--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ভাৰতৰ হৈ দুটা অলিম্পিক পদক লাভ কৰা নীৰজ চোপ্ৰাই এন চি ক্লাছিক ইভেণ্টৰ বাবে পাকিস্তানী জেভেলিন নিক্ষেপকাৰী তথা পেৰিছ অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী আৰ্ছাদ নাদীমক দিয়া আমন্ত্ৰণক লৈ সৃষ্টি হোৱা বিতৰ্কক লৈ স্পষ্টীকৰণ দিছে। 

নীৰজে কয় যে এই অনুষ্ঠানত অংশগ্ৰহণৰ বাবে আৰ্ছাদৰ আমন্ত্ৰণ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ বহু আগতেই প্ৰেৰণ কৰা হৈছিল। তেওঁ আৰু তেওঁৰ পৰিয়ালে যি ধৰণৰ ঘৃণাৰ সন্মুখীন হৈছে সেয়া ভুল বুলি উল্লেখ কৰি ৰাইজে পৰিস্থিতি বুজিবলৈ চেষ্টা কৰা উচিত বুলিও তেওঁ মন্তব্য কৰে।

নীৰজে প্ৰকাশ কৰে যে এই বিষয়ত তেওঁ আৰু তেওঁৰ পৰিয়ালে বহু সমালোচনাৰ সন্মুখীন হৈছে। তেওঁ কয় যে পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত এই অনুষ্ঠানত আৰ্শ্বাদৰ অংশগ্ৰহণ এতিয়া সম্পূৰ্ণ অসম্ভৱ। 

ইনষ্টাগ্ৰাম পোষ্টত নীৰজে কয় যে মই সাধাৰণতে কম শব্দৰ ব্যক্তি, কিন্তু তাৰ অৰ্থ এইটো নহয় যে কিবা ভুল দেখিলে মই মৌন হৈ থাকিম, বিশেষকৈ যেতিয়া মোৰ দেশৰ প্ৰতি থকা প্ৰেম আৰু মোৰ পৰিয়ালৰ সন্মানক লৈ প্ৰশ্ন উত্থাপন হ’ব। 
নীৰজে আঙুলিয়াই দিয়ে যে আৰ্শ্বাদ নাদীমক নীৰজ চোপ্ৰা ক্লাছিকলৈ নিমন্ত্ৰণ কৰাৰ বাবে তেওঁ বহু ঘৃণা আৰু গালি-গালাজ লাভ কৰিছে আৰু তেওঁৰ পৰিয়ালক ভুলকৈ এই বিতৰ্কৰ মাজলৈ টানি অনা হৈছে।


দেশৰ প্ৰতি থকা প্ৰেমক লৈ সন্দেহৰ অৱতাৰণা কৰা লোকসকললৈ দিয়া এটা স্পষ্ট বাৰ্তাত নীৰজে কয় যে বছৰ বছৰ ধৰি তেওঁ ত্ৰিৰংগাক গৌৰৱেৰে কঢ়িয়াই লৈ ফুৰিছে ৷ সকলো মিছা বক্তব্য শুনাৰ পিছত তেওঁ মনত আঘাত পাইছে ৷

‘‘ইমান বছৰে মই গৌৰৱেৰে মোৰ দেশক আগুৱাই লৈ গৈছো, গতিকে মোৰ সততাক লৈ প্ৰশ্ন উত্থাপন হোৱা দেখি দুখ লাগিছে । মোৰ দুখ লাগে যে কোনো সুনিৰ্দিষ্ট কাৰণ নোহোৱাকৈ মোক আৰু মোৰ পৰিয়ালক টাৰ্গেট কৰা মানুহৰ বাবে মই নিজকে বুজাব লগা হৈছে’’ নীৰজে কয় ।

লগতে কয় ‘‘আমি সহজ-সৰল মানুহ, অনুগ্ৰহ কৰি আমাক আৰু একো বুজাব নালাগে । সংবাদ মাধ্যমৰ কিছুমান শিতানে মোৰ বিষয়ে বহু মিছা কাহিনী ৰচনা কৰিছে ৷ কিন্তু মই মাত মাতিব নোৱাৰাৰ বাবেই সেয়া সঁচা নহয় ।’’

পেৰিছ অলিম্পিকত স্বৰ্ণপদক লাভ কৰাৰ বাবে মাতৃয়ে আৰ্শ্বাদক প্ৰশংসা কৰি তেওঁৰ পুত্ৰ বুলি কোৱা ঘটনাটোৰ কথা মনত পেলাইছিল ২৭ বছৰীয়া নীৰজে, যিটোৱে সেই সময়ত ব্যাপক প্ৰশংসা লাভ কৰিছিল ।

নীৰজে কয় ‘‘মানুহে নিজৰ মতামত কেনেকৈ সলনি কৰে, সেয়াও বুজিবলৈ টান পাওঁ । এবছৰৰ আগতে যেতিয়া মায়ে নিজৰ সৰলতাত নিৰ্দোষী মন্তব্য কৰিছিল, তেতিয়া তেওঁৰ চিন্তাবোৰৰ বাৰুকৈয়ে শলাগ লোৱা হৈছিল । আজি একেখিনি মানুহেই তেওঁক একেটা বক্তব্যৰ বাবে টাৰ্গেট কৰিছে । ইয়াৰ মাজতে মই আৰু অধিক কষ্ট কৰিম যাতে সমগ্ৰ বিশ্বই ঈৰ্ষাৰ সলনি শ্ৰদ্ধাৰে ভাৰতক চাবলৈ আৰম্ভ কৰে ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ