--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : পাকিস্তানলৈ পুঁজি যোগানৰ সন্দৰ্ভত বাধা দিবলৈ ভাৰতে বিশ্ব বেংক আৰু সন্ত্রাসবাদীলৈ পুঁজি যোগানৰ দৃষ্টি ৰখা সংস্থা এফ এ টি এফৰ সহায় বিচাৰিব।

 ঋণ লক্ষ্যতে ভৰসা কৰা পাক অর্থনীতিক বিধ্বস্ত কৰিবলৈ ভাৰতে পৰিকল্পনা কৰিছে। সূত্ৰসমূহে প্রকাশ কৰিছে যে জুন মাহত পাকিস্তানলৈ ২০ বিলিয়ন ডলাৰ প্ৰদানৰ সম্ভাব্য অনুমোদনৰ ক্ষেত্ৰত বিশ্ব বেংকক তেওঁলোকৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ ভাৰতে আহ্বান জনাব। ভাৰতে লগতে এফ টি এফক পাকিস্তানক পুনৰ 'গ্রে লিষ্ট'ত অন্তর্ভুক্ত কৰিবলৈ অনুৰোধ জনাব, যাৰ ফলত পাকিস্তানৰ বিত্তীয় লেনদেনৰ ওপৰত তীক্ষ্ণ নিৰীক্ষণ কৰা হ'ব আৰু বিদেশী বিনিয়োগো নিয়ন্ত্রিত হ'ব। 

পাকিস্তানক ২০১৮ চনৰ জুন মাহত 'গ্রে লিষ্ট'ত অন্তর্ভুক্ত কৰা হৈছিল যদিও পাক চৰকাৰে সন্ত্রাসবাদীলৈ পুঁজি যোগান বন্ধ কৰিব বুলি প্রতিশ্রুতি দিয়াত ২০২২ চনৰ অক্টোবৰত দেশখনক এই তালিকাৰ পৰা বাদ দিয়া হৈছিল। অলপতে পাকিস্তানে আই এম এফৰ পৰা লাভ কৰা প্রায় ৮,৫০০ কোটি টকাৰ সাহায্য সন্দৰ্ভত ভাৰতে আপত্তি দর্শাইছিল। 

আই এম এফৰ পৰিসংখ্যাৰ উদ্ধৃতিৰে ভাৰতে সদৰী কৰে যে পাকিস্তানত চলি থকা ২৮ সহযোগিতা কাৰ্যসূচীৰ পুঁজি অস্ত্র-শস্ত্র ক্রয় কৰাৰ বাবে কৰিবলৈ নহয়। অৱশ্যে, পাকিস্তানলৈ পৰৱৰ্তী ব্যৱহাৰ হয়, বিত্তীয় অৱস্থা উন্নত সময়ত পুঁজি যোগানৰ ক্ষেত্রত আই এম এফে ১১টা নতুন চৰ্ত আৰোপ কৰাৰ কথা ঘোষণা কৰাত ভাৰতে আদৰণি জনাইছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত