--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মানৱ সমাজক লজ্জানত কৰা এক ঘটনা সংঘটিত হৈছে। পিতৃ-মাতৃয়ে নিজ কন্যাক ৫ লাখ টকাত বিক্ৰী কৰি দিলে এজন লোকক। কিমান পাষাণ হৃদয়ৰ হ’লে মানুহে এনে কাম কৰিব পাৰে! সকলো সময়তে সন্তানৰ সুৰক্ষাৰ ঢাল হিচাপে থিয় দি থাকে পিতৃ-মাতৃ কিন্তু সেই পিতৃ-মাতৃয়েই যেতিয়া টকাৰ দৰদাম কৰি নিজ সন্তানক বিক্ৰী কৰে তেন্তে ভাবক কিমান লেতেৰা মনৰ মানুহ হ’লে এনে নিকৃষ্ট কাম কৰিব পাৰে।  

উত্তৰ প্ৰদেশৰ কৌশম্বী জিলাৰ পৰা পোহৰলৈ আহিছে মানৱ সৰবৰাহৰ এক চাঞ্চল্যকৰ ঘটনা। এগৰাকী দুৰ্ভগীয়া নাবালিকা ছোৱালীয়ে কয় যে মধ্যভোগীৰ জৰিয়তে পিতৃ-মাতৃয়ে তাইক ইটাহ জিলাৰ বাসিন্দা কৰমবীৰক ৫ লাখ টকাত বিক্ৰী কৰিছিল। অভিযুক্তই তাইক ইটাহলৈ লৈ গৈ পণবন্দী কৰি ৰাখিছিল আৰু নিৰ্মমভাৱে নিৰ্যাতন চলাইছিল। 

১৬ মাৰ্চত নাবালিকাগৰাকীয়ে তাৰ পৰা পলায়ন কৰি ঘৰত উপস্থিত হয় কিন্তু পিতৃ-মাতৃয়ে তাইক ঘৰত ৰাখিবলৈ অস্বীকাৰ কৰে। ক্ৰেতাৰ ওচৰলৈ যাবলৈ ছোৱালীজনীক পিতৃ-মাতৃয়ে হেঁচা দিছিল। তেওঁলোকে তাইক কৈছিল যে তুমি তালৈ ঘূৰি যোৱা, আমি তোমাক ঘৰত ৰাখিব নোৱাৰোঁ কাৰণ ৫ লাখ টকাত তোমাক বিক্ৰী কৰি দিয়া হৈছে। এনে অৱস্থাত তাই পেহীয়েকৰ ঘৰত আশ্ৰয় লৈছিল। দেওবাৰে ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত কাৰৰী আৰক্ষীয়ে ভুক্তভোগীৰ পিতৃ-মাতৃ, ক্ৰেতা আৰু মধ্যভোগীৰ বিৰুদ্ধে কন্যা সৰবৰাহ আৰু ধৰ্ষণকে ধৰি ১০টা গুৰুতৰ ধাৰাত গোচৰ ৰুজু কৰে। কাৰৰী থানা এলেকাত সংঘটিত হৈছে এই ঘটনা।

আৰক্ষীয়ে জনায় যে এগৰাকী ১৩ বছৰীয়া কিশোৰীয়ে বিহাৰোজপুৰ গাঁৱৰ বাসিন্দা কমলেশ প্ৰায়ে তেওঁৰ ঘৰলৈ অহা বুলি কাৰৰী থানাত এজাহাৰ দাখিল কৰে। বহু সময়ত ইটাহ জিলাৰ নাগলা ৰামপুৰ গাঁৱৰ বাসিন্দা কৰ্মবীৰ যাদৱকো তেওঁ লগত লৈ আহিছিল। ভুক্তভোগীয়ে জনোৱা মতে, ২০২৫ চনৰ ১৪ মাৰ্চতো দুয়োজনেই ঘৰলৈ আহিছিল। সেইদিনা সন্ধিয়া মাক-দেউতাকে সকলোকে খোৱা-বোৱা দিলে। খাদ্যখিনি খোৱাৰ পিছত টোপনি আৰু মূৰ ঘূৰোৱা অনুভৱ কৰিবলৈ ধৰিলে ছোৱালীজনীয়ে। তাৰপাছত তাইৰ টোপনি আহিল। পিছদিনা সাৰ পাই তেওঁ নিজকে ইটাহৰ কৰ্মবীৰ যাদৱৰ ঘৰত পাইছিল।

সেই বিষয়ে সোধাত কৰ্মবীৰে নিজেই কয় যে তেওঁ মাক-দেউতাকৰ পৰা ৫ লাখ টকাত ছোৱালীজনীক কিনি আনিছে। অভিযোগ অনুসৰি দুদিন ধৰি নিজৰ ঘৰত পণবন্দী কৰি ৰাখি কৰ্মবীৰে যৌন নিৰ্যাতন চলাইছিল। আৰক্ষীয়ে গোচৰ ৰুজু কৰি বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে।

লাভ কৰা তথ্যৰ ভিত্তিত ততাতৈয়াকৈ সংশ্লিষ্ট ধাৰাত গোচৰ ৰুজু কৰা হৈছে। সমগ্ৰ বিষয়টোৰ ওপৰত পুংখানুপুংখ তদন্ত চলি আছে; যিকোনো তথ্যৰ ওপৰত ভিত্তি কৰি প্ৰয়োজনীয় আৰু কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে