--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পেলেষ্টাইন-ইজৰাইলৰ সংঘাতে চুই গ’ল ক্ৰিকেট বিশ্বকাপ! বাংলাদেশ বনাম পাকিস্তানৰ খেলৰ সময়ত কলকাতাৰ ইডেন গাৰ্ডেনৰ গেলেৰীত প্ৰদৰ্শিত হৈছিল পেলেষ্টাইনৰ পতাকা। ষ্টেডিয়ামৰ প্ৰৱেশদ্বাৰত ৰঙা-ক’লা-বগা-সেউজীয়া পতাকাখন দেখুওৱাৰ বাবে আৰক্ষীয়ে গেলেৰীৰ পৰা চাৰিজন লোকক গ্ৰেপ্তাৰ কৰে। মৈদান থানালৈ লৈ যোৱা হয়। অৱশ্যে প্ৰাথমিক জেৰাৰ অন্তত মুকলি কৰি দিয়া হয় দুয়োকে।

অনুমান কৰা হৈছে যে সেই দৰ্শকে পেলেষ্টাইনৰ পতাকা দেখুৱাই গাজাত ইজৰাইলে আক্ৰমণৰ প্ৰতিবাদ কৰিছিল। প্ৰসংগক্ৰমে মঙলবাৰৰ খেলখনত ইডেনৰ খেলপথাৰত বাংলাদেশৰ বহু নাগৰিক উপস্থিত আছিল।

৭ অক্টোবৰত পেলেষ্টাইনৰ বাবে সশস্ত্ৰ গোট হামাছে ইজৰাইলৰ ভূখণ্ডত ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰে। ২০০ৰো অধিক নাগৰিকক বন্দী কৰি গাজালৈ লৈ যায়। সেই আকস্মিক আক্ৰমণত প্ৰায় ১৪০০ লোকৰ মৃত্যু হৈছিল। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ইজৰাইলৰ সেনাই গাজাত আক্ৰমণ কৰে। এই পৰ্যন্ত কমেও আঠ হাজাৰ লোকৰ মৃত্যু হৈছে। আধাতকৈ অধিক শিশু। গাজাৰ যুদ্ধৰ অন্ত পেলাবলৈ ৰাষ্ট্ৰসংঘৰ ভোটদানৰ পৰা ভাৰতে বিৰত আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ