--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰতিজন ব্যক্তিয়ে সুখী জীৱন যাপন কৰিব বিচাৰে। ঘৰখনত যাতে সুখ-সমৃদ্ধি থাকে আৰু ধন-সম্পত্তিৰে পৰিপূৰ্ণ হৈ থাকে তাৰ বাবে বহু মানুহে দিনে-ৰাতিয়ে কষ্ট কৰে। মা লক্ষ্মীৰ(Maa Lakshmi) কৃপা পাবলৈ বহু লোকে পূজা-পাতলো কৰে। কিন্তু তথাপিও ভাগ্যৰ অভাৱত কোনোৱে ভবামতে জীৱনটো সজাব নোৱাৰে। এনে অৱস্থাত জ্যোতিষশাস্ত্ৰত কিছুমান সহজ-সৰল আৰু সঠিক উপায়ৰ বিষয়ে কোৱা হৈছে, যিবোৰ মানি চলিলে মা লক্ষ্মী ব্যক্তিজনৰ ঘৰত বাস কৰে আৰু ভাগ্য সলনি হয় বুলি বিশ্বাস কৰা হয়।

ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে এই ৭টা কাম কৰক

১) পুৱা চকু মেলাৰ লগে লগে ব্যক্তিজনে প্ৰথমে হাতৰ তলুৱালৈ চাব লাগে। হাতৰ তলুৱালৈ চাই ভগৱানক স্মৰণ কৰক। লগতে এই মন্ত্ৰ মাতক ‘কৰাগ্ৰে বসতে লক্ষ্মী: কৰমধ্যে সৰস্বতী। কৰমূলে স্থিত ব্ৰহ্ম প্ৰভাতে কৰদৰ্শনম।' এনেদৰে উচ্চাৰণ কৰি হাতৰ তলুৱা দুটা মুখৰ ওপৰেৰে বোলাই দিয়ক।
ব্ৰহ্মা, সৰস্বতীৰ সৈতে দেৱী লক্ষ্মী এজন ব্যক্তিৰ হাতৰ তলুৱাত বাস কৰে বুলি বিশ্বাস কৰা হয়। ৰাতিপুৱা তলুৱা দৰ্শন  কৰিলে ব্যক্তিৰ দিনটো ভাল হয় আৰু মা লক্ষ্মীৰ কৃপা পোৱা যায় বুলি বিশ্বাস কৰা হয়।

২)ৰাতিপুৱা সাৰ পোৱাৰ পাছত মাটিত ভৰি দিয়াৰ আগতে পৃথিৱী মাতৃৰ চৰণ স্পৰ্শ কৰি আশীৰ্বাদ বিচাৰিব। 

৩)ধৰ্মীয় গ্ৰন্থৰ মতে সূৰ্য্য উদয়ৰ আগেয়ে উঠি যোৱাটো শুভ বুলি গণ্য কৰা হয়। লগতে স্নান আদি কৰি তামৰ পাত্ৰৰে ভগৱান সূৰ্য্য ঈশ্বৰক পানী আগবঢ়াব লাগে। কোৱা হয় যে ভগৱান সূৰ্য দেৱক সন্মান, চাকৰি, ব্যৱসায় আদিৰ গ্ৰহ হিচাপে গণ্য কৰা হয়। সেয়ে সূৰ্য্য দেৱতাক নিয়মিতভাৱে অৰ্ঘ্য প্ৰদান কৰিলে সূৰ্য্য গ্ৰহ শক্তিশালী হয়, আৰু প্ৰতিটো কামতে সফলতা লাভ কৰা যায়।

৪)তুলসীৰ গুৰুত্বৰ বিষয়েও শাস্ত্ৰত বৰ্ণনা কৰা হৈছে। তুলসীত দেৱী লক্ষ্মী বাস কৰে বুলি বিশ্বাস কৰা হয়। গতিকে তুলসীৰ পূজা নিয়মীয়াকৈ কৰিব লাগে। লগতে প্ৰতিটো কামতে সাফল্যৰ বাবে নিয়মিতভাৱে তুলসীৰ মাটিৰ তিলক প্ৰয়োগ কৰিব লাগে।

৫)লক্ষ্মী দেৱীৰ আশীৰ্বাদ পাবলৈ নিয়মিতভাৱে লক্ষ্মী স্ত্ৰোত আৰু কনকধাৰা স্তোত পাঠ কৰিব লাগে বুলি বিশ্বাস কৰা হয়। এনে কৰিলে লক্ষ্মী দেৱী সন্তুষ্ট হয়। আৰু ঘৰত টকা-পইচা আৰু খাদ্যৰ অভাৱ নোহোৱা হয়।

৬)শিৱ পুৰাণত কোৱা হৈছে যে প্ৰতিমাহৰ কৃষ্ণ পক্ষৰ চতুৰ্দশী তাৰিখে ভগৱান শিৱক কুঁহিয়াৰ ৰসেৰে অভিষেক কৰিলে ভগৱান শিৱৰ কৃপা পোৱা যায়। সেই ব্যক্তিৰ ওপৰত ভগৱান শিৱৰ কৃপা থাকে আৰু জীৱনত সুখ-সমৃদ্ধি অৰ্জন হয়।

৭)নিয়মিতভাৱে শিৱলিংগত জলাভিষেক বা গাখীৰৰে অভিষেক কৰিলে উপকাৰী ফল পোৱা যায়। 

 

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ