--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মোদী চৰকাৰে প্ৰধানমন্ত্ৰী কিষাণ যোজনা আঁচনিলৈ এটা  ভাল খবৰ দিবলৈ সাজু হৈছে। আঁচনিৰ ধনখিনি এই সপ্তাহৰ ভিতৰতে কৃষকৰ একাউণ্টত জমা হব। প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ ১১ তম কিস্তি মঙলবাৰে অৰ্থাৎ কাইলৈ কৃষকৰ একাউণ্টত জমা হব। প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে ১০ কোটিতকৈও অধিক কৃষকৰ একাউণ্টলৈ এই ধন প্ৰেৰণ কৰিব।


এই সন্দৰ্ভত দেওবাৰে কৃষি মন্ত্ৰালয়ে এক বিবৃতি প্ৰদান কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হিমাচল প্ৰদেশৰ চিমলাৰ পৰা প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ ১১ তম কিস্তি মুকলি কৰিব। ইয়াৰ উপৰিও, প্ৰধানমন্ত্ৰীয়ে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে হিতাধিকাৰীসকলৰ সৈতে বাৰ্তালাপ কৰিব।


কৃষি মন্ত্ৰালয়ৰ মতে, "প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ অধীনত চৰকাৰে একাদশ কিস্তিৰ বাবে ২১,০০০ কোটি টকা প্ৰদান কৰিব। লক্ষণীয় যে এই পিএম-কিষাণ আঁচনিৰ অধীনত হিতাধিকাৰীসকলে প্ৰতি বছৰে ৬,০০০ টকা লাভ কৰে। এই টকাখিনি ২০০০ টকাৰ কিস্তিত দিয়া হয়। এই আঁচনিৰ অধীনত, হিতাধিকাৰীসকলৰ একাউণ্টত পোনপটীয়াকৈ ধন জমা কৰা হয়। এই দিনটোত, ২০০০ টকাৰ হিচাপত ১০ কোটিৰো অধিক কৃষকৰ একাউণ্টত এই ধন জমা হ'ব।

পূৰ্বতে, এই আঁচনিৰ অধীনত এতিয়ালৈকে কৃষকৰ একাউণ্টত ১০ বাৰ  কিস্তি দিয়া হৈছে। অন্তিম কিস্তি অৰ্থাৎ দশম কিস্তি  ১ জানুৱাৰীত পৰিশোধ কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ