--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মঙলবাৰে সংঘটিত হোৱা পেহেলগামৰ আক্ৰমণৰ ঘটনাই সমগ্ৰ বিশ্বকে কঁপাই গ’ল। পেহেলগামৰ বৈছাৰণ উপত্যকাত সন্ত্ৰাসবাদীয়ে পৰ্যটক আৰু স্থানীয় লোকৰ ওপৰত নিৰ্বিচাৰ গুলীচালনা কৰে। এই আক্ৰমণত পৰ্যটক আৰু স্থানীয় লোককে ধৰি ২৬জন লোক নিহত হোৱাৰ লগতে কেইবাগৰাকীও লোক আহত হয়। 

ছ’চিয়েল মিডিয়াতো এই সমগ্ৰ আক্ৰমণক তীব্ৰ গৰিহণা দিছে বিশ্বৰ ভিন্ন প্ৰান্তৰ লোকে। এতিয়ালৈকে পাকিস্তানৰ কোনো খেলুৱৈয়ে এই বিষয়ে একো কোৱা নাছিল যদিও পেহেলগামৰ ঘটনাক লৈ গভীৰ দুখ প্ৰকাশ কৰিছে পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ মহম্মদ হাফিজে। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে মহম্মদ হাফিজৰ পোষ্ট। 

পাকিস্তান ক্ৰিকেট দলৰ হৈ দীৰ্ঘদিন ধৰি খেলাৰ লগতে অধিনায়কো আছিল মহম্মদ হাফিজ। এই ঘটনা সন্দৰ্ভত ছ’চিয়েল মিডিয়াত কিবা এটা লিখা তেওঁ প্ৰথমজন পাকিস্তানৰ খেলুৱৈ। মহম্মদ হাফিজে পেহেলগামৰ আক্ৰমণক দুখজনক আৰু হৃদয় বিদাৰক বুলি অভিহিত কৰিছে। লগতে পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ হেচটেগ ব্যৱহাৰ কৰিছে। ঘটনাটোক লৈ দুখ প্ৰকাশ কৰা বাবে পাকিস্তানী লোকে মহম্মদ হাফিজক ট্ৰল কৰিবলৈ আৰম্ভ কৰিছে।

উল্লেখ্য যে এই ঘটনা সন্দৰ্ভত বিচিচিআইয়েও ডাঙৰ সিদ্ধান্ত লৈছে। বৰ্তমান ভাৰতত আই পি এল চলি আছে আৰু বি চি চি আইয়ে সিদ্ধান্ত লৈছে যে বুধবাৰে অনুষ্ঠিত হ’বলগীয়া ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু মুম্বাই ইণ্ডিয়ানছৰ মাজত অনুষ্ঠিত হ’বলগীয়া খেলখনত সকলো খেলুৱৈয়ে বাহুত ক’লা বেজ পৰিধান কৰিব। লগতে খেলৰ সময়ত চিয়াৰলিডাৰ নাথাকিব আৰু আতচবাজীও নাথাকিব। বিচিচিআইয়ে লগতে জনাইছে যে খেল আৰম্ভ হোৱাৰ পূৰ্বে দুইমিনিট মৌনতা অৱলম্বন কৰা হ’ব, য’ত নিহতসকলৰ আত্মাৰ শান্তিৰ বাবে প্ৰাৰ্থনা কৰা হ’ব।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ