--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ শচীন তেণ্ডুলকাৰ আৰু ছোৱেইব আখতাৰৰ বেট-বলৰ যুঁজৰ কাহিনী ইমান বছৰৰ পাছতো বাৰে বাৰে উন্মেষ ঘটে। নিজৰ সময়ৰ আটাইতকৈ দ্ৰুততম বলাৰ ছোৱেইবক মাষ্টাৰ ব্লাষ্টাৰশচীনৰ বিৰুদ্ধে ৰোমাঞ্চকৰ যুঁজখনৰ বাবে সকলোৱে আগ্ৰহেৰে বাট চাই আছিল। ২০০৬ চনত ভাৰতীয় দলটোৱে পাকিস্তান ভ্ৰমণৰ সময়ত তেওঁলোকৰ সংগ্ৰামৰ এনে এটা কাহিনী শেহতীয়াকৈ উত্থাপন কৰিছে ছোৱেইব আখতাৰে। শচীনৰ মূৰত বল মাৰি আহত কৰিব বিচাৰিছিল বুলিও জনাইছে আখতাৰে।

 

২০০৬ চনৰ ভাৰত-পাকিস্তানৰ মাজত টেষ্ট শৃংখলাৰ অন্তিমখন খেল অনুষ্ঠিত হৈছিল কৰাচীত। সেই মেচখনৰ এটা ঘটনাৰ বিষয়ে স্পৰ্টস্কিডাকত উনুকিয়াইছে ছোৱেইব আখতাৰে । তেওঁ কয়, ‘এই কাহিনীটো মই প্ৰথমবাৰৰ বাবে কবলৈ লৈছো। ইচ্ছাকৃতভাৱে সেই টেষ্টত শচীনক আহত কৰিব বিচাৰিছিলো। ইঞ্জামামে বাৰে বাৰে মোক বলটো উইকেটৰ আগত ৰাখিবলৈ কৈছিল, কিন্তু মোৰ লক্ষ্য আছিল শচীনক আঘাত কৰা। তেনেকৈয়ে মই তেওঁৰ হেলমেটত বলটো মাৰিবলৈ সক্ষম হৈছিলো আৰু মনতে ভাবিছিলো যে মোৰ উদ্দেশ্য পূৰণ হল। কিন্তু ভিডিঅটো চোৱাৰ পিছত বুজিছিলোঁ যে শচীনে নিজকে বচাবলৈ সক্ষম হৈছে।

 

আখতাৰে লগতে কয় যে যদিও তেওঁ অহৰহ শচীনক আঘাত কৰাৰ চেষ্টা চলাই গৈছিল, তথাপি প্ৰকৃত কামটো কৰিছিল মহম্মদ আছিফে। প্ৰাক্তন পাক তাৰকাগৰাকীয়ে লগেত কয়, ‘মই শচীনক পুনৰ আঘাত কৰিবলৈ চেষ্টা কৰি থাকিলোঁ। আনহাতে, ভাৰতীয় বেটছমেনজনে আছিফৰ বিৰুদ্ধে যুঁজি আছিল। সেইদিনা আছিফে যি কৰিলে, মই মোৰ জীৱনত এনে কাম কৰা মানুহ খুব কমেইহে দেখিছোঁ।

 

কৰাচীৰ এই টেষ্ট মেচখন কেইবাটাও কাৰণত স্মৰণীয় হৈ ৰব ক্ৰিকেট ইতিহাসত। এইখন টেষ্টতে ইৰফান পাঠাৰ হেট্ৰিকৰ পাছতো আছিফে প্ৰথম ইনিংছত ৪টা আৰু দ্বিতীয় ইনিংছত ৩টা উইকেট দখল কৰি পাকিস্তানক ৩৪১ ৰানৰ বিশাল ব্যৱধানত জয়লাভ কৰিছিল। কৰাচী টেষ্টত জয়লাভ কৰাৰ পাছত পাকিস্তানে  ১-০ৰ ব্যৱধানত টেষ্ট শৃংখলাত জয়ী হবলৈ সক্ষম হৈছিল৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
মণিপুৰৰ কাংপকপীত ২৫একৰ ভূমিৰ আফিং খেতি ধ্বংস, আছাম ৰাইফলছৰ অভিযান
জুবিন গাৰ্গৰ স্মৃতিত 'জুবিন' কালেকশ্যন মুকলি
দিল্লীৰ বিস্ফোৰণত সাঙোৰ খাইছে এগৰাকী মণিপুৰী যুৱতীৰ নাম
২০২৭ত মহাকাশলৈ মানৱসহ ভাৰতে প্ৰেৰণ কৰিব প্ৰথমখন মহাকাশ যান, ২০২৮ চনত চন্দ্রলৈ প্ৰেৰণৰ লক্ষ্য চন্দ্রযান-৪
সেমেকা মন, সেমেকা দুচকু; ‘হিয়াৰ আমঠু’ অবিহনে আজি প্ৰথমটো জন্মদিন উদযাপন অসমীয়াৰ
নগৰবেৰাত ১২টা চুৰি গৰু জব্দ; গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী চাত্তাৰ আলী আৰু আবেদ আলী
ঘৰত অপৰাজিতাৰ ফুল থকাটো অতি শুভ! কোন দিশত ৰোপণ কৰিলে শুভফল পোৱা যায়, জানেনে?
দিল্লী ৰক্তাক্ত কৰা ৫ ডাক্তৰৰ গেং
ৰাজ্যত পুনৰ বন্যহস্তীৰ কৰুণ মৃত্যু , এমাহৰ ভিতৰতে চাৰিটাকৈ বন্যহস্তীৰ মৃত্যু ওদালগুৰিত
ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ সফল অভিযান, লক্ষীপুৰত জব্দ বৃহৎ পৰিমাণৰ হেৰ’ইন
ধুবুৰীৰ ভাৰত বাংলাদেশ সীমান্তবৰ্তী অঞ্চলত ভাৰতীয় জালনোটসহ এজন যুৱক আটক
১২ দিনত উপার্জন ২০ কোটি টকা, সফলতাৰ শিখৰত 'ৰৈ ৰৈ বিনালে'
জম্মু-কাশ্মীৰৰ ১৫০০ স্থানত তালাচী, পাঁচ শতাধিক লোকক আটক
দুৰ্নীতিগ্ৰস্থ ACS নূপুৰ বৰাৰ নতুন বিপদ ; পুনৰ গ্ৰেপ্তাৰ হ'ব পাৰে ACS বিষয়া গৰাকী