--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মালয়ালম ছবি উদ্যোগৰ পৰা আহিছে এক চাঞ্চল্যকৰ খবৰ। অভিনেত্ৰী ৰেঞ্জুশা মেননৰ মৃত্যু আত্মহত্যা। ফ্লেটত ওলমি থকা অৱস্থাত উদ্ধাৰ হয় ৩৫ বছৰীয়া অভিনেত্ৰীগৰাকীৰ মৃতদেহ। স্বামীৰ সৈতে এই ঘৰতে বাস কৰিছিল অভিনেত্ৰীগৰাকীয়ে। একাংশ খবৰ অনুসৰি কিছুদিন ধৰি আৰ্থিক সমস্যাৰ সৈতে যুঁজি আছিল অভিনেত্ৰীগৰাকী। এই খবৰটো অহাৰ লগে লগে চিনেমা জগতত নিস্তব্ধতা বিৰাজ কৰিছে। সকলোৱে অশ্ৰুসিক্ত নয়নেৰে অভিনেত্ৰীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাইছে।

বৰ্তমান আৰক্ষীয়ে এই সমগ্ৰ বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে। অৱশ্যে প্ৰথম দৃষ্টিত এই গোচৰটো আত্মহত্যা বুলি ধাৰণা কৰা হৈছে। বৰ্তমান মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। এই সমগ্ৰ ঘটনা তিৰুৱনন্তপুৰমৰ।

স্থানীয় খবৰ অনুসৰি এইগৰাকী অভিনেত্ৰী মূলতঃ কোচিৰ বাসিন্দা। তেওঁ টিভি শ্ব’ৰ এংকৰ হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। ইয়াৰ পিছত তেওঁ টিভি ধাৰাবাহিকৰ ফালে মুখ কৰিলে। ৰেঞ্জুশাই Sthree ধাৰাবাহিকত অভিনয় জীৱন আৰম্ভ কৰিছিল।

ৰেঞ্জুশাই বহু ছবিত অভিনয় কৰিছে। এই ছবিসমূহৰ ভিতৰত আছে ‘চিটি অৱ গড’, ‘বম্বে মাৰ্চ’, ‘কাৰ্যস্থান’, ‘অন ৱে টিকট’, থভুথা দ্বীপু। এই সকলোবোৰ চৰিত্ৰই অভিনেত্ৰীগৰাকীক বিখ্যাত কৰি তুলিছিল আৰু ঘৰে ঘৰে চিনাকি হৈছিল।

অভিনেত্ৰীগৰাকীৰ মৃত্যুৰ খবৰে স্তম্ভিত কৰি তুলিছে অনুৰাগীসকলক। অনুৰাগীসকলে ধাৰাবাহিকভাৱে ছ’চিয়েল মিডিয়াত মন্তব্য কৰি অভিনেত্ৰীগৰাকীক ‘শান্তিৰে জিৰণি লওক’ বুলি লিখিছে। উল্লেখ্য যে যোৱা মাহত আন এগৰাকী মালয়ালম অভিনেত্ৰী অপৰ্ণা নাইৰে আত্মহত্যা কৰিছিল। তেওঁ বহু টিভি শ্ব’ আৰু ছবিত অভিনয় কৰিছে। অপৰ্ণাৰ মৃতদেহো ফ্লেটটোত ওলমি থকা অৱস্থাত উদ্ধাৰ হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ