--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহু স্বামীয়ে নিশা পলমকৈ ঘৰ সোমায়। নিশা দোভাগলৈকে তেওঁলোক ক’ত থাকে, কাৰ সৈতে থাকে আদি কথাবোৰকলৈ প্ৰায়ে পতি-পত্নীৰ মাজত এখুন্দা নলগাও নহয়। স্বামীয়ে নিশা পলমকৈ ঘৰত প্ৰৱেশ কৰিলে  স্বামীৰ কাৰ্য্যই পত্নীৰ মনত সন্দেহ উপজাব পাৰে। বহু পত্নীয়ে হয়তো এনেদৰে ভাবিব পাৰে যে তেওঁৰ স্বামীৰ হয়তো  আন কাৰোবাৰ সৈতে সম্পৰ্ক আছে। পত্নীৰ এই মনোভাৱক কেতিয়াও নিষ্ঠুৰতা বুলি ক'ব নোৱাৰি।

 ছত্তীশগড় উচ্চ ন্যায়ালয়ে ৰেইনপ্ৰীত কৌৰ আৰু কুলবীৰ ছাবৰাৰ গোচৰৰ ক্ষেত্ৰত এনে ধৰণৰ মন্তব্য কৰি পৰিয়ালৰ মাজত দেখা দিয়া সংকট দূৰ  কৰিবলৈ চেষ্টা কৰিছে।ন্যায়াধীশ গৌতম ভাদুৰী আৰু দীপক কুমাৰ তিৱাৰীৰ বিচাৰপীঠে লক্ষ্য কৰে যে এনে পৰিস্থিতিত পত্নীৰ সন্দেহ মানুহৰ স্বাভাৱিক আচৰণৰ ভিতৰত পৰে। বহু স্বামী প্ৰায়ে ৰাতি পলমকৈ ঘৰলৈ উভতি আহে। কেতিয়াবা বহুতে নিশা ঘৰলৈ  ঘূৰি নাহেও। এনেক্ষেত্ৰত স্বামীক পত্নীয়ে প্ৰশ্ন কৰিব পাৰে। 

গোচৰটোত  পত্নীয়ে একে ধৰণৰ অভিযোগেই কৰিছিল।ইয়াৰ প্ৰত্যুত্তৰত স্বামীয়ে আদালতক কয় যে তেওঁ ৰাজনৈতিক কাৰ্যকলাপৰ সৈতে জড়িত । সেয়ে নিশা ঘৰ পাওঁতে পলম হয়। কিন্তু তেওঁৰ পত্নীয়ে তেওঁক বিশ্বাস কৰা নাছিল আৰু  কৈছিল যে তেওঁ তেওঁৰ চৰিত্ৰকলৈ সন্দেহ কৰে।   ইয়াৰ পিছতে পতিয়ে পাৰিবাৰিক আদালতত বিবাহ বিচ্ছেদৰ বাবে আবেদন কৰিছিল। সেয়া  মঞ্জুৰো কৰা হৈছিল।

কিন্তু পত্নীয়ে ৰায়টোক প্ৰত্যাহ্বান জনাইছিল আৰু উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। শুনানিৰ সময়ত ছত্তীশগড় উচ্চ ন্যায়ালয়ে কয় "অভিযোগৰ ভিত্তিত, এয়া  ক'ব নোৱাৰি যে স্বামী সম্পূৰ্ণ ভুল," । তেওঁৰ পলমকৈ ঘৰলৈ উভতি অহাৰ কাৰণ তেওঁৰ পত্নীক নজনোৱা কথাত  অস্বাভাৱিক আচৰণ নিহিত আছে। স্বামীয়ে সন্দেহ প্ৰকাশ কৰিছিল যে তেওঁৰ পত্নীয়ে তেওঁৰ ভায়েকৰ বন্ধুবৰ্গৰ সৈতে তেওঁৰ মোবাইল ফোনত সঘনাই কথা পাতিছিল। এই ক্ষেত্ৰত, দোষ নিদিয়াকৈ স্বামী আৰু পত্নীৰ মাজত পাৰস্পৰিক বিশ্বাস বৰ্তাই ৰখাটো গুৰুত্বপূৰ্ণ,’’  বিচাৰপীঠে কয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ