--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পেহেলগাম আক্ৰমণে সকলোৰে অন্তৰত দুখ দি গ’ল। পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক বিশ্বজুৰি ধিক্কাৰ দিছে সকলোৱে।এনে সময়তে মধ্যপ্ৰদেশৰ ইন্দোৰৰ পৰা পোহৰলৈ আহিছে এক অনন্য ঘটনা। 

ইন্দোৰৰ শ্যামলাল নিনোৰী নামৰ এজন লোকে যোৱা ৪০ বছৰ ধৰি গোৱালিয়ৰৰ অইল কলৰ মাটিত নিৰ্মিত চৈয়দ নিজামুদ্দিনৰ দৰগাহত সেৱা আগবঢ়াই আহিছে। 

এই সময়ছোৱাত স্থানীয় ৰাইজে তেওঁক মুছলমান বুলি গণ্য কৰি শ্বাহাবুদ্দিন নাম ৰাখিছিল আৰু শ্যামলালেও নিজকে শ্বাহাবুদ্দিন বুলি গণ্য কৰিবলৈ আৰম্ভ কৰিছিল। তেওঁ নিজকে শ্বাহাবুদ্দিন বুলিয়ে পৰিচয় দিছিল। পৰৱৰ্তী সময়ত তেওঁ ইছলাম ধৰ্মও গ্ৰহণ কৰিছিল৷

শেহতীয়াকৈ জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত বহু হিন্দু লোকৰ মৃত্যুৰ পিছত শ্যামলালৰ মন ব্যথিত হৈ পৰে। জিতু যাদৱৰ উদ্যোগত তেওঁ পুনৰ হিন্দু ধৰ্ম গ্ৰহণ কৰাৰ সিদ্ধান্ত লয়। ইয়াৰ পিছত শ্যামলালে দৰগাহ চৌহদত কাৱালীৰ সলনি সুন্দৰাকাণ্ডৰ আবৃত্তিৰ আয়োজন কৰি পেহেলগাম দুৰ্ঘটনাত নিহতসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। হিন্দু ৰীতি-নীতি আৰু পৰম্পৰা গ্ৰহণ কৰি পুনৰ হিন্দু ধৰ্মলৈ ঘূৰি আহিল শ্যামলাল। অনুষ্ঠানটোত জীতু যাদৱকে ধৰি বৃহৎ সংখ্যক লোক উপস্থিত থাকে।

এই ঘটনা অঞ্চলটোত চৰ্চাৰ বিষয় হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ