--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ শচীন তেণ্ডুলকাৰ আৰু ছোৱেইব আখতাৰৰ বেট-বলৰ যুঁজৰ কাহিনী ইমান বছৰৰ পাছতো বাৰে বাৰে উন্মেষ ঘটে। নিজৰ সময়ৰ আটাইতকৈ দ্ৰুততম বলাৰ ছোৱেইবক মাষ্টাৰ ব্লাষ্টাৰশচীনৰ বিৰুদ্ধে ৰোমাঞ্চকৰ যুঁজখনৰ বাবে সকলোৱে আগ্ৰহেৰে বাট চাই আছিল। ২০০৬ চনত ভাৰতীয় দলটোৱে পাকিস্তান ভ্ৰমণৰ সময়ত তেওঁলোকৰ সংগ্ৰামৰ এনে এটা কাহিনী শেহতীয়াকৈ উত্থাপন কৰিছে ছোৱেইব আখতাৰে। শচীনৰ মূৰত বল মাৰি আহত কৰিব বিচাৰিছিল বুলিও জনাইছে আখতাৰে।

 

২০০৬ চনৰ ভাৰত-পাকিস্তানৰ মাজত টেষ্ট শৃংখলাৰ অন্তিমখন খেল অনুষ্ঠিত হৈছিল কৰাচীত। সেই মেচখনৰ এটা ঘটনাৰ বিষয়ে স্পৰ্টস্কিডাকত উনুকিয়াইছে ছোৱেইব আখতাৰে । তেওঁ কয়, ‘এই কাহিনীটো মই প্ৰথমবাৰৰ বাবে কবলৈ লৈছো। ইচ্ছাকৃতভাৱে সেই টেষ্টত শচীনক আহত কৰিব বিচাৰিছিলো। ইঞ্জামামে বাৰে বাৰে মোক বলটো উইকেটৰ আগত ৰাখিবলৈ কৈছিল, কিন্তু মোৰ লক্ষ্য আছিল শচীনক আঘাত কৰা। তেনেকৈয়ে মই তেওঁৰ হেলমেটত বলটো মাৰিবলৈ সক্ষম হৈছিলো আৰু মনতে ভাবিছিলো যে মোৰ উদ্দেশ্য পূৰণ হল। কিন্তু ভিডিঅটো চোৱাৰ পিছত বুজিছিলোঁ যে শচীনে নিজকে বচাবলৈ সক্ষম হৈছে।

 

আখতাৰে লগতে কয় যে যদিও তেওঁ অহৰহ শচীনক আঘাত কৰাৰ চেষ্টা চলাই গৈছিল, তথাপি প্ৰকৃত কামটো কৰিছিল মহম্মদ আছিফে। প্ৰাক্তন পাক তাৰকাগৰাকীয়ে লগেত কয়, ‘মই শচীনক পুনৰ আঘাত কৰিবলৈ চেষ্টা কৰি থাকিলোঁ। আনহাতে, ভাৰতীয় বেটছমেনজনে আছিফৰ বিৰুদ্ধে যুঁজি আছিল। সেইদিনা আছিফে যি কৰিলে, মই মোৰ জীৱনত এনে কাম কৰা মানুহ খুব কমেইহে দেখিছোঁ।

 

কৰাচীৰ এই টেষ্ট মেচখন কেইবাটাও কাৰণত স্মৰণীয় হৈ ৰব ক্ৰিকেট ইতিহাসত। এইখন টেষ্টতে ইৰফান পাঠাৰ হেট্ৰিকৰ পাছতো আছিফে প্ৰথম ইনিংছত ৪টা আৰু দ্বিতীয় ইনিংছত ৩টা উইকেট দখল কৰি পাকিস্তানক ৩৪১ ৰানৰ বিশাল ব্যৱধানত জয়লাভ কৰিছিল। কৰাচী টেষ্টত জয়লাভ কৰাৰ পাছত পাকিস্তানে  ১-০ৰ ব্যৱধানত টেষ্ট শৃংখলাত জয়ী হবলৈ সক্ষম হৈছিল৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ