--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ বিতৰ্কিত অভিনেত্ৰী ৰাখী সাৱন্ত পুনৰ চৰ্চালৈ আহিছে। অভিনেত্ৰীগৰাকীয়ে তেওঁৰ নতুন প্ৰেমিকৰ সন্মুখত কান্দিছে।  সমস্যাটো হৈছে প্ৰাক্তন স্বামী ৰীতেশৰ সৈতে। ৰীতেশে অল ইণ্ডিয়া মিডিয়াক কৈছিল যে ৰাখীয়ে তেওঁৰ বিৰুদ্ধে আৰক্ষী চকীত অভিযোগ দাখিল কৰিছে। ৰাখীয়েও ইয়াক স্বীকাৰ কৰিছে।

আৰক্ষী থানাত শেহতীয়াকৈ কৰা এক অভিযোগত ৰাখীয়ে কয়, "মোৰ ছ'চিয়েল মিডিয়া একাউণ্ট ৰীতেশে হেক কৰিছে। বিয়াৰ পিছত, তেওঁ মোৰ একাউণ্ট চলাইছিল। তাৰ পিছত মই মোৰ পাছৱৰ্ড সলনি কৰা নাছিলো। কিন্তু এতিয়া মই দেখিছো যে তেওঁ মোৰ একাউণ্ট হেক কৰিছে। ফলস্বৰূপে, মই এতিয়া আনকি অনলাইন লেনদেনো কৰিব নোৱাৰো। "ৰাখীৰ প্ৰেমিক এই সময়ত তাইৰ কাষত আছিল। তেওঁ ৰাখীৰ কথাৰ সৈতেও একমত।

ৰাখীয়ে আনকি তেওঁৰ প্ৰাক্তন স্বামী ৰীতেশে উপহাৰ দিয়া বেলেনো গাড়ীও ঘূৰাই দিছে। কিয়নো তেওঁৰ বৰ্তমানৰ প্ৰেমিক আদিলে তেওঁক সকলো ঘৰ আৰু গাড়ী সকলো দিছে। ৰীতেশৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি ৰাখীয়ে লগতে কয়, "ৰীতেশে মোক ভুৱা গহনাৰে প্ৰতাৰণা কৰিছিল। মই সোণৰ গহনা বুলি ভাবিছিলো যদিও সেইয়া  প্ৰকৃততে ৰূপৰ গহনা আছিল। 

ৰীতেশৰ বিষয়ে ৰাখীৰ অভিযোগ ইমানতে শেষ নহয়। ৰাখীয়ে এইটোও অভিযোগ কৰিছিল যে  বিয়াৰ পিছত তেওঁক চাৰিবাৰ ঘৰৰ পৰা বাহিৰ কৰি দিয়া হৈছিল। ৰীতেশে তেওঁক অশিক্ষিত বুলি ও কৈছিল। কিন্তু ৰাখীয়ে দাবী কৰে যে তেওঁ ৰীতেশক সঁচাকৈয়ে ভাল পাইছিল। 

ৰীতেশ বিবাহিত হৈছিল। ৰাখীয়ে দাবী কৰিছে যে তেওঁ লুকুৱাই ৰাখি সম্পৰ্কটো জীয়াই ৰাখিব নিবিচাৰিছিল। ৰাখীৰ তেওঁৰ প্ৰতি  থকা মৰম, বিয়া হোৱাটো সকলো সঁচা আছিল বুলি ৰাখীয়ে কয়।



FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত