--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মালয়ালম ছবি উদ্যোগৰ পৰা আহিছে এক চাঞ্চল্যকৰ খবৰ। অভিনেত্ৰী ৰেঞ্জুশা মেননৰ মৃত্যু আত্মহত্যা। ফ্লেটত ওলমি থকা অৱস্থাত উদ্ধাৰ হয় ৩৫ বছৰীয়া অভিনেত্ৰীগৰাকীৰ মৃতদেহ। স্বামীৰ সৈতে এই ঘৰতে বাস কৰিছিল অভিনেত্ৰীগৰাকীয়ে। একাংশ খবৰ অনুসৰি কিছুদিন ধৰি আৰ্থিক সমস্যাৰ সৈতে যুঁজি আছিল অভিনেত্ৰীগৰাকী। এই খবৰটো অহাৰ লগে লগে চিনেমা জগতত নিস্তব্ধতা বিৰাজ কৰিছে। সকলোৱে অশ্ৰুসিক্ত নয়নেৰে অভিনেত্ৰীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাইছে।

বৰ্তমান আৰক্ষীয়ে এই সমগ্ৰ বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে। অৱশ্যে প্ৰথম দৃষ্টিত এই গোচৰটো আত্মহত্যা বুলি ধাৰণা কৰা হৈছে। বৰ্তমান মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। এই সমগ্ৰ ঘটনা তিৰুৱনন্তপুৰমৰ।

স্থানীয় খবৰ অনুসৰি এইগৰাকী অভিনেত্ৰী মূলতঃ কোচিৰ বাসিন্দা। তেওঁ টিভি শ্ব’ৰ এংকৰ হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। ইয়াৰ পিছত তেওঁ টিভি ধাৰাবাহিকৰ ফালে মুখ কৰিলে। ৰেঞ্জুশাই Sthree ধাৰাবাহিকত অভিনয় জীৱন আৰম্ভ কৰিছিল।

ৰেঞ্জুশাই বহু ছবিত অভিনয় কৰিছে। এই ছবিসমূহৰ ভিতৰত আছে ‘চিটি অৱ গড’, ‘বম্বে মাৰ্চ’, ‘কাৰ্যস্থান’, ‘অন ৱে টিকট’, থভুথা দ্বীপু। এই সকলোবোৰ চৰিত্ৰই অভিনেত্ৰীগৰাকীক বিখ্যাত কৰি তুলিছিল আৰু ঘৰে ঘৰে চিনাকি হৈছিল।

অভিনেত্ৰীগৰাকীৰ মৃত্যুৰ খবৰে স্তম্ভিত কৰি তুলিছে অনুৰাগীসকলক। অনুৰাগীসকলে ধাৰাবাহিকভাৱে ছ’চিয়েল মিডিয়াত মন্তব্য কৰি অভিনেত্ৰীগৰাকীক ‘শান্তিৰে জিৰণি লওক’ বুলি লিখিছে। উল্লেখ্য যে যোৱা মাহত আন এগৰাকী মালয়ালম অভিনেত্ৰী অপৰ্ণা নাইৰে আত্মহত্যা কৰিছিল। তেওঁ বহু টিভি শ্ব’ আৰু ছবিত অভিনয় কৰিছে। অপৰ্ণাৰ মৃতদেহো ফ্লেটটোত ওলমি থকা অৱস্থাত উদ্ধাৰ হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ