--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হামাছ-ইজৰাইলী সেনাৰ যুদ্ধই এতিয়া অধিক ভয়াৱহ ৰূপ ধাৰণ কৰিছে। পেলেষ্টাইন আৰু গাজাত বাস কৰা লোকসকলকলৈ এতিয়া উদ্বিগ্নতা ব্যক্ত কৰিছে ভাৰতৰ টেনিছ তাৰকা  ছানিয়া মিৰ্জাই। ছানিয়াই  গাজাত ভুক্তভোগীসকলৰ বাবে খাদ্য আৰু বিদ্যুতৰ যোগান বন্ধ কৰাৰ বিষয়ত উদ্বেগ ব্যক্ত কৰাৰ লগতে এনেবোৰ বিষয়ত কিয়  নিষেধাজ্ঞা জাৰি কৰা হৈছে সেই  বিষয়ে প্ৰশ্ন উত্থাপন কৰিছে।

ছানিয়াই কয়  "আপুনি কাৰ পক্ষত আছে সেয়া গুৰুত্বপূৰ্ণ নহয়, কিন্তু অন্ততঃ মানৱতা থাকিব লাগে।’’  ছানিয়া মিৰ্জাই তেওঁৰ ইনষ্টাগ্ৰাম কাহিনীৰ জৰিয়তে এনেদৰে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত  কৰিছে।  ছানিয়াই এইবুলি কৈছে "আপুনি কোনটো পক্ষত আছে, আপোনাৰ ৰাজনৈতিক দৃষ্টিভংগী কি সেয়া গুৰুত্বপূৰ্ণ নহয়।  কমেও দুই নিযুততকৈ অধিক নিৰীহ লোকৰ জনসংখ্যা থকা  এখন চহৰৰ বাবে খাদ্য, পানীয় আৰু বিদ্যুৎ বন্ধ কৰাৰ বিষয়টোকলৈ  আমি সহমত  হ'ব পাৰোঁনে?

 তেওঁলোক এনে লোক যাৰ যাবলৈ আন কোনো ঠাই নাই, বোমা বিস্ফোৰণৰ সময়ত লুকুৱাবলৈ কোনো ঠাই নাই, আৰু তেওঁলোকৰ  আধা সংখ্যকেই  শিশু।" উল্লেখ্য  যোৱা এমাহ ধৰি পেলেষ্টাইন আৰু ইজৰাইলৰ মাজত যুদ্ধ চলি আছে। যুদ্ধত আটাইতকৈ বেছি ক্ষতি হৈছে গাজা ষ্ট্ৰিপত বাস কৰা  লোকসকলৰ।  

পেলেষ্টাইনৰ সন্ত্ৰাসবাদী সংগঠন হামাছে ইজৰাইলৰ ওপৰত ৫০০০ তকৈও অধিক ৰকেট নিক্ষেপ কৰাৰ পিছতে হামাছ আৰু ইজৰাইলী সেনাৰ মাজত যুঁজ আৰম্ভ হৈছে। ইজৰাইলী সেনাই বিমান আক্ৰমণৰ জৰিয়তে পেলেষ্টাইনত  বোমা নিক্ষেপ কৰি গৈছে। গাজাত বাস কৰা হাজাৰ হাজাৰ লোক এই ভয়ংকৰ বোমাবৰ্ষণত   ক্ষতিগ্ৰস্ত হৈছে। এতিয়ালৈকে এই যুদ্ধত পেলেষ্টাইনৰ ৮০০০ ৰো অধিক লোক নিহত হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ