--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানৰ প্ৰেমিকক বিচাৰি দেশ খনলৈ যোৱা ৰাজস্থানৰ  অঞ্জু যাদৱে পুনৰ ভাৰতলৈ উভতি আহিব।  সাংবাদিকৰে হোৱা কথোপকথনৰ সময়ত অঞ্জুৱে কয় , "মোৰ ওচৰত সকলো প্ৰশ্নৰ উত্তৰ আছে। মই একো ভুল কৰা নাই। মই মোৰ সন্তানৰ ওচৰলৈ ঘূৰি আহিব লাগিব’’। অঞ্জুৱে লগতে কয় যে যদি তেওঁৰ সন্তানসকলে  পাকিস্তানলৈ যাবলৈ বিচাৰে, তেন্তে তেওঁ তেওঁলোকক পাকিস্তানলৈ নিবলৈ সাজু আছে। 

উল্লেখ্য  পাকিস্তানৰ নছৰুল্লাহৰ আৰু ভাৰতৰ অঞ্জু প্ৰসাদৰ প্ৰেম গঢ় লৈ উঠিছিল ফেচবুকৰ জড়িয়তে । পাকিস্তানত থকা প্ৰেমিকক লগ পাবলৈয়েই ভাৰতীয় মহিলা  অঞ্জু যাদৱে  পাকিস্তানলৈ যোৱাৰ সিদ্ধান্ত লৈছিল।   সেইমৰ্মে তেওঁ পাকিস্তান ভ্ৰমণৰ অনুমতি বিচাৰি   আবেদনো কৰিছিল। তেওঁ অনুমতি লাভো কৰিছিল।  অঞ্জু-নাছৰুল্লাহৰ প্ৰেম কাহিনীয়ে কিছুদিন পূৰ্বে বহুতৰে মাজত চৰ্চাৰ বিষয় হৈ পৰিছিল।এতিয়া সেইগৰাকী ভাৰতীয় মহিলাই পুনৰ দেশলৈ উভতি আহিছে।  অঞ্জু-নছৰুল্লাহ প্ৰেম কাহিনী ছচিয়েল মিডিয়াত আৰম্ভ হৈছিল  ফেচবুক বন্ধুত্বৰ জড়িয়তে।   তেওঁলোকৰ মাজত দূৰত্ব থকা স্বত্বেও  তেওঁলোকৰ ভাৰ্চুৱেল সংযোগ অধিক শক্তিশালী হৈ উঠিছিল। সেই বাবেই প্ৰেমিকক লগ পাবলৈ অঞ্জুৱে ইতিমধ্যে পাকিস্তান ভ্ৰমণৰ অনুমতিৰ বাবে আবেদন কৰিছিল। তেওঁৰ  আবেদন খন ২১ জুনত দাখিল কৰা হৈছিল। ইয়াৰ কিছুদিন পিছতে ২১ জুলাইত ভাৰতীয় যুৱতীগৰাকীয়ে পাকিস্তানত প্ৰৱেশ কৰিছিল। 

অঞ্জুৱে পাকিস্তানৰ খাইবাৰ পাখতুনখোৱা প্ৰদেশত বাস কৰা নছৰুল্লাহক লগ কৰিবলৈ যাত্ৰা আৰম্ভ কৰিছিল। নছৰুল্লাহই চিকিৎসা বৃত্তিৰ সৈতে জড়িত বুলি জানিব পৰা গৈছে। নিজৰ জন্মভূমি এৰি তেওঁ  এক দুঃসাহসিক অভিযান আৰম্ভ কৰিছিল । অঞ্জু-নছৰুল্লাহ প্ৰেমকাহিনীয়ে নিৰাপত্তা সংস্থাসমূহৰো দৃষ্টি আকৰ্ষণ কৰিছিল।  তেওঁলোকৰ সম্পৰ্কৰ বিষয়ে তদন্তও সেয়ে আৰম্ভ হৈছিল। অঞ্জুৱে আলৱাৰৰ ভিৱাড়ীৰ এটা ব্যক্তিগত কোম্পানীত ডাটা-এণ্ট্ৰি অপাৰেটৰ হিচাপে কাম কৰিছিল । 

পূৰ্বে অঞ্জুৰ বিয়া হৈছিল আন এজন লোকৰ সৈতে। অঞ্জুৰ স্বামী অৰবিন্দ কুমাৰে প্ৰকাশ কৰা মতে   তিনি বছৰ আগতে অঞ্জুৱে পাছপোৰ্ট পাইছিল আৰু কৈছিল যে কামৰ বাবে আন দেশত সুযোগ বিচাৰিবলৈ  সেয়া  প্ৰয়োজন হৈছে। অঞ্জুৱে পাকিস্তানী যুৱক জনৰ ঘৰত গৈ উপস্থিত  হোৱা বুলি পাক আৰক্ষীয়ে সংবাদমাধ্যমক জানিবলৈ দিয়াৰ পিছতে হুৱা-দুৱা লাগিছিল। পূৰ্বে কৰা ঘোষণা অনুসৰি অঞ্জুৱে এমাহৰ বাবেহে তেওঁৰ প্ৰেমিকৰ সৈতে তাত থাকিব আৰু তাৰ পিছতে তেওঁ পুনৰ ভাৰতলৈ উভতি আহিব । এতিয়া সেয়ে তেওঁ পুনৰ নিজৰ দেশলৈ উভতি আহিব। 






FOLLOW US F
POPULAR
FEATURE
TRENDY
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক