--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত যেন বাজি উঠিছে যুদ্ধৰ দামামা। মোদী চৰকাৰে গ্ৰহণ কৰিছে পাকিস্তানৰ বিৰুদ্ধে অতি কঠোৰ সিদ্ধান্ত। কাশ্মীৰৰ পেহেলগামত ধৰ্মৰ পৰিচয় লৈ ২৬গৰাকী পর্যটকক সন্ত্রাসবাদীয়ে নৃশংসভাবে হত্যা কৰাৰ পাছতে কেন্দ্ৰীয় চৰকাৰে সন্ত্রাসবাদৰ বিৰুদ্ধে আৰু সন্ত্রাসবাদীৰ ফেক্টৰী পাকিস্তানৰ বিৰুদ্ধে ধৰিছে ৰুদ্ৰমূর্তি। 

পেহেলগামৰ ঘটনাৰ পাছতে বিদেশ ভ্রমণ আধাতে সামৰি দেশলৈ ঘূৰি অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাসগৃহত আজি নিৰাপত্তা বিষয়ৰ কেবিনেট কমিটীৰ জৰুৰী বৈঠক অনুষ্ঠিত হয়। এই বৈঠকতে পাকিস্তানৰ নাগৰিকক ভিছা প্রদান নকৰাৰ লগতে সিন্ধু জল চুক্তি বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। 

আনহাতে, পাকিস্তানী দূতাৱাসৰ শক্তি হ্রাস কৰাৰ সিদ্ধান্ত গ্রহণ কৰাৰ লগতে পাক উচ্চায়োগৰ কেইবাজনো বিষয়া-কর্মচাৰীক শীঘ্ৰে ভাৰত ত্যাগৰ নিৰ্দেশ দিয়া হৈছে। ধৰ্মৰ নামত, জেহাদৰ নামত ভাৰতত আতংকৰ সৃষ্টি কৰি অহা পাকিস্তানৰ আৰু পাকিস্তান সমর্থিত সন্ত্রাসবাদীৰ সন্মুখত এইবাৰ বজ্রকঠোৰ ৰূপ লৈ থিয় দিব খুজিছে ভাৰত চৰকাৰে। ইয়াৰে ইংগিত হিচাপে আজি এই নিৰ্দেশাৱলী প্ৰেৰণ কৰা হৈছে। বৈঠকত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু গৃহ মন্ত্ৰী অমিত শ্বাহৰ লগতে বিদেশ মন্ত্রী এছ জয়শংকৰ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালেও অংশ গ্রহণ কৰে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ