে এতিয়াও চিনাক্ত হোৱা নাই মৃতকসকল। মৃত্যু হোৱাসকলৰ ভিতৰত ৬ গৰাকী মহিলাও আছে

জানিব পৰা গৈছে যে আজি পুৱা প্ৰায় ১০ বজাত চাফাই কৰ্মীয়ে দিল্লী-মুম্বাই এক্সপ্ৰেছৱেৰ চাফাই কাম কৰি আছিল। ইফালে তীব্ৰবেগী পিকআপ এখনে এই কৰ্মচাৰীসকলক মহতিয়াই নিয়ে। এই সংঘৰ্ষ ইমানেই ভয়াৱহ আছিল যে ৭ জন কৰ্মচাৰীৰ থিতাতে মৃত্যু হয়। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত সেই স্থানতে চিঞৰ-বাখৰ আৰু হুলস্থূল হয়। ওচৰৰ লোকসকলে লগে লগে আৰক্ষীক খবৰ দি আহতসকলক চিকিৎসালয়লৈ নিয়াৰ ক্ষেত্ৰত সহায় কৰে। ইয়াৰ পিছতে আৰক্ষী, এম্বুলেন্স আৰু পথ সুৰক্ষা সংস্থাৰ দল উপস্থিত হয়। 

দুৰ্ঘটনাৰ পিছত পিকআপখনৰ চালকজনে গাড়ীখন ঠাইতে এৰি পলায়ন কৰে। আৰক্ষীয়ে তেওঁক বিচাৰি আছে। লগতে এক্সপ্ৰেছৱেৰ বিভিন্ন স্থানত স্থাপন কৰা চিচিটিভি কেমেৰাৰ সহায়ত তেওঁক চিনাক্ত কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে। দুৰ্ঘটনাৰ আঁৰৰ কাৰণ জানিবলৈও প্ৰয়াস কৰা হৈছে।

আৰক্ষীৰ মুখপাত্ৰই জনোৱা মতে, দুৰ্ঘটনাত নিহত আৰু আহতসকলক এতিয়াও চিনাক্ত কৰিব পৰা হোৱা নাই। যিজন ঠিকাদাৰৰ অধীনত কৰ্মচাৰীসকলে কাম কৰি আছিল, সেইজনো এতিয়ালৈকে আগবাঢ়ি অহা নাই। ঠিকাদাৰৰ আগমনৰ পিছত আহত আৰু মৃতকক চিনাক্ত কৰা হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ