--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পয়গম্বৰ হজৰত মহম্মদৰ বিৰুদ্ধে টিভিৰ টকশ্ব’ত বিৰূপ মন্তব্য কৰি এতিয়া দেশ তথা বিদেশত প্ৰৱল প্ৰতিবাদৰ সন্মুখীন হোৱা নুপূৰ শৰ্মালৈ আহি আছে ধৰ্ষণ কৰি হত্যা কৰাৰ ভাবুকিৰ লগতে আন বহু ভাবুকি। এনে পৰিস্থিতিৰ মাজতে আজি উত্তৰ প্ৰদেশৰ এগৰাকী ধৰ্মীয় নেতাই আন এক বিস্ফোৰক মন্তব্য কৰিছে।মৌলানা তৌকীৰ ৰাজাই  নুপুৰ শৰ্মাৰ মন্তব্যৰ বিৰোধিতা কৰি কয় যে পয়গম্বৰক অপমান কৰাটো   সহ্য কৰিব পৰা কথা নহয়।

 আইএমচিৰ মুৰব্বী মৌলানা তৌকীৰ ৰাজাই  লগতে কয়  "আমি লাঠি আৰু গুলী খাবলৈ সাজু, কাৰাগাৰলৈ যাবলৈ সাজু কিয়নো পয়গম্বৰৰ অপমান সহ্য কৰিব নোৱাৰি"।

মৌলানা গৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক মহাভাৰতৰ ধৃতৰাষ্ট্ৰ সৈতে তুলনা কৰি  গান্ধীৰ হত্যাৰ বাবে বিজেপি আৰু আৰ এছ এছক দোষাৰোপ কৰে। তেওঁ লগতে কয় যে গান্ধীৰ দৰে ২০২৪ চনৰ নিৰ্বাচনত জয়ী হ'বলৈ বিজেপি আৰু আৰ এছ এছে নুপুৰ শৰ্মাকো হত্যা কৰিব পাৰে। 

তৌকীৰ ৰাজাই কয়, "প্ৰতিবাদত শিল, গুলীচালনাৰ দৰে ঘটনা য'তেই সংঘটিত হৈছে সেই বোৰৰ মই বিৰোধিতা কৰো । কাৰণ আৰক্ষীৰ সৈতে যুঁজ দিয়াৰ কোনো অৰ্থ নাই।  চৰকাৰৰ আদেশ মানিহে আৰক্ষীয়েও  কাম কৰিব লাগে। যদি চৰকাৰে আৰক্ষীক প্ৰতিবাদকাৰীসকলক চৰবত দিবলৈ কয়, আৰক্ষীয়ে তেনে কৰিবলৈ  বাধ্য হ'ব। প্ৰআৰু যদি আদেশ আহে তেন্তে আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলৰ ওপৰত লাঠী চালনাও কৰিব লাগিব।" 

মৌলানাগৰাকীয়ে লগতে কয় যে  তেওঁলোকৰ  যুঁজ কেন্দ্ৰীয় চৰকাৰৰ সৈতে, নৰেন্দ্ৰ মোদীয়ে ধৃতৰাষ্ট্ৰৰ ভূমিকা ত্যাগ কৰি  তৎক্ষণাৎ সিদ্ধান্ত লোৱা উচিত। নুপুৰ শৰ্মা আৰু এনে ধৰণৰ মন্তব্য কৰা সকলোকে গ্ৰেপ্তাৰ কৰা উচিত। নুপুৰ শৰ্মাক কাৰাগাৰলৈ প্ৰেৰণ কৰিব লাগে।

মৌলানা গৰাকীয়ে স্পষ্ট ভাষাৰে কয়’মই আশংকা কৰোঁ যে বিজেপিয়ে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত যিকোনো প্ৰকাৰে  জিকিব বিচাৰে। ২০২৪ চনৰ বাবে বিষয়বোৰ বিচাৰি উলিওৱা হৈছে,তাৰ ভিত্তিতে  সমগ্ৰ দেশতে এক পৰিৱেশ সৃষ্টি কৰিছে। এনে পৰিবেশ   ২০২৪ চনৰ বাবে  সৃষ্টি কৰা হৈছে। মই নুপুৰ শৰ্মাৰ জীৱনৰ প্ৰতি থকা ভাবুকিক লৈ চিন্তিত।  মই আশংকা কৰোঁ যে যিদৰে  মেৰুকৰণৰ বাবে হিন্দু-মুছলমানৰ মাজত সংঘৰ্ষ লগাবলৈ  গান্ধীজীক হত্যা কৰিছিল,একেদৰে নুপুৰ শৰ্মাক হত্যা কৰি হিন্দুৰ সহানুভূতি আদায় কৰিব বিচাৰিব পাৰে।’ 

তেওঁ নুপুৰ শৰ্মাৰ সুৰক্ষা নিশ্চিত কৰিবলৈ দাবী জনোৱাৰ লগতে  তেওঁৰ বাবে  কাৰাগাৰৰ বাহিৰে আন কোনো উন্নত সুৰক্ষাযুক্ত স্থান থাকিব নোৱাৰে বুলি মন্তব্য কৰে।

 

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু