--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰতিজন ব্যক্তিয়ে সুখী জীৱন যাপন কৰিব বিচাৰে। ঘৰখনত যাতে সুখ-সমৃদ্ধি থাকে আৰু ধন-সম্পত্তিৰে পৰিপূৰ্ণ হৈ থাকে তাৰ বাবে বহু মানুহে দিনে-ৰাতিয়ে কষ্ট কৰে। মা লক্ষ্মীৰ(Maa Lakshmi) কৃপা পাবলৈ বহু লোকে পূজা-পাতলো কৰে। কিন্তু তথাপিও ভাগ্যৰ অভাৱত কোনোৱে ভবামতে জীৱনটো সজাব নোৱাৰে। এনে অৱস্থাত জ্যোতিষশাস্ত্ৰত কিছুমান সহজ-সৰল আৰু সঠিক উপায়ৰ বিষয়ে কোৱা হৈছে, যিবোৰ মানি চলিলে মা লক্ষ্মী ব্যক্তিজনৰ ঘৰত বাস কৰে আৰু ভাগ্য সলনি হয় বুলি বিশ্বাস কৰা হয়।

ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে এই ৭টা কাম কৰক

১) পুৱা চকু মেলাৰ লগে লগে ব্যক্তিজনে প্ৰথমে হাতৰ তলুৱালৈ চাব লাগে। হাতৰ তলুৱালৈ চাই ভগৱানক স্মৰণ কৰক। লগতে এই মন্ত্ৰ মাতক ‘কৰাগ্ৰে বসতে লক্ষ্মী: কৰমধ্যে সৰস্বতী। কৰমূলে স্থিত ব্ৰহ্ম প্ৰভাতে কৰদৰ্শনম।' এনেদৰে উচ্চাৰণ কৰি হাতৰ তলুৱা দুটা মুখৰ ওপৰেৰে বোলাই দিয়ক।
ব্ৰহ্মা, সৰস্বতীৰ সৈতে দেৱী লক্ষ্মী এজন ব্যক্তিৰ হাতৰ তলুৱাত বাস কৰে বুলি বিশ্বাস কৰা হয়। ৰাতিপুৱা তলুৱা দৰ্শন  কৰিলে ব্যক্তিৰ দিনটো ভাল হয় আৰু মা লক্ষ্মীৰ কৃপা পোৱা যায় বুলি বিশ্বাস কৰা হয়।

২)ৰাতিপুৱা সাৰ পোৱাৰ পাছত মাটিত ভৰি দিয়াৰ আগতে পৃথিৱী মাতৃৰ চৰণ স্পৰ্শ কৰি আশীৰ্বাদ বিচাৰিব। 

৩)ধৰ্মীয় গ্ৰন্থৰ মতে সূৰ্য্য উদয়ৰ আগেয়ে উঠি যোৱাটো শুভ বুলি গণ্য কৰা হয়। লগতে স্নান আদি কৰি তামৰ পাত্ৰৰে ভগৱান সূৰ্য্য ঈশ্বৰক পানী আগবঢ়াব লাগে। কোৱা হয় যে ভগৱান সূৰ্য দেৱক সন্মান, চাকৰি, ব্যৱসায় আদিৰ গ্ৰহ হিচাপে গণ্য কৰা হয়। সেয়ে সূৰ্য্য দেৱতাক নিয়মিতভাৱে অৰ্ঘ্য প্ৰদান কৰিলে সূৰ্য্য গ্ৰহ শক্তিশালী হয়, আৰু প্ৰতিটো কামতে সফলতা লাভ কৰা যায়।

৪)তুলসীৰ গুৰুত্বৰ বিষয়েও শাস্ত্ৰত বৰ্ণনা কৰা হৈছে। তুলসীত দেৱী লক্ষ্মী বাস কৰে বুলি বিশ্বাস কৰা হয়। গতিকে তুলসীৰ পূজা নিয়মীয়াকৈ কৰিব লাগে। লগতে প্ৰতিটো কামতে সাফল্যৰ বাবে নিয়মিতভাৱে তুলসীৰ মাটিৰ তিলক প্ৰয়োগ কৰিব লাগে।

৫)লক্ষ্মী দেৱীৰ আশীৰ্বাদ পাবলৈ নিয়মিতভাৱে লক্ষ্মী স্ত্ৰোত আৰু কনকধাৰা স্তোত পাঠ কৰিব লাগে বুলি বিশ্বাস কৰা হয়। এনে কৰিলে লক্ষ্মী দেৱী সন্তুষ্ট হয়। আৰু ঘৰত টকা-পইচা আৰু খাদ্যৰ অভাৱ নোহোৱা হয়।

৬)শিৱ পুৰাণত কোৱা হৈছে যে প্ৰতিমাহৰ কৃষ্ণ পক্ষৰ চতুৰ্দশী তাৰিখে ভগৱান শিৱক কুঁহিয়াৰ ৰসেৰে অভিষেক কৰিলে ভগৱান শিৱৰ কৃপা পোৱা যায়। সেই ব্যক্তিৰ ওপৰত ভগৱান শিৱৰ কৃপা থাকে আৰু জীৱনত সুখ-সমৃদ্ধি অৰ্জন হয়।

৭)নিয়মিতভাৱে শিৱলিংগত জলাভিষেক বা গাখীৰৰে অভিষেক কৰিলে উপকাৰী ফল পোৱা যায়। 

 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ