--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মোদী চৰকাৰে প্ৰধানমন্ত্ৰী কিষাণ যোজনা আঁচনিলৈ এটা  ভাল খবৰ দিবলৈ সাজু হৈছে। আঁচনিৰ ধনখিনি এই সপ্তাহৰ ভিতৰতে কৃষকৰ একাউণ্টত জমা হব। প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ ১১ তম কিস্তি মঙলবাৰে অৰ্থাৎ কাইলৈ কৃষকৰ একাউণ্টত জমা হব। প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে ১০ কোটিতকৈও অধিক কৃষকৰ একাউণ্টলৈ এই ধন প্ৰেৰণ কৰিব।

এই সন্দৰ্ভত দেওবাৰে কৃষি মন্ত্ৰালয়ে এক বিবৃতি প্ৰদান কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হিমাচল প্ৰদেশৰ চিমলাৰ পৰা প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ ১১ তম কিস্তি মুকলি কৰিব। ইয়াৰ উপৰিও, প্ৰধানমন্ত্ৰীয়ে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে হিতাধিকাৰীসকলৰ সৈতে বাৰ্তালাপ কৰিব।

কৃষি মন্ত্ৰালয়ৰ মতে, "প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ অধীনত চৰকাৰে একাদশ কিস্তিৰ বাবে ২১,০০০ কোটি টকা প্ৰদান কৰিব। লক্ষণীয় যে এই পিএম-কিষাণ আঁচনিৰ অধীনত হিতাধিকাৰীসকলে প্ৰতি বছৰে ৬,০০০ টকা লাভ কৰে। এই টকাখিনি ২০০০ টকাৰ কিস্তিত দিয়া হয়। এই আঁচনিৰ অধীনত, হিতাধিকাৰীসকলৰ একাউণ্টত পোনপটীয়াকৈ ধন জমা কৰা হয়। এই দিনটোত, ২০০০ টকাৰ হিচাপত ১০ কোটিৰো অধিক কৃষকৰ একাউণ্টত এই ধন জমা হ'ব।

পূৰ্বতে, এই আঁচনিৰ অধীনত এতিয়ালৈকে কৃষকৰ একাউণ্টত ১০ বাৰ  কিস্তি দিয়া হৈছে। অন্তিম কিস্তি অৰ্থাৎ দশম কিস্তি  ১ জানুৱাৰীত পৰিশোধ কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ