--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ মাৰ্চৰ শেষৰ আৰু এপ্ৰিলৰ আৰম্ভণিতে ‘চিকেনপক্স’ বা বসন্ত ৰোগৰ সংক্ৰমণ বৃদ্ধি হয় বুলি জনা যায়। ‘চিকেনপক্স’ হৈছে এক ভাইৰেল সংক্ৰমণ আৰু এই সংক্ৰমণ ঋতু অনুসৰি হোৱা দেখা যায়। দেশৰ কিছু অংশত ‘চিকেনপক্স’ক 'ছোটি মাতা' বুলিও কোৱা হয়। এই সংক্ৰমণ ভেৰিচেলা-জষ্টাৰ নামৰ ভাইৰাছৰ ফলত হয় আৰু ইয়াৰ কোনো চিকিৎসা বৰ্তমানলৈকে চিকিৎসা বিজ্ঞানত নাই। ‘চিকেনপক্স’ প্ৰতিৰোধৰ বাবে ভেকচিনৰ ব্যৱহাৰ ৯০ শতাংশ কাৰ্যক্ষম বুলি কোৱা হৈছে। চিকেনপক্সৰ ফলত শৰীৰত দাগ বা ফোঁহা হয়, ই যথেষ্ট খজুৱতি আৰু জ্বলা-পোৰাৰ দৰে সমস্যা কৰে।

 শৰীৰত এই ভাইৰাছৰ কাৰ্যক্ষমতা নিজে নিজে হ্ৰাস হ’বলৈ ধৰে। এই কাৰণে এনে ভাইৰাছৰ সংক্ৰমণত কোনো ঔষধ গ্ৰহণৰ পৰামৰ্শ দিয়া নহয়। এই ৰোগে শিশুক অধিক আক্ৰমণ কৰা দেখা যায়। চিকেনপক্স সংক্ৰমণৰ সময়ত কিছুমান প্ৰতিকাৰ যথেষ্ট সহায়ক হয়।

 ১. চিকেনপক্সৰ সমস্যা

 ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰৰ (চিডিচি) বিশেষজ্ঞৰ মতে চিকেনপক্স হৈছে এক অতি সংক্ৰামক ৰোগ। ইয়াৰ ফলত সংক্ৰমিত লোকৰ বুকু, পিঠি আৰু মুখত দাগ বা ফোঁহা হ'ব পাৰে। যেতিয়া সংক্ৰমণ বৃদ্ধি পাই গোটেই শৰীৰত বিয়পে। বিশেষকৈ নৱজাতক, কিশোৰ, প্ৰাপ্তবয়স্ক, গৰ্ভৱতী মহিলাৰ এই সংক্ৰমণৰ আশংকা অধিক। বিশেষজ্ঞসকলৰ মতে, দুৰ্বল ৰোগ-প্ৰতিৰোধ প্ৰণালীৰ লোকসকল এই ভাইৰাছৰ দ্বাৰা সংক্ৰমণৰ আশংকা বেছি। চিকেনপক্স প্ৰতিৰোধ কৰাৰ সৰ্বশ্ৰেষ্ঠ উপায় হ'ল-চিকেনপক্সৰ টিকা গ্ৰহণ কৰা।

 ২. চিকেনপক্সৰ লক্ষণবোৰ কি?

 চিডিচিৰ মতে, চিকেনপক্সৰ সমস্যাৰ ফলত শৰীৰত দাগ আৰু ফোঁহা হয়। এই ফোঁহাবোৰ প্ৰথমে বুকু, পিঠি আৰু মুখত দেখা দিব পাৰে আৰু তাৰ পিছত সংক্ৰমণ বৃদ্ধিৰ লগে লগে মুখ, চকুৰ পতাকে ধৰি সমগ্ৰ শৰীৰত বিয়পি পৰিব পাৰে। সংক্ৰমণ আৰোগ্য হ'বলৈ সাধাৰণতে এসপ্তাহলৈকে সময় লাগিব পাৰে। সংক্ৰমণৰ সময়ত শৰীৰত জ্বৰ, ভাগৰ, ভোক নোহোৱা আৰু মুৰৰ বিষৰ সমস্যাও দেখা দিব পাৰে।

 ৩. চিকেনপক্সৰ চিকিৎসা

 চিকেনপক্সৰ সংক্ৰমণ স্বয়ংক্ৰিয়ভাৱে নিজে নিজে আৰোগ্য হয়, সাধাৰণতে ইয়াত চিকিৎসকে ঘৰুৱা প্ৰতিকাৰ ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিয়ে। ভাইৰাছবিধ আনলৈ বিয়পা আৰু ছালৰ সংক্ৰমণ ৰোধ কৰিবলৈ কেলামাইন লোচন আৰু বেকিং চডা, ওটমিল বাথ আদিৰ ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিয়ে।

 ৪. চিকেনপক্সৰ পৰা সুৰক্ষা দিবলৈ কি কৰিব লাগে?

 চিকেনপক্সৰ পৰা সুৰক্ষা দিবলৈ টিকাকৰণ কৰাটো অতি উপকাৰী বুলি গণ্য কৰা হয়। চিকেনপক্স ভেকচিনৰ দুটা পালিয়ে সংক্ৰমণৰ পৰা সুৰক্ষিত কৰাত সহায় কৰিব পাৰে। আনকি টিকাকৰণ কৰা ব্যক্তিজনৰ চিকেনপক্স হ'লেও লক্ষণবোৰ সাধাৰণতে নিম্নতম বা মৃদু হয়। সংক্ৰমণৰ সময়ত আহাৰৰ বিশেষ যত্ন ল'ব লাগে। সংক্ৰমণৰ সময়ত তৰল বস্তু, ফলৰ ৰস আৰু যথেষ্ট পৰিমাণে পানী খাব লাগে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ