--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পেহেলগামৰ সন্ত্রাসবাদী আক্ৰমণৰ পাছত সকলো পাকিস্তানী নাগৰিকক ভাৰত ত্যাগৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্রী অমিত শ্বাহে নির্দেশ দিয়াৰ পাছতে হাহাকাৰ লাগিছে ভাৰতত থকা পাকিস্তানী হিন্দু শৰণাৰ্থীসকলৰ মাজত। 

পাকিস্তানত হিন্দু সংখ্যালঘুসকলক কৰা অকথ্য নিৰ্যাতনৰ কথা মনত পেলাই পাকিস্তানী হিন্দু শৰণাৰ্থীসকল চিন্তিত হৈ পৰিছে। ভাৰতে ইতিমধ্যে পাকিস্তানী নাগৰিকসকলক ভাৰত ত্যাগৰ বাবে দেওবাৰলৈকে চূড়ান্ত সময়সীমা বান্ধি দিছে। অৱশ্যে, দীর্ঘদিনৰ ভিছা লৈ ভাৰতত থকা পাকিস্তানী হিন্দু শৰণাৰ্থীসকলে এই বিষয়ত চিন্তা কৰাৰ প্ৰয়োজন নাই। কিন্তু যিসকল হিন্দু শৰণার্থীয়ে হ্রস্বম্যাদী ভিছা লৈ ভাৰতত আছে সেইসকলৰ ক্ষেত্ৰত সকাহ প্রদান কৰা নাই ভাৰত চৰকাৰে। 

এইসকল হিন্দু শৰণাৰ্থীয়ে পুনৰ পাকিস্তানলৈ উভতি গ'লে তেওঁলোকৰ জীৱন সংকটাপূর্ণ হোৱাৰ আশংকা কৰিছে। ৰাজস্থানৰ জয়ছালমেৰত থকা এটা শৰণাৰ্থী কলনিৰ বাসিন্দাসকলে সংবাদমাধ্যমক তেওঁলোকৰ শংকা ব্যক্ত কৰিছে। বাঘা-আটাৰী সীমান্তয়েদি ভাৰতত প্ৰৱেশ কৰা মূলসাগৰ গাঁওস্থিত 'একলব্য ভিল বস্তি'ত বাস কৰি থকা এহেজাৰ হিন্দু শৰণার্থীয়ে হাম্বম্যাদী ভিছা লৈ ভাৰতত বাস কৰি আছে। কিন্তু ২৭ এপ্রিল তাৰিখ ভাৰত ত্যাগৰ অন্তিম সময়সীমা হোৱাত তেওঁলোক উদ্বিগ্ন হৈ পৰিছে। 

নিৰৱচ্ছিন্ন নিৰ্যাতনৰ পাছত খেতুৰামে পৰিয়ালসহ পেহেলগাম-কাণ্ডৰ কেইঘণ্টামান পূর্বেহে পাকিস্তানৰ সিন্ধু প্রদেশৰ পৰা আহি ভাৰতত উপস্থিত হৈছিল। খেতুৰামে সাংবাদিকক কয় যে 'নৰক-সদৃশ পাকিস্তানলৈ তেওঁ পুনৰ কেনেকৈ ঘূৰি যাব। তেওঁ কয়, 'ভাৰততে মৰিম, কিন্তু নৰক-সদৃশ পাকিস্তানলৈ ঘূৰি নাযাওঁ।' তদুপৰি, একলব্য বস্তিৰ এনেকুৱা উদাহৰণ আৰু বহুত আছে। বস্তিটোৰ হিন্দু শৰণাৰ্থীসকলে তেওঁলোকৰ বিষয়টো বিবেচনা কৰিবলৈ প্রধানমন্ত্রী মোদীক আহ্বান জনাইছে।


উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ