--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পেহেলগামত সংঘটিত হোৱা নৃশংস সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত ভাৰত আৰু পাকিস্তানৰ মাজত বাজিছে যুদ্ধৰ দামামা। প্ৰশ্ন হয় যে যদিহে দুয়োখন দেশৰ মাজত যুদ্ধ হয়, তেন্তে কিমান দিনলৈ টিকিব পাকিস্তান? গ্ল’বেল ফায়াৰপাৱাৰ ইনডেক্স ২০২৫ অনুসৰি ভাৰতীয় সেনা বিশ্বৰ চতুৰ্থ শক্তিশালী সেনাবাহিনী।

ভাৰতীয় সেনাত আছে ১৪.৫৫ লাখ সক্ৰিয় সৈনিক। আছে ১১.৫৫ লাখ সংৰক্ষিত জোৱান। ভাৰতত আছে ৪,৬১৪খন টেংক।
১,৫১,২৪৮খন সু-সজ্জিত বাহনো আছে ভাৰতৰ। অৰ্ধসামৰিক বাহিনীতো আছে ২৫.২৭ লাখ জোৱান।

তাৰ বিপৰীতে পাকিস্তানী সেনাত আছে ৬.৫৪ লাখ সক্ৰিয় সৈনিক। প্ৰায় ৫ লাখ সংৰক্ষিত জোৱান আছে। ৩,৭৪২ টা টেংক, ৫০,৫২৩ টা সু-সজ্জিত বাহন। আছে ৭৫২ টা স্বয়ংচালিত আৰ্টিলাৰী। 

দুয়োখন দেশৰ তুলনা কৰিলে ভাৰতৰ সেনা সংখ্যা, সম্পদ, প্ৰযুক্তিৰ ক্ষেত্ৰত পাকিস্তানৰ তুলনাত বহু আগবাঢ়ি আছে। 

ভাৰতৰ প্ৰতিৰক্ষা বাজেট ৭৭.৪ বিলিয়ন ডলাৰ। পাকিস্তানৰ ৬.৩ বিলিয়ন ডলাৰ। যাৰ ফলত ভাৰত উন্নত অস্ত্ৰ-শস্ত্ৰ আৰু প্ৰশিক্ষণৰ ক্ষেত্ৰত আগবাঢ়ি আছে। ভাৰতৰ নৌসেনাতকৈ নিচেই থুনুকা পাকিস্তানী নৌসেনা। 

২,২২৯খন বিমান, ৬০০খন যুদ্ধ বিমান আৰু ৮৯৯খন হেলিকপ্টাৰ, অত্যাধুনিক এয়াৰ ডিফেন্স চিষ্টেমেৰে বিশ্বজুৰি চতুৰ্থ স্থানত আছে ভাৰতীয় বায়ুসেনা।

পাকিস্তান বায়ুসেনাৰ হাতত আছে ১৪৩৪খন বিমান, ৩৮৭খন যুদ্ধ বিমান আৰু ৫৭খন আক্ৰমণাত্মক হেলিকপ্টাৰ।

পাৰমাণৱিক শক্তিৰ‌ ক্ষেত্ৰত ভাৰতৰ হাতত ১২০-১৩০ টা পাৰমাণৱিক অস্ত্ৰ আৰু পাকিস্তানৰ হাতত আছে ১৫০-১৭০টা পাৰমাণৱিক অস্ত্ৰ 

যুদ্ধত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে অৰ্থনৈতিক পৰিস্থিতিয়েও। এইক্ষেত্ৰত ভাৰতৰ জিডিপি পাকিস্তানৰ ১০ গুণ। পাকিস্তানৰ দুৰ্বল অৰ্থনীতিয়ে দীঘলীয়া যুদ্ধ নোৱাৰে সহিব। বিশেষজ্ঞৰ মতে বৰ্তমান সময়ত পাকিস্তানে ১৩ দিনৰ প্ৰত্যক্ষ যুঁজো টিকাই ৰখাটো কঠিন। ২ৰ পৰা ৩ সপ্তাহৰ যুদ্ধই সম্পূৰ্ণৰূপে ধ্বংস কৰিব পাৰে পাকিস্তানক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ