--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • প্রধানমন্ত্রীয়ে ৰাম মন্দিৰৰ লগতে আন আঠটা মন্দিৰৰ শিখৰত ধৰ্ম ধ্বজা উত্তোলন কৰিব। ধৰ্ম ধ্বজা উত্তোলনৰ পাছত ৭০ একৰ ভূমিত নিৰ্মাণ কৰা এই মন্দিৰসমূহ দৰ্শনাৰ্থীৰ বাবে মুকলি কৰি দিয়া হ'ব।

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ অযোধ্যাত ভগৱান শ্ৰীৰাম জন্মভূমি মন্দিৰৰ নিৰ্মাণ কাৰ্য সম্পূর্ণ হৈছে। এই সম্পৰ্কত ৰাম জন্মভূমি তীর্থ ক্ষেত্ৰ ন্যাসে কয় যে মন্দিৰত সকলো মূর্তি স্থাপন কৰা হৈছে। মন্দিৰৰ চূড়াত ধ্বজদণ্ডৰ পৰা কলহ স্থাপনৰ কামো সম্পূৰ্ণ হৈছে। ন্যাসে সামাজিক মাধ্যমত এই সম্পৰ্কত গুৰুত্বপূৰ্ণ তথ্য প্রকাশ কৰিছে।


ন্যাসে সামাজিক মাধ্যমত দিয়া এটা প'ষ্টত কয়, 'সকলো ৰাম ভক্তক এই কথা জনাবলৈ পাই সুখী হৈছোঁ যে মন্দিৰৰ নিৰ্মাণৰ সৈতে জড়িত সকলো কাম সম্পূৰ্ণ হৈছে। মুখ্য মন্দিৰ, পৰকোটাৰ ছটা মন্দিৰ ভগৱান শিৱ, ভগৱান গণেশ, ভগৱান হনুমান, সূর্যদেৱ, দেৱী ভগৱতী, দেৱী অন্নপূর্ণা তথা শেষাৱতাৰ মন্দিৰ সম্পূৰ্ণ হৈছে আৰু ইয়াত ধ্বজদণ্ড তথা কলস স্থাপন কৰা হৈছে।' ন্যাসে লগতে কয় যে সপ্ত মণ্ডপ অর্থাৎ মহর্ষি বাল্মীকি, বশিষ্ঠ, বিশ্বামিত্র, মহর্ষি অগস্ত্য, নিষাদৰাজ, শবৰী তথা ঋষি পত্নী অহল্যা মন্দিৰৰ নির্মাণ কার্যও সম্পূর্ণ হৈছে। সন্ত তুলসী দাসৰ মন্দিৰো সম্পূৰ্ণ হোৱাৰ লগতে জটায়ু আৰু কেৰ্কেটুৱাৰ প্ৰতিমা স্থাপন কৰা হৈছে। দৰ্শনাৰ্থীৰ সুবিধা তথা ব্যৱস্থাৰ সৈতে জড়িত সকলো কামো সম্পূর্ণ হোৱা বুলি ন্যাসে প্রকাশ কৰে।


দর্শনার্থী তথা ভক্তৰ সৈতে সম্পর্ক নথকা কিছু নির্মাণ কার্য এতিয়াও চলি থকা বুলি ন্যাসে প্রকাশ কৰে। ইয়াৰ ভিতৰত ১৫-১৬ ফুট উচ্চতাৰ তথা প্রায় ৩.৫ দৈৰ্ঘ্যৰ প্ৰাচীৰ নিৰ্মাণৰ কাম চলি আছে। ইয়াৰ উপৰি ন্যাসৰ কাৰ্যালয়, অতিথি গৃহ তথা সভাঘৰৰ নিৰ্মাণ কাৰ্যও চলি আছে আৰু এই কাৰ্য অচিৰেই সমাপ্ত হ'ব বুলি ন্যাসে প্রকাশ কৰে। ইয়াৰ লগতে মন্দিৰৰ সৌন্দর্যবর্ধন, পথসমূহ, মজিয়াৰ কাম আৰু দহ একৰ ভূমিত পঞ্চৱতীৰ নিৰ্মাণ কাৰ্য চলি আছে। ইফালে মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ প্ৰায় ১ বছৰ ৯ মাহৰ পাছত ৰাম জন্মভূমি মন্দিৰত পুনৰ এক বিশাল অনুষ্ঠানৰ যো-জা চলিছে।


এইবাৰ অহা ২৫ নৱেম্বৰত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে মন্দিৰৰ ধৰ্মধ্বজা উত্তোলন কৰিব। প্রধানমন্ত্রীয়ে ৰাম মন্দিৰৰ লগতে আন আঠটা মন্দিৰৰ শিখৰত ধৰ্ম ধ্বজা উত্তোলন কৰিব। ধৰ্ম ধ্বজা উত্তোলনৰ পাছত ৭০ একৰ ভূমিত নিৰ্মাণ কৰা এই মন্দিৰসমূহ দৰ্শনাৰ্থীৰ বাবে মুকলি কৰি দিয়া হ'ব। মন্দিৰত ২১ নৱেম্বৰৰ পৰা এই অনুষ্ঠান আৰম্ভ হ'ব। মূল অনুষ্ঠান ২৫ নৱেম্বৰৰ পুৱা ১০-৩০ বজাৰ পৰা ১২-৩০ বজাৰ ভিতৰত অনুষ্ঠিত হ'ব। এই সময়ছোৱাত ৰামললা দৰ্শন কৰিব নোৱাৰিব। ন্যাসে জনোৱা মতে, প্রধানমন্ত্ৰীয়ে মন্দিৰৰ আঠটা চূড়াত ধ্বজাৰোহণ কৰিব। এই অনুষ্ঠানত আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতৰ উপৰি বিজেপিৰ কেইবাজনো জ্যেষ্ঠ নেতা উপস্থিত থাকিব।


এই অনুষ্ঠানত দেশ আৰু বিদেশৰ পৰা প্ৰায় দহ হাজাৰ অতিথিয়ে অংশ গ্রহণ কৰিব। অযোধ্যা আৰু ইয়াৰ দাঁতিকাষৰৰ জিলাসমূহৰ সাধু-সন্তৰ লগতে ভক্তক এই অনুষ্ঠানলৈ নিমন্ত্রণ জনোৱা হৈছে। সাধু-সন্তৰ লগতে ভি আই পি অতিথিৰ বাবে ন্যাসে প্রায় তিনি হাজাৰ হোটেলৰ কোঠা, অতিথিশালা তথা হ'ম ষ্টে বুকিং কৰিছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ