--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এহাল পতি-পত্নীৰ মৃত্যুৰ ঘটনাই সকলোকে স্তম্ভিত কৰি তুলিছে। পত্নীক গুলীয়াই হত্যা কৰাৰ পাছত পতিয়ে আত্মহত্যা কৰে। দিল্লীৰ গাজিয়াবাদৰ পৰা পোহৰলৈ আহিছে হত্যা আৰু আত্মহত্যাৰ এক হৃদয়বিদাৰক ঘটনা। 

নন্দগ্ৰাম আৰক্ষী থানা এলেকাৰ ৰাধা কুঞ্জ-২ কলনীত পত্নীক গুলীয়াই হত্যা কৰি আত্মহত্যা কৰে এজন কৰ্কট ৰোগীয়ে। ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে আধা পৃষ্ঠাৰ আত্মহত্যাৰ নোট, য’ত সমগ্ৰ ঘটনাৰ আঁৰৰ কাৰণ উন্মোচিত হৈছে। এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

তথ্য অনুসৰি মূলতঃ মীৰুট জিলাৰ বিজাউলী গাঁৱৰ বাসিন্দা কুলদীপ ত্যাগীয়ে প্ৰথমে অনুজ্ঞাপত্ৰ থকা ৰিভলভাৰেৰে পত্নী নিষু ত্যাগীক গুলীয়াই হত্যা কৰে আৰু তাৰপাছত নিজকে গুলীয়াই হত্যা কৰে। দুয়োৰে থিতাতে মৃত্যু হয়। ঘটনাৰ সময়ত মৃত দম্পতীহাৰ দুটা সন্তান আৰু পিতৃ ঘৰটোত উপস্থিত আছিল। ছুইচাইড নোটত কুলদীপ ত্যাগীয়ে লিখিছে যে তেওঁ কেন্সাৰৰ দৰে গুৰুতৰ ৰোগত আক্ৰান্ত আছিল। পৰিয়ালটোৱে এই বিষয়ে অৱগত নাছিল।

কুলদীপ ত্যাগীয়ে নিবিচাৰিছিল যে তেওঁৰ চিকিৎসাৰ বাবে বিপুল পৰিমাণৰ ধন খৰচ হওক, যাৰ ফলত পৰিয়ালটোৰ ওপৰত আৰ্থিক বোজা পৰিব। এই মানসিক চাপৰ বাবেই তেওঁ এই কঠোৰ পদক্ষেপ ল’লে। কুলদীপে ছুইচাইড নোটত লিখিছে যে তেওঁ আৰু তেওঁৰ পত্নীয়ে জীৱনে-মৰণে একেলগে থকাৰ প্ৰতিজ্ঞা কৰিছিল। এই কাৰণতে তেওঁ প্ৰথমে পত্নীক হত্যা কৰাৰ পিছত আত্মহত্যা কৰে। মৃত কুলদীপে আগতে ৰিয়েল এষ্টেটত কাম কৰিছিল। কেন্সাৰ ধৰা পৰাৰ পৰাই তেওঁ চিন্তিত হৈ পৰিছিল কিন্তু এই ৰোগৰ বিষয়ে তেওঁ পৰিয়ালৰ কোনো লোককে জানিবলৈ দিয়া নাছিল।

এই ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ পিছত আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ দুয়োটা মৃতদেহ নিজৰ জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। ছুইচাইড নোটৰ তদন্তৰ ভিত্তিত এই আইনী প্ৰক্ৰিয়া আগবঢ়াই নিয়া হৈছে। কুলদীপ ত্যাগীয়ে নিজৰ অসুস্থতাৰ চিকিৎসাৰ বাবে ধন খৰচ হোৱাটো নিবিচাৰিছিল, সেয়েহে পত্নীৰ প্ৰাণ কাঢ়ি লোৱাৰ পিছত তেওঁ নিজৰ প্ৰাণ ত্যাগ কৰিছিল।

উল্লেখ্য যে কেইবছৰমানৰ পৰা গাজিয়াবাদত কৰ্কট ৰোগীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। ইয়াৰ প্ৰধান কাৰণ প্ৰদূষণ, ধঁপাত সেৱন আৰু অস্বাস্থ্যকৰ জীৱনশৈলী বুলি ধৰা হয়। ইয়াত মুখ আৰু হাওঁফাওঁৰ কৰ্কট ৰোগৰ সংখ্যা বৃদ্ধি পাইছে। বৰ্ধিত প্ৰদূষণ আৰু পান মছলাৰ দৰে অভ্যাসৰ বাবে মানুহ হাওঁফাওঁ আৰু মুখৰ কৰ্কট ৰোগৰ বলি হৈছে। প্ৰদূষণৰ বাবে ক্ষতিকাৰক কণা শৰীৰত প্ৰৱেশ কৰে, যাৰ ফলত হাওঁফাওঁৰ ক্ষতি হয়। 

এই ঘটনাটোৱে সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক