--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পেহেলগাম আক্ৰমণে সকলোৰে অন্তৰত দুখ দি গ’ল। পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক বিশ্বজুৰি ধিক্কাৰ দিছে সকলোৱে।এনে সময়তে মধ্যপ্ৰদেশৰ ইন্দোৰৰ পৰা পোহৰলৈ আহিছে এক অনন্য ঘটনা। 

ইন্দোৰৰ শ্যামলাল নিনোৰী নামৰ এজন লোকে যোৱা ৪০ বছৰ ধৰি গোৱালিয়ৰৰ অইল কলৰ মাটিত নিৰ্মিত চৈয়দ নিজামুদ্দিনৰ দৰগাহত সেৱা আগবঢ়াই আহিছে। 

এই সময়ছোৱাত স্থানীয় ৰাইজে তেওঁক মুছলমান বুলি গণ্য কৰি শ্বাহাবুদ্দিন নাম ৰাখিছিল আৰু শ্যামলালেও নিজকে শ্বাহাবুদ্দিন বুলি গণ্য কৰিবলৈ আৰম্ভ কৰিছিল। তেওঁ নিজকে শ্বাহাবুদ্দিন বুলিয়ে পৰিচয় দিছিল। পৰৱৰ্তী সময়ত তেওঁ ইছলাম ধৰ্মও গ্ৰহণ কৰিছিল৷

শেহতীয়াকৈ জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত বহু হিন্দু লোকৰ মৃত্যুৰ পিছত শ্যামলালৰ মন ব্যথিত হৈ পৰে। জিতু যাদৱৰ উদ্যোগত তেওঁ পুনৰ হিন্দু ধৰ্ম গ্ৰহণ কৰাৰ সিদ্ধান্ত লয়। ইয়াৰ পিছত শ্যামলালে দৰগাহ চৌহদত কাৱালীৰ সলনি সুন্দৰাকাণ্ডৰ আবৃত্তিৰ আয়োজন কৰি পেহেলগাম দুৰ্ঘটনাত নিহতসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। হিন্দু ৰীতি-নীতি আৰু পৰম্পৰা গ্ৰহণ কৰি পুনৰ হিন্দু ধৰ্মলৈ ঘূৰি আহিল শ্যামলাল। অনুষ্ঠানটোত জীতু যাদৱকে ধৰি বৃহৎ সংখ্যক লোক উপস্থিত থাকে।

এই ঘটনা অঞ্চলটোত চৰ্চাৰ বিষয় হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ