--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেমিকে বিয়া নাপাতো বুলি কোৱাত প্ৰেমিকাই ভাঙি দিলে প্ৰেমিকৰ হাত-ভৰি৷ বিয়া নাপাতো বুলি কোৱা কাৰণে প্ৰেমিকাৰ ইমানেই খং উঠিল প্ৰেমিকক গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰি হাত-ভৰি ভাঙি দিয়ে।

পত্নী থকাৰ বাবে যুৱতীগৰাকীক বিয়া কৰাব পৰা নাছিল প্ৰেমিকে। হাৰিয়ানাৰ ফৰিদাবাদ ঘটিছে এই চাঞ্চল্যকৰ ঘটনা। অভিযোগ অনুসৰি পৰিয়ালৰ সৈতে লগ লাগি ছোৱালীজনীয়ে প্ৰেমিকৰ হাত-ভৰি ভাঙি পেলায়। শৰীৰৰ ১৩ স্থানত হাড় ভাঙিছে যুৱকজনৰ। 

ছোৱালীজনীয়ে প্ৰেমিকক ঘৰলৈ ফোন কৰি মাতি আনি তাতে আধামৰা কৰে। আৰক্ষীৰ মতে, ধাৰলৈ লোৱা ধন ঘূৰাই দিয়াৰ অজুহাতত প্ৰেমিকক ঘৰলৈ মাতিছিল ছোৱালীজনীয়ে। আশ্চৰ্যজনক কথাটো হ’ল দুয়োজনেই বিবাহিত। প্ৰেমিকজন পত্নীৰ পৰা পৃথকে থাকে, আনহাতে প্ৰেমিকাগৰাকী ডিভোৰ্চী। এই বিষয়ত ৫জন অভিযুক্তৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে। যুৱকজন তিনি সন্তানৰ পিতৃ আৰু প্ৰেয়সীৰ এগৰাকী ১০ বছৰীয়া কন্যা সন্তান আছে।

হাত-ভৰি ভঙা অৱস্থাত ১৭ দিন ধৰি চিকিৎসালয়ত পৰি আছে গুলচন বজৰংগী। চিকিৎসালয়ত ভৰ্তি হৈ থকা গুলচনে কয় যে ২০১৫ চনত তেওঁ বিবাহপাশত আবদ্ধ হৈছিল আৰু তেওঁলোকৰ তিনিটা সন্তান আছে। আগতে জৱাহৰ কলনীত তেওঁ এখন মোবাইল দোকান চলাইছিল। গুলচনে জনোৱা মতে, ২০১৯ চনত তেওঁৰ দোকানলৈ এগৰাকী যুৱতী আহিছিল। তেওঁ মোবাইল মেৰামতি কৰিবলৈ আহিছিল। দোকানতে চিনাকি হৈ লাহে লাহে দুয়ো কথা পাতিবলৈ ধৰিলে আৰু বন্ধুত্ব গঢ়ি উঠিল। খুব কম সময়ৰ ভিতৰতে দুয়োৰে হৃদয়ত প্ৰেমৰ গোলাপো ফুলি উঠিল।

৯ বছৰ পূৰ্বে যুৱতীগৰাকীয়ে স্বামীক বিবাহ বিচ্ছেদ কৰিছিল। যুৱতীগৰাকীয়ে গুলচনক বিয়াৰ বাবে হেঁচা দিবলৈ ধৰিলে। তেওঁ যুৱতীগৰাকীক কৈছিল যে তেওঁ বিবাহিত আৰু তেওঁৰ তিনিটা সন্তান আছে, কিন্তু যুৱতীগৰাকীয়ে তেওঁক অহৰহ বিয়াৰ বাবে হেঁচা দি থাকিল। প্ৰেমিকাগৰাকীয়ে গুলচনক পত্নী আৰু সন্তানক হত্যা কৰিবলৈ নহ’লে বিবাহ বিচ্ছেদ কৰিবলৈ পৰামৰ্শ দিছিল। এই কথাত অশান্তি পাই তেওঁ প্ৰেমিকাক বিয়া কৰাবলৈ অস্বীকাৰ কৰিলে। ইয়াৰ ফলত দুয়োৰে মাজত কাজিয়া আৰম্ভ হয়।

গুলচনে জনোৱা মতে, ২৯ মাৰ্চত তেওঁ যুৱতীগৰাকীক তেওঁৰ পৰা লোৱা চাৰে ২১ লাখ টকা ঘূৰাই দিবলৈ কয়। টকাখিনি ঘূৰাই দিবলৈ যুৱতীগৰাকীৰ ভায়েক অমিতে তেওঁক ফোন কৰি ঘৰলৈ মাতে। ঘৰত পৰিয়ালৰ সৈতে মিলি গুলচনৰ হাত-ভৰি ভাঙি দিয়ে যুৱতীগৰাকীয়ে। আৰক্ষীয়ে ঘটনাটোৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ