--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত যেন বাজি উঠিছে যুদ্ধৰ দামামা। মোদী চৰকাৰে গ্ৰহণ কৰিছে পাকিস্তানৰ বিৰুদ্ধে অতি কঠোৰ সিদ্ধান্ত। কাশ্মীৰৰ পেহেলগামত ধৰ্মৰ পৰিচয় লৈ ২৬গৰাকী পর্যটকক সন্ত্রাসবাদীয়ে নৃশংসভাবে হত্যা কৰাৰ পাছতে কেন্দ্ৰীয় চৰকাৰে সন্ত্রাসবাদৰ বিৰুদ্ধে আৰু সন্ত্রাসবাদীৰ ফেক্টৰী পাকিস্তানৰ বিৰুদ্ধে ধৰিছে ৰুদ্ৰমূর্তি। 

পেহেলগামৰ ঘটনাৰ পাছতে বিদেশ ভ্রমণ আধাতে সামৰি দেশলৈ ঘূৰি অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাসগৃহত আজি নিৰাপত্তা বিষয়ৰ কেবিনেট কমিটীৰ জৰুৰী বৈঠক অনুষ্ঠিত হয়। এই বৈঠকতে পাকিস্তানৰ নাগৰিকক ভিছা প্রদান নকৰাৰ লগতে সিন্ধু জল চুক্তি বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। 

আনহাতে, পাকিস্তানী দূতাৱাসৰ শক্তি হ্রাস কৰাৰ সিদ্ধান্ত গ্রহণ কৰাৰ লগতে পাক উচ্চায়োগৰ কেইবাজনো বিষয়া-কর্মচাৰীক শীঘ্ৰে ভাৰত ত্যাগৰ নিৰ্দেশ দিয়া হৈছে। ধৰ্মৰ নামত, জেহাদৰ নামত ভাৰতত আতংকৰ সৃষ্টি কৰি অহা পাকিস্তানৰ আৰু পাকিস্তান সমর্থিত সন্ত্রাসবাদীৰ সন্মুখত এইবাৰ বজ্রকঠোৰ ৰূপ লৈ থিয় দিব খুজিছে ভাৰত চৰকাৰে। ইয়াৰে ইংগিত হিচাপে আজি এই নিৰ্দেশাৱলী প্ৰেৰণ কৰা হৈছে। বৈঠকত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু গৃহ মন্ত্ৰী অমিত শ্বাহৰ লগতে বিদেশ মন্ত্রী এছ জয়শংকৰ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালেও অংশ গ্রহণ কৰে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ