--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পয়গম্বৰ হজৰত মহম্মদৰ বিৰুদ্ধে টিভিৰ টকশ্ব’ত বিৰূপ মন্তব্য কৰি এতিয়া দেশ তথা বিদেশত প্ৰৱল প্ৰতিবাদৰ সন্মুখীন হোৱা নুপূৰ শৰ্মালৈ আহি আছে ধৰ্ষণ কৰি হত্যা কৰাৰ ভাবুকিৰ লগতে আন বহু ভাবুকি। এনে পৰিস্থিতিৰ মাজতে আজি উত্তৰ প্ৰদেশৰ এগৰাকী ধৰ্মীয় নেতাই আন এক বিস্ফোৰক মন্তব্য কৰিছে।মৌলানা তৌকীৰ ৰাজাই  নুপুৰ শৰ্মাৰ মন্তব্যৰ বিৰোধিতা কৰি কয় যে পয়গম্বৰক অপমান কৰাটো   সহ্য কৰিব পৰা কথা নহয়।

 আইএমচিৰ মুৰব্বী মৌলানা তৌকীৰ ৰাজাই  লগতে কয়  "আমি লাঠি আৰু গুলী খাবলৈ সাজু, কাৰাগাৰলৈ যাবলৈ সাজু কিয়নো পয়গম্বৰৰ অপমান সহ্য কৰিব নোৱাৰি"।

মৌলানা গৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক মহাভাৰতৰ ধৃতৰাষ্ট্ৰ সৈতে তুলনা কৰি  গান্ধীৰ হত্যাৰ বাবে বিজেপি আৰু আৰ এছ এছক দোষাৰোপ কৰে। তেওঁ লগতে কয় যে গান্ধীৰ দৰে ২০২৪ চনৰ নিৰ্বাচনত জয়ী হ'বলৈ বিজেপি আৰু আৰ এছ এছে নুপুৰ শৰ্মাকো হত্যা কৰিব পাৰে। 

তৌকীৰ ৰাজাই কয়, "প্ৰতিবাদত শিল, গুলীচালনাৰ দৰে ঘটনা য'তেই সংঘটিত হৈছে সেই বোৰৰ মই বিৰোধিতা কৰো । কাৰণ আৰক্ষীৰ সৈতে যুঁজ দিয়াৰ কোনো অৰ্থ নাই।  চৰকাৰৰ আদেশ মানিহে আৰক্ষীয়েও  কাম কৰিব লাগে। যদি চৰকাৰে আৰক্ষীক প্ৰতিবাদকাৰীসকলক চৰবত দিবলৈ কয়, আৰক্ষীয়ে তেনে কৰিবলৈ  বাধ্য হ'ব। প্ৰআৰু যদি আদেশ আহে তেন্তে আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলৰ ওপৰত লাঠী চালনাও কৰিব লাগিব।" 

মৌলানাগৰাকীয়ে লগতে কয় যে  তেওঁলোকৰ  যুঁজ কেন্দ্ৰীয় চৰকাৰৰ সৈতে, নৰেন্দ্ৰ মোদীয়ে ধৃতৰাষ্ট্ৰৰ ভূমিকা ত্যাগ কৰি  তৎক্ষণাৎ সিদ্ধান্ত লোৱা উচিত। নুপুৰ শৰ্মা আৰু এনে ধৰণৰ মন্তব্য কৰা সকলোকে গ্ৰেপ্তাৰ কৰা উচিত। নুপুৰ শৰ্মাক কাৰাগাৰলৈ প্ৰেৰণ কৰিব লাগে।

মৌলানা গৰাকীয়ে স্পষ্ট ভাষাৰে কয়’মই আশংকা কৰোঁ যে বিজেপিয়ে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত যিকোনো প্ৰকাৰে  জিকিব বিচাৰে। ২০২৪ চনৰ বাবে বিষয়বোৰ বিচাৰি উলিওৱা হৈছে,তাৰ ভিত্তিতে  সমগ্ৰ দেশতে এক পৰিৱেশ সৃষ্টি কৰিছে। এনে পৰিবেশ   ২০২৪ চনৰ বাবে  সৃষ্টি কৰা হৈছে। মই নুপুৰ শৰ্মাৰ জীৱনৰ প্ৰতি থকা ভাবুকিক লৈ চিন্তিত।  মই আশংকা কৰোঁ যে যিদৰে  মেৰুকৰণৰ বাবে হিন্দু-মুছলমানৰ মাজত সংঘৰ্ষ লগাবলৈ  গান্ধীজীক হত্যা কৰিছিল,একেদৰে নুপুৰ শৰ্মাক হত্যা কৰি হিন্দুৰ সহানুভূতি আদায় কৰিব বিচাৰিব পাৰে।’ 

তেওঁ নুপুৰ শৰ্মাৰ সুৰক্ষা নিশ্চিত কৰিবলৈ দাবী জনোৱাৰ লগতে  তেওঁৰ বাবে  কাৰাগাৰৰ বাহিৰে আন কোনো উন্নত সুৰক্ষাযুক্ত স্থান থাকিব নোৱাৰে বুলি মন্তব্য কৰে।

 

FOLLOW US F
POPULAR
FEATURE
TRENDY
সমগ্ৰ দেশৰ উদীয়মান কলাকাৰসকলক উপযুক্ত মঞ্চ প্ৰদান কৰিবলৈ ‘য়শ ৰাজ ফিল্মছ’ৰ ‘ৰাহ ৰেকৰ্ডছ’ মুকলি
৭টা মূল দাবীৰ বাবে চৰকাৰক হেঁচা দিবলৈ ১০ আগষ্টৰ পৰা দেশজুৰি কৃষক আন্দোলন
আমেৰিকাত বিপদৰ সম্মুখীন হৈছে প্রায় ২০ হাজাৰ প্ৰব্ৰজিত শিশু; বিতাৰণৰ প্ৰবল সম্ভাৱনা
‘ষ্টাৰ চিমেণ্ট’ক ৯০লাখ টকাৰ লুণ্ঠন চাইবাৰ চক্ৰৰ; চিআইডিৰ তৎপৰতাত উদ্ধাৰ সমগ্ৰ ধন
বানাক্ৰান্তৰ বাবে ১.৫ লাখ টকাৰ অনুদান বিশিষ্ট অভিনেত্ৰী সীমা বিশ্বাসৰ
উজনিৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ