--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ মাৰ্চৰ শেষৰ আৰু এপ্ৰিলৰ আৰম্ভণিতে ‘চিকেনপক্স’ বা বসন্ত ৰোগৰ সংক্ৰমণ বৃদ্ধি হয় বুলি জনা যায়। ‘চিকেনপক্স’ হৈছে এক ভাইৰেল সংক্ৰমণ আৰু এই সংক্ৰমণ ঋতু অনুসৰি হোৱা দেখা যায়। দেশৰ কিছু অংশত ‘চিকেনপক্স’ক 'ছোটি মাতা' বুলিও কোৱা হয়। এই সংক্ৰমণ ভেৰিচেলা-জষ্টাৰ নামৰ ভাইৰাছৰ ফলত হয় আৰু ইয়াৰ কোনো চিকিৎসা বৰ্তমানলৈকে চিকিৎসা বিজ্ঞানত নাই। ‘চিকেনপক্স’ প্ৰতিৰোধৰ বাবে ভেকচিনৰ ব্যৱহাৰ ৯০ শতাংশ কাৰ্যক্ষম বুলি কোৱা হৈছে। চিকেনপক্সৰ ফলত শৰীৰত দাগ বা ফোঁহা হয়, ই যথেষ্ট খজুৱতি আৰু জ্বলা-পোৰাৰ দৰে সমস্যা কৰে।

 শৰীৰত এই ভাইৰাছৰ কাৰ্যক্ষমতা নিজে নিজে হ্ৰাস হ’বলৈ ধৰে। এই কাৰণে এনে ভাইৰাছৰ সংক্ৰমণত কোনো ঔষধ গ্ৰহণৰ পৰামৰ্শ দিয়া নহয়। এই ৰোগে শিশুক অধিক আক্ৰমণ কৰা দেখা যায়। চিকেনপক্স সংক্ৰমণৰ সময়ত কিছুমান প্ৰতিকাৰ যথেষ্ট সহায়ক হয়।

 ১. চিকেনপক্সৰ সমস্যা

 ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰৰ (চিডিচি) বিশেষজ্ঞৰ মতে চিকেনপক্স হৈছে এক অতি সংক্ৰামক ৰোগ। ইয়াৰ ফলত সংক্ৰমিত লোকৰ বুকু, পিঠি আৰু মুখত দাগ বা ফোঁহা হ'ব পাৰে। যেতিয়া সংক্ৰমণ বৃদ্ধি পাই গোটেই শৰীৰত বিয়পে। বিশেষকৈ নৱজাতক, কিশোৰ, প্ৰাপ্তবয়স্ক, গৰ্ভৱতী মহিলাৰ এই সংক্ৰমণৰ আশংকা অধিক। বিশেষজ্ঞসকলৰ মতে, দুৰ্বল ৰোগ-প্ৰতিৰোধ প্ৰণালীৰ লোকসকল এই ভাইৰাছৰ দ্বাৰা সংক্ৰমণৰ আশংকা বেছি। চিকেনপক্স প্ৰতিৰোধ কৰাৰ সৰ্বশ্ৰেষ্ঠ উপায় হ'ল-চিকেনপক্সৰ টিকা গ্ৰহণ কৰা।

 ২. চিকেনপক্সৰ লক্ষণবোৰ কি?

 চিডিচিৰ মতে, চিকেনপক্সৰ সমস্যাৰ ফলত শৰীৰত দাগ আৰু ফোঁহা হয়। এই ফোঁহাবোৰ প্ৰথমে বুকু, পিঠি আৰু মুখত দেখা দিব পাৰে আৰু তাৰ পিছত সংক্ৰমণ বৃদ্ধিৰ লগে লগে মুখ, চকুৰ পতাকে ধৰি সমগ্ৰ শৰীৰত বিয়পি পৰিব পাৰে। সংক্ৰমণ আৰোগ্য হ'বলৈ সাধাৰণতে এসপ্তাহলৈকে সময় লাগিব পাৰে। সংক্ৰমণৰ সময়ত শৰীৰত জ্বৰ, ভাগৰ, ভোক নোহোৱা আৰু মুৰৰ বিষৰ সমস্যাও দেখা দিব পাৰে।

 ৩. চিকেনপক্সৰ চিকিৎসা

 চিকেনপক্সৰ সংক্ৰমণ স্বয়ংক্ৰিয়ভাৱে নিজে নিজে আৰোগ্য হয়, সাধাৰণতে ইয়াত চিকিৎসকে ঘৰুৱা প্ৰতিকাৰ ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিয়ে। ভাইৰাছবিধ আনলৈ বিয়পা আৰু ছালৰ সংক্ৰমণ ৰোধ কৰিবলৈ কেলামাইন লোচন আৰু বেকিং চডা, ওটমিল বাথ আদিৰ ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিয়ে।

 ৪. চিকেনপক্সৰ পৰা সুৰক্ষা দিবলৈ কি কৰিব লাগে?

 চিকেনপক্সৰ পৰা সুৰক্ষা দিবলৈ টিকাকৰণ কৰাটো অতি উপকাৰী বুলি গণ্য কৰা হয়। চিকেনপক্স ভেকচিনৰ দুটা পালিয়ে সংক্ৰমণৰ পৰা সুৰক্ষিত কৰাত সহায় কৰিব পাৰে। আনকি টিকাকৰণ কৰা ব্যক্তিজনৰ চিকেনপক্স হ'লেও লক্ষণবোৰ সাধাৰণতে নিম্নতম বা মৃদু হয়। সংক্ৰমণৰ সময়ত আহাৰৰ বিশেষ যত্ন ল'ব লাগে। সংক্ৰমণৰ সময়ত তৰল বস্তু, ফলৰ ৰস আৰু যথেষ্ট পৰিমাণে পানী খাব লাগে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন