--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মানৱ সমাজক লজ্জানত কৰা এক ঘটনা সংঘটিত হৈছে। পিতৃ-মাতৃয়ে নিজ কন্যাক ৫ লাখ টকাত বিক্ৰী কৰি দিলে এজন লোকক। কিমান পাষাণ হৃদয়ৰ হ’লে মানুহে এনে কাম কৰিব পাৰে! সকলো সময়তে সন্তানৰ সুৰক্ষাৰ ঢাল হিচাপে থিয় দি থাকে পিতৃ-মাতৃ কিন্তু সেই পিতৃ-মাতৃয়েই যেতিয়া টকাৰ দৰদাম কৰি নিজ সন্তানক বিক্ৰী কৰে তেন্তে ভাবক কিমান লেতেৰা মনৰ মানুহ হ’লে এনে নিকৃষ্ট কাম কৰিব পাৰে।  

উত্তৰ প্ৰদেশৰ কৌশম্বী জিলাৰ পৰা পোহৰলৈ আহিছে মানৱ সৰবৰাহৰ এক চাঞ্চল্যকৰ ঘটনা। এগৰাকী দুৰ্ভগীয়া নাবালিকা ছোৱালীয়ে কয় যে মধ্যভোগীৰ জৰিয়তে পিতৃ-মাতৃয়ে তাইক ইটাহ জিলাৰ বাসিন্দা কৰমবীৰক ৫ লাখ টকাত বিক্ৰী কৰিছিল। অভিযুক্তই তাইক ইটাহলৈ লৈ গৈ পণবন্দী কৰি ৰাখিছিল আৰু নিৰ্মমভাৱে নিৰ্যাতন চলাইছিল। 

১৬ মাৰ্চত নাবালিকাগৰাকীয়ে তাৰ পৰা পলায়ন কৰি ঘৰত উপস্থিত হয় কিন্তু পিতৃ-মাতৃয়ে তাইক ঘৰত ৰাখিবলৈ অস্বীকাৰ কৰে। ক্ৰেতাৰ ওচৰলৈ যাবলৈ ছোৱালীজনীক পিতৃ-মাতৃয়ে হেঁচা দিছিল। তেওঁলোকে তাইক কৈছিল যে তুমি তালৈ ঘূৰি যোৱা, আমি তোমাক ঘৰত ৰাখিব নোৱাৰোঁ কাৰণ ৫ লাখ টকাত তোমাক বিক্ৰী কৰি দিয়া হৈছে। এনে অৱস্থাত তাই পেহীয়েকৰ ঘৰত আশ্ৰয় লৈছিল। দেওবাৰে ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত কাৰৰী আৰক্ষীয়ে ভুক্তভোগীৰ পিতৃ-মাতৃ, ক্ৰেতা আৰু মধ্যভোগীৰ বিৰুদ্ধে কন্যা সৰবৰাহ আৰু ধৰ্ষণকে ধৰি ১০টা গুৰুতৰ ধাৰাত গোচৰ ৰুজু কৰে। কাৰৰী থানা এলেকাত সংঘটিত হৈছে এই ঘটনা।

আৰক্ষীয়ে জনায় যে এগৰাকী ১৩ বছৰীয়া কিশোৰীয়ে বিহাৰোজপুৰ গাঁৱৰ বাসিন্দা কমলেশ প্ৰায়ে তেওঁৰ ঘৰলৈ অহা বুলি কাৰৰী থানাত এজাহাৰ দাখিল কৰে। বহু সময়ত ইটাহ জিলাৰ নাগলা ৰামপুৰ গাঁৱৰ বাসিন্দা কৰ্মবীৰ যাদৱকো তেওঁ লগত লৈ আহিছিল। ভুক্তভোগীয়ে জনোৱা মতে, ২০২৫ চনৰ ১৪ মাৰ্চতো দুয়োজনেই ঘৰলৈ আহিছিল। সেইদিনা সন্ধিয়া মাক-দেউতাকে সকলোকে খোৱা-বোৱা দিলে। খাদ্যখিনি খোৱাৰ পিছত টোপনি আৰু মূৰ ঘূৰোৱা অনুভৱ কৰিবলৈ ধৰিলে ছোৱালীজনীয়ে। তাৰপাছত তাইৰ টোপনি আহিল। পিছদিনা সাৰ পাই তেওঁ নিজকে ইটাহৰ কৰ্মবীৰ যাদৱৰ ঘৰত পাইছিল।

সেই বিষয়ে সোধাত কৰ্মবীৰে নিজেই কয় যে তেওঁ মাক-দেউতাকৰ পৰা ৫ লাখ টকাত ছোৱালীজনীক কিনি আনিছে। অভিযোগ অনুসৰি দুদিন ধৰি নিজৰ ঘৰত পণবন্দী কৰি ৰাখি কৰ্মবীৰে যৌন নিৰ্যাতন চলাইছিল। আৰক্ষীয়ে গোচৰ ৰুজু কৰি বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে।

লাভ কৰা তথ্যৰ ভিত্তিত ততাতৈয়াকৈ সংশ্লিষ্ট ধাৰাত গোচৰ ৰুজু কৰা হৈছে। সমগ্ৰ বিষয়টোৰ ওপৰত পুংখানুপুংখ তদন্ত চলি আছে; যিকোনো তথ্যৰ ওপৰত ভিত্তি কৰি প্ৰয়োজনীয় আৰু কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ