--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইজৰাইল-পেলেষ্টাইনৰ মাজত যুদ্ধ চলি থকাৰ মাজতে আজি ভাৰতৰ  প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে পেলেষ্টাইনৰ  ৰাষ্ট্ৰপতি মাহমুদ আব্বাছৰ সৈতে  ফোনত কথা পাতে। ফোনত মোদীয়ে পেসেষ্টাইনক সকলো ধৰণৰ সহায়ৰ আশ্বাস দিয়ে। উল্লেখ্য বোমা বৰ্ষণত আহতসকলক গাজাৰ আল-আহলি আৰৱ চিকিৎসালয়ত চিকিৎসা কৰা হৈছে। 

গাজাৰ এখন চিকিৎসালয়ত হোৱা বোমা বৰ্ষণৰ ফলত  ৫০০ ৰো অধিক লোক নিহত হৈছে। এই বোমা বৰ্ষণৰ দায়িত্ব এতিয়ালৈকে কোনেও স্বীকাৰ কৰা নাই। প্ৰধানমন্ত্ৰী মোদীয়ে  এই ঘটনাত শোক প্ৰকাশ কৰে। ইপিনে  ঘটনাটোৰ বাবে ইজৰাইলক দোষাৰোপ কৰা হৈছে, কিন্তু তেল আভিভে এই অভিযোগ অস্বীকাৰ কৰিছে।

 
মোদীয়ে আব্বাছৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপৰ সময়ত সন্ত্ৰাসবাদ আৰু হিংসাৰ বিৰুদ্ধে ভাৰতে সদায় থিয় দিব বুলি কথা দিয়ে। বুধবাৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছিল  যে গাজাৰ  বিস্ফোৰণত তেওঁ গভীৰভাৱে দুখিত। কিন্তু এতিয়ালৈকে তেওঁ ইজৰাইলক ইয়াৰ বাবে দোষাৰোপ কৰা নাই।  

গাজাৰ চিকিৎসালয়ত  হোৱা আক্ৰমণে সমগ্ৰ বিশ্বতে শোকৰ ছাঁ পেলাইছে। হামাছে এই আক্ৰমণৰ বাবে ইজৰাইলী সামৰিক বাহিনীকে দোষাৰোপ কৰিছে। কিন্তু ইজৰাইলে কোনো পধ্যে তেনে অভিযোগ মানি ল’ব বিচৰা নাই। পূৰ্বে ভাৰতে এইবুলি কৈছিল যে শান্তি স্থাপনৰ স্বাৰ্থতে ভাৰতে স্বাধীন পেলেষ্টাইনৰ দাবীৰ প্ৰতি সমৰ্থন জনাই যাব। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ