--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানৰ প্ৰেমিকক বিচাৰি দেশ খনলৈ যোৱা ৰাজস্থানৰ  অঞ্জু যাদৱে পুনৰ ভাৰতলৈ উভতি আহিব।  সাংবাদিকৰে হোৱা কথোপকথনৰ সময়ত অঞ্জুৱে কয় , "মোৰ ওচৰত সকলো প্ৰশ্নৰ উত্তৰ আছে। মই একো ভুল কৰা নাই। মই মোৰ সন্তানৰ ওচৰলৈ ঘূৰি আহিব লাগিব’’। অঞ্জুৱে লগতে কয় যে যদি তেওঁৰ সন্তানসকলে  পাকিস্তানলৈ যাবলৈ বিচাৰে, তেন্তে তেওঁ তেওঁলোকক পাকিস্তানলৈ নিবলৈ সাজু আছে। 

উল্লেখ্য  পাকিস্তানৰ নছৰুল্লাহৰ আৰু ভাৰতৰ অঞ্জু প্ৰসাদৰ প্ৰেম গঢ় লৈ উঠিছিল ফেচবুকৰ জড়িয়তে । পাকিস্তানত থকা প্ৰেমিকক লগ পাবলৈয়েই ভাৰতীয় মহিলা  অঞ্জু যাদৱে  পাকিস্তানলৈ যোৱাৰ সিদ্ধান্ত লৈছিল।   সেইমৰ্মে তেওঁ পাকিস্তান ভ্ৰমণৰ অনুমতি বিচাৰি   আবেদনো কৰিছিল। তেওঁ অনুমতি লাভো কৰিছিল।  অঞ্জু-নাছৰুল্লাহৰ প্ৰেম কাহিনীয়ে কিছুদিন পূৰ্বে বহুতৰে মাজত চৰ্চাৰ বিষয় হৈ পৰিছিল।এতিয়া সেইগৰাকী ভাৰতীয় মহিলাই পুনৰ দেশলৈ উভতি আহিছে।  অঞ্জু-নছৰুল্লাহ প্ৰেম কাহিনী ছচিয়েল মিডিয়াত আৰম্ভ হৈছিল  ফেচবুক বন্ধুত্বৰ জড়িয়তে।   তেওঁলোকৰ মাজত দূৰত্ব থকা স্বত্বেও  তেওঁলোকৰ ভাৰ্চুৱেল সংযোগ অধিক শক্তিশালী হৈ উঠিছিল। সেই বাবেই প্ৰেমিকক লগ পাবলৈ অঞ্জুৱে ইতিমধ্যে পাকিস্তান ভ্ৰমণৰ অনুমতিৰ বাবে আবেদন কৰিছিল। তেওঁৰ  আবেদন খন ২১ জুনত দাখিল কৰা হৈছিল। ইয়াৰ কিছুদিন পিছতে ২১ জুলাইত ভাৰতীয় যুৱতীগৰাকীয়ে পাকিস্তানত প্ৰৱেশ কৰিছিল। 

অঞ্জুৱে পাকিস্তানৰ খাইবাৰ পাখতুনখোৱা প্ৰদেশত বাস কৰা নছৰুল্লাহক লগ কৰিবলৈ যাত্ৰা আৰম্ভ কৰিছিল। নছৰুল্লাহই চিকিৎসা বৃত্তিৰ সৈতে জড়িত বুলি জানিব পৰা গৈছে। নিজৰ জন্মভূমি এৰি তেওঁ  এক দুঃসাহসিক অভিযান আৰম্ভ কৰিছিল । অঞ্জু-নছৰুল্লাহ প্ৰেমকাহিনীয়ে নিৰাপত্তা সংস্থাসমূহৰো দৃষ্টি আকৰ্ষণ কৰিছিল।  তেওঁলোকৰ সম্পৰ্কৰ বিষয়ে তদন্তও সেয়ে আৰম্ভ হৈছিল। অঞ্জুৱে আলৱাৰৰ ভিৱাড়ীৰ এটা ব্যক্তিগত কোম্পানীত ডাটা-এণ্ট্ৰি অপাৰেটৰ হিচাপে কাম কৰিছিল । 

পূৰ্বে অঞ্জুৰ বিয়া হৈছিল আন এজন লোকৰ সৈতে। অঞ্জুৰ স্বামী অৰবিন্দ কুমাৰে প্ৰকাশ কৰা মতে   তিনি বছৰ আগতে অঞ্জুৱে পাছপোৰ্ট পাইছিল আৰু কৈছিল যে কামৰ বাবে আন দেশত সুযোগ বিচাৰিবলৈ  সেয়া  প্ৰয়োজন হৈছে। অঞ্জুৱে পাকিস্তানী যুৱক জনৰ ঘৰত গৈ উপস্থিত  হোৱা বুলি পাক আৰক্ষীয়ে সংবাদমাধ্যমক জানিবলৈ দিয়াৰ পিছতে হুৱা-দুৱা লাগিছিল। পূৰ্বে কৰা ঘোষণা অনুসৰি অঞ্জুৱে এমাহৰ বাবেহে তেওঁৰ প্ৰেমিকৰ সৈতে তাত থাকিব আৰু তাৰ পিছতে তেওঁ পুনৰ ভাৰতলৈ উভতি আহিব । এতিয়া সেয়ে তেওঁ পুনৰ নিজৰ দেশলৈ উভতি আহিব। 






FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ