--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হামাছ-ইজৰাইলী সেনাৰ যুদ্ধই এতিয়া অধিক ভয়াৱহ ৰূপ ধাৰণ কৰিছে। পেলেষ্টাইন আৰু গাজাত বাস কৰা লোকসকলকলৈ এতিয়া উদ্বিগ্নতা ব্যক্ত কৰিছে ভাৰতৰ টেনিছ তাৰকা  ছানিয়া মিৰ্জাই। ছানিয়াই  গাজাত ভুক্তভোগীসকলৰ বাবে খাদ্য আৰু বিদ্যুতৰ যোগান বন্ধ কৰাৰ বিষয়ত উদ্বেগ ব্যক্ত কৰাৰ লগতে এনেবোৰ বিষয়ত কিয়  নিষেধাজ্ঞা জাৰি কৰা হৈছে সেই  বিষয়ে প্ৰশ্ন উত্থাপন কৰিছে।

ছানিয়াই কয়  "আপুনি কাৰ পক্ষত আছে সেয়া গুৰুত্বপূৰ্ণ নহয়, কিন্তু অন্ততঃ মানৱতা থাকিব লাগে।’’  ছানিয়া মিৰ্জাই তেওঁৰ ইনষ্টাগ্ৰাম কাহিনীৰ জৰিয়তে এনেদৰে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত  কৰিছে।  ছানিয়াই এইবুলি কৈছে "আপুনি কোনটো পক্ষত আছে, আপোনাৰ ৰাজনৈতিক দৃষ্টিভংগী কি সেয়া গুৰুত্বপূৰ্ণ নহয়।  কমেও দুই নিযুততকৈ অধিক নিৰীহ লোকৰ জনসংখ্যা থকা  এখন চহৰৰ বাবে খাদ্য, পানীয় আৰু বিদ্যুৎ বন্ধ কৰাৰ বিষয়টোকলৈ  আমি সহমত  হ'ব পাৰোঁনে?

 তেওঁলোক এনে লোক যাৰ যাবলৈ আন কোনো ঠাই নাই, বোমা বিস্ফোৰণৰ সময়ত লুকুৱাবলৈ কোনো ঠাই নাই, আৰু তেওঁলোকৰ  আধা সংখ্যকেই  শিশু।" উল্লেখ্য  যোৱা এমাহ ধৰি পেলেষ্টাইন আৰু ইজৰাইলৰ মাজত যুদ্ধ চলি আছে। যুদ্ধত আটাইতকৈ বেছি ক্ষতি হৈছে গাজা ষ্ট্ৰিপত বাস কৰা  লোকসকলৰ।  

পেলেষ্টাইনৰ সন্ত্ৰাসবাদী সংগঠন হামাছে ইজৰাইলৰ ওপৰত ৫০০০ তকৈও অধিক ৰকেট নিক্ষেপ কৰাৰ পিছতে হামাছ আৰু ইজৰাইলী সেনাৰ মাজত যুঁজ আৰম্ভ হৈছে। ইজৰাইলী সেনাই বিমান আক্ৰমণৰ জৰিয়তে পেলেষ্টাইনত  বোমা নিক্ষেপ কৰি গৈছে। গাজাত বাস কৰা হাজাৰ হাজাৰ লোক এই ভয়ংকৰ বোমাবৰ্ষণত   ক্ষতিগ্ৰস্ত হৈছে। এতিয়ালৈকে এই যুদ্ধত পেলেষ্টাইনৰ ৮০০০ ৰো অধিক লোক নিহত হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ