--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পেহেলগামত সংঘটিত হোৱা নৃশংস সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত ভাৰত আৰু পাকিস্তানৰ মাজত বাজিছে যুদ্ধৰ দামামা। প্ৰশ্ন হয় যে যদিহে দুয়োখন দেশৰ মাজত যুদ্ধ হয়, তেন্তে কিমান দিনলৈ টিকিব পাকিস্তান? গ্ল’বেল ফায়াৰপাৱাৰ ইনডেক্স ২০২৫ অনুসৰি ভাৰতীয় সেনা বিশ্বৰ চতুৰ্থ শক্তিশালী সেনাবাহিনী।

ভাৰতীয় সেনাত আছে ১৪.৫৫ লাখ সক্ৰিয় সৈনিক। আছে ১১.৫৫ লাখ সংৰক্ষিত জোৱান। ভাৰতত আছে ৪,৬১৪খন টেংক।
১,৫১,২৪৮খন সু-সজ্জিত বাহনো আছে ভাৰতৰ। অৰ্ধসামৰিক বাহিনীতো আছে ২৫.২৭ লাখ জোৱান।

তাৰ বিপৰীতে পাকিস্তানী সেনাত আছে ৬.৫৪ লাখ সক্ৰিয় সৈনিক। প্ৰায় ৫ লাখ সংৰক্ষিত জোৱান আছে। ৩,৭৪২ টা টেংক, ৫০,৫২৩ টা সু-সজ্জিত বাহন। আছে ৭৫২ টা স্বয়ংচালিত আৰ্টিলাৰী। 

দুয়োখন দেশৰ তুলনা কৰিলে ভাৰতৰ সেনা সংখ্যা, সম্পদ, প্ৰযুক্তিৰ ক্ষেত্ৰত পাকিস্তানৰ তুলনাত বহু আগবাঢ়ি আছে। 

ভাৰতৰ প্ৰতিৰক্ষা বাজেট ৭৭.৪ বিলিয়ন ডলাৰ। পাকিস্তানৰ ৬.৩ বিলিয়ন ডলাৰ। যাৰ ফলত ভাৰত উন্নত অস্ত্ৰ-শস্ত্ৰ আৰু প্ৰশিক্ষণৰ ক্ষেত্ৰত আগবাঢ়ি আছে। ভাৰতৰ নৌসেনাতকৈ নিচেই থুনুকা পাকিস্তানী নৌসেনা। 

২,২২৯খন বিমান, ৬০০খন যুদ্ধ বিমান আৰু ৮৯৯খন হেলিকপ্টাৰ, অত্যাধুনিক এয়াৰ ডিফেন্স চিষ্টেমেৰে বিশ্বজুৰি চতুৰ্থ স্থানত আছে ভাৰতীয় বায়ুসেনা।

পাকিস্তান বায়ুসেনাৰ হাতত আছে ১৪৩৪খন বিমান, ৩৮৭খন যুদ্ধ বিমান আৰু ৫৭খন আক্ৰমণাত্মক হেলিকপ্টাৰ।

পাৰমাণৱিক শক্তিৰ‌ ক্ষেত্ৰত ভাৰতৰ হাতত ১২০-১৩০ টা পাৰমাণৱিক অস্ত্ৰ আৰু পাকিস্তানৰ হাতত আছে ১৫০-১৭০টা পাৰমাণৱিক অস্ত্ৰ 

যুদ্ধত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে অৰ্থনৈতিক পৰিস্থিতিয়েও। এইক্ষেত্ৰত ভাৰতৰ জিডিপি পাকিস্তানৰ ১০ গুণ। পাকিস্তানৰ দুৰ্বল অৰ্থনীতিয়ে দীঘলীয়া যুদ্ধ নোৱাৰে সহিব। বিশেষজ্ঞৰ মতে বৰ্তমান সময়ত পাকিস্তানে ১৩ দিনৰ প্ৰত্যক্ষ যুঁজো টিকাই ৰখাটো কঠিন। ২ৰ পৰা ৩ সপ্তাহৰ যুদ্ধই সম্পূৰ্ণৰূপে ধ্বংস কৰিব পাৰে পাকিস্তানক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ