--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইজৰাইল-পেলেষ্টাইনৰ মাজত যুদ্ধ চলি থকাৰ মাজতে আজি ভাৰতৰ  প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে পেলেষ্টাইনৰ  ৰাষ্ট্ৰপতি মাহমুদ আব্বাছৰ সৈতে  ফোনত কথা পাতে। ফোনত মোদীয়ে পেসেষ্টাইনক সকলো ধৰণৰ সহায়ৰ আশ্বাস দিয়ে। উল্লেখ্য বোমা বৰ্ষণত আহতসকলক গাজাৰ আল-আহলি আৰৱ চিকিৎসালয়ত চিকিৎসা কৰা হৈছে। 

গাজাৰ এখন চিকিৎসালয়ত হোৱা বোমা বৰ্ষণৰ ফলত  ৫০০ ৰো অধিক লোক নিহত হৈছে। এই বোমা বৰ্ষণৰ দায়িত্ব এতিয়ালৈকে কোনেও স্বীকাৰ কৰা নাই। প্ৰধানমন্ত্ৰী মোদীয়ে  এই ঘটনাত শোক প্ৰকাশ কৰে। ইপিনে  ঘটনাটোৰ বাবে ইজৰাইলক দোষাৰোপ কৰা হৈছে, কিন্তু তেল আভিভে এই অভিযোগ অস্বীকাৰ কৰিছে।

 
মোদীয়ে আব্বাছৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপৰ সময়ত সন্ত্ৰাসবাদ আৰু হিংসাৰ বিৰুদ্ধে ভাৰতে সদায় থিয় দিব বুলি কথা দিয়ে। বুধবাৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছিল  যে গাজাৰ  বিস্ফোৰণত তেওঁ গভীৰভাৱে দুখিত। কিন্তু এতিয়ালৈকে তেওঁ ইজৰাইলক ইয়াৰ বাবে দোষাৰোপ কৰা নাই।  

গাজাৰ চিকিৎসালয়ত  হোৱা আক্ৰমণে সমগ্ৰ বিশ্বতে শোকৰ ছাঁ পেলাইছে। হামাছে এই আক্ৰমণৰ বাবে ইজৰাইলী সামৰিক বাহিনীকে দোষাৰোপ কৰিছে। কিন্তু ইজৰাইলে কোনো পধ্যে তেনে অভিযোগ মানি ল’ব বিচৰা নাই। পূৰ্বে ভাৰতে এইবুলি কৈছিল যে শান্তি স্থাপনৰ স্বাৰ্থতে ভাৰতে স্বাধীন পেলেষ্টাইনৰ দাবীৰ প্ৰতি সমৰ্থন জনাই যাব। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ