--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • প্রধানমন্ত্রীয়ে ৰাম মন্দিৰৰ লগতে আন আঠটা মন্দিৰৰ শিখৰত ধৰ্ম ধ্বজা উত্তোলন কৰিব। ধৰ্ম ধ্বজা উত্তোলনৰ পাছত ৭০ একৰ ভূমিত নিৰ্মাণ কৰা এই মন্দিৰসমূহ দৰ্শনাৰ্থীৰ বাবে মুকলি কৰি দিয়া হ'ব।

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ অযোধ্যাত ভগৱান শ্ৰীৰাম জন্মভূমি মন্দিৰৰ নিৰ্মাণ কাৰ্য সম্পূর্ণ হৈছে। এই সম্পৰ্কত ৰাম জন্মভূমি তীর্থ ক্ষেত্ৰ ন্যাসে কয় যে মন্দিৰত সকলো মূর্তি স্থাপন কৰা হৈছে। মন্দিৰৰ চূড়াত ধ্বজদণ্ডৰ পৰা কলহ স্থাপনৰ কামো সম্পূৰ্ণ হৈছে। ন্যাসে সামাজিক মাধ্যমত এই সম্পৰ্কত গুৰুত্বপূৰ্ণ তথ্য প্রকাশ কৰিছে।


ন্যাসে সামাজিক মাধ্যমত দিয়া এটা প'ষ্টত কয়, 'সকলো ৰাম ভক্তক এই কথা জনাবলৈ পাই সুখী হৈছোঁ যে মন্দিৰৰ নিৰ্মাণৰ সৈতে জড়িত সকলো কাম সম্পূৰ্ণ হৈছে। মুখ্য মন্দিৰ, পৰকোটাৰ ছটা মন্দিৰ ভগৱান শিৱ, ভগৱান গণেশ, ভগৱান হনুমান, সূর্যদেৱ, দেৱী ভগৱতী, দেৱী অন্নপূর্ণা তথা শেষাৱতাৰ মন্দিৰ সম্পূৰ্ণ হৈছে আৰু ইয়াত ধ্বজদণ্ড তথা কলস স্থাপন কৰা হৈছে।' ন্যাসে লগতে কয় যে সপ্ত মণ্ডপ অর্থাৎ মহর্ষি বাল্মীকি, বশিষ্ঠ, বিশ্বামিত্র, মহর্ষি অগস্ত্য, নিষাদৰাজ, শবৰী তথা ঋষি পত্নী অহল্যা মন্দিৰৰ নির্মাণ কার্যও সম্পূর্ণ হৈছে। সন্ত তুলসী দাসৰ মন্দিৰো সম্পূৰ্ণ হোৱাৰ লগতে জটায়ু আৰু কেৰ্কেটুৱাৰ প্ৰতিমা স্থাপন কৰা হৈছে। দৰ্শনাৰ্থীৰ সুবিধা তথা ব্যৱস্থাৰ সৈতে জড়িত সকলো কামো সম্পূর্ণ হোৱা বুলি ন্যাসে প্রকাশ কৰে।


দর্শনার্থী তথা ভক্তৰ সৈতে সম্পর্ক নথকা কিছু নির্মাণ কার্য এতিয়াও চলি থকা বুলি ন্যাসে প্রকাশ কৰে। ইয়াৰ ভিতৰত ১৫-১৬ ফুট উচ্চতাৰ তথা প্রায় ৩.৫ দৈৰ্ঘ্যৰ প্ৰাচীৰ নিৰ্মাণৰ কাম চলি আছে। ইয়াৰ উপৰি ন্যাসৰ কাৰ্যালয়, অতিথি গৃহ তথা সভাঘৰৰ নিৰ্মাণ কাৰ্যও চলি আছে আৰু এই কাৰ্য অচিৰেই সমাপ্ত হ'ব বুলি ন্যাসে প্রকাশ কৰে। ইয়াৰ লগতে মন্দিৰৰ সৌন্দর্যবর্ধন, পথসমূহ, মজিয়াৰ কাম আৰু দহ একৰ ভূমিত পঞ্চৱতীৰ নিৰ্মাণ কাৰ্য চলি আছে। ইফালে মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ প্ৰায় ১ বছৰ ৯ মাহৰ পাছত ৰাম জন্মভূমি মন্দিৰত পুনৰ এক বিশাল অনুষ্ঠানৰ যো-জা চলিছে।


এইবাৰ অহা ২৫ নৱেম্বৰত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে মন্দিৰৰ ধৰ্মধ্বজা উত্তোলন কৰিব। প্রধানমন্ত্রীয়ে ৰাম মন্দিৰৰ লগতে আন আঠটা মন্দিৰৰ শিখৰত ধৰ্ম ধ্বজা উত্তোলন কৰিব। ধৰ্ম ধ্বজা উত্তোলনৰ পাছত ৭০ একৰ ভূমিত নিৰ্মাণ কৰা এই মন্দিৰসমূহ দৰ্শনাৰ্থীৰ বাবে মুকলি কৰি দিয়া হ'ব। মন্দিৰত ২১ নৱেম্বৰৰ পৰা এই অনুষ্ঠান আৰম্ভ হ'ব। মূল অনুষ্ঠান ২৫ নৱেম্বৰৰ পুৱা ১০-৩০ বজাৰ পৰা ১২-৩০ বজাৰ ভিতৰত অনুষ্ঠিত হ'ব। এই সময়ছোৱাত ৰামললা দৰ্শন কৰিব নোৱাৰিব। ন্যাসে জনোৱা মতে, প্রধানমন্ত্ৰীয়ে মন্দিৰৰ আঠটা চূড়াত ধ্বজাৰোহণ কৰিব। এই অনুষ্ঠানত আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতৰ উপৰি বিজেপিৰ কেইবাজনো জ্যেষ্ঠ নেতা উপস্থিত থাকিব।


এই অনুষ্ঠানত দেশ আৰু বিদেশৰ পৰা প্ৰায় দহ হাজাৰ অতিথিয়ে অংশ গ্রহণ কৰিব। অযোধ্যা আৰু ইয়াৰ দাঁতিকাষৰৰ জিলাসমূহৰ সাধু-সন্তৰ লগতে ভক্তক এই অনুষ্ঠানলৈ নিমন্ত্রণ জনোৱা হৈছে। সাধু-সন্তৰ লগতে ভি আই পি অতিথিৰ বাবে ন্যাসে প্রায় তিনি হাজাৰ হোটেলৰ কোঠা, অতিথিশালা তথা হ'ম ষ্টে বুকিং কৰিছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ