--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ছলমানে অলপতে ছৌডি আৰবৰ ৰাজধানী ৰিয়াধত অনুষ্ঠিত জয় ফৰাম নামৰ এটা অনুষ্ঠানত দিয়া ভাষণক লৈ পাকিস্তানে তীব্র প্রতিক্রিয়া প্রকাশ কৰে।

ডিজিটেল ডেস্ক : বলিউডৰ জনপ্রিয় অভিনেতা ছলমান খানে দিয়া এটা মন্তব্যক লৈ পাকিস্তানত ক্ষোভৰ সৃষ্টি হয়। দেশখনে তেওঁক সন্ত্রাসবাদী ৰূপে ঘোষণা কৰে। ছুপাৰষ্টাৰজনৰ নাম দেশখনে টেৰৰিষ্ট ৱাটচ লিষ্টত অন্তর্ভুক্ত কৰে। পাকিস্তানৰ ১৯৯৭চনৰ সন্ত্রাসবাদ প্ৰতিৰোধ আইনৰ চতুৰ্থ অনুসূচী অনুসৰি সন্ত্রাসবাদী বা চৰমপন্থী কাৰ্যকলাপত জড়িত হোৱাৰ সন্দেহ কৰা লোকৰ নাম এই তালিকাত অন্তর্ভুক্ত কৰা হয়। ইয়াত নাম অন্তর্ভুক্ত হোৱা লোকসকলৰ পাকিস্তান ভ্রমণত নিষেধাজ্ঞা আৰোপ কৰাৰ লগতে তেওঁলোকৰ সা-সম্পত্তি বাজেয়াপ্ত কৰাৰ লগতে কঠোৰ নিৰীক্ষণৰ ব্যৱস্থা থাকে। অৱশ্যে, এই আইনখন পাকিস্তানৰ ঘৰুৱা অৰ্থাৎ দেশখনৰ চাৰিসীমাৰ ভিতৰতে সীমাবদ্ধ।


ছলমানে অলপতে ছৌডি আৰবৰ ৰাজধানী ৰিয়াধত অনুষ্ঠিত জয় ফৰাম নামৰ এটা অনুষ্ঠানত দিয়া ভাষণক লৈ পাকিস্তানে তীব্র প্রতিক্রিয়া প্রকাশ কৰে। মধ্য প্রাচ্যত ভাৰতীয় চিনেমাৰ বৰ্ধিত জনপ্রিয়তাক লৈ এই অনুষ্ঠানটোত আলোচনা কৰা হৈছিল। ইয়াত দিয়া ভাষণত ছলমানে বেলুচিস্তানৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয়, 'বর্তমান যদি আপোনালোকে কোনো এখন হিন্দী চিনেমা নিৰ্মাণ কৰি ছৌডি আৰবত মুক্তি দিয়ে, তেতিয়া সেই চিনেমাখন ছুপাৰহিট হ'ব।'


তেওঁ লগতে ভাষণত কয় যে মধ্য প্রাচ্য বিশেষকৈ ছৌডি আৰবত কাম কৰি থকা দক্ষিণ এছিয়াৰ বিভিন্ন সম্প্ৰদায়ৰ বিষয়ে তেওঁ উল্লেখ কৰে। তেওঁ কয়, 'যদি আপুনি তামিল, তেলেগু বা মালয়ালম চিনেমা নির্মাণ কৰে তেতিয়াও কোটি কোটি টকাৰ ব্যৱসায় হ'ব কিয়নো আন দেশৰ পৰা ভালেমান লোক ইয়ালৈ আহিছে। ইয়াত বেলুচিস্তানৰ লোক আছে, পাকিস্তানৰ লোক আছে, আফগানিস্তানৰ আছে, সকলোৱে ছৌডি আৰবত কঠোৰ শ্ৰমেৰে কাম কৰি আছে।'


পাকিস্তানৰ অভিযোগ মতে, ছলমানে বেলুচিস্তানক পাকিস্তানৰ পৰা পৃথক দেশৰূপে উল্লেখ কৰে। উল্লেখযোগ্য যে বেলুচিস্তানৰ স্বাধীনতাৰ দাবীত অঞ্চলটোত আন্দোলন চলি আছে। পাকিস্তানে বেলুচিস্তানৰ আন্দোলনক দেশখনৰ সার্বভৌমত্বৰ বিৰোধী বুলি গণ্য কৰে। ছলমানৰ ভাষণৰ ভিডিঅ' সামাজিক মাধ্যমত বহুল প্ৰচাৰ হোৱাৰ পাছত পাকিস্তান তেওঁৰ প্ৰতি ক্ষুব্ধ হৈ পৰে। ছলমানৰ মন্তব্যক পাকিস্তানৰ অখণ্ডতাৰ বিৰোধী বুলি দেশখনে গণ্য কৰিছে। সেয়েহে তেওঁৰ নাম পাকিস্তানৰ সন্ত্রাস-প্ৰতিৰোধী আইনৰ চতুৰ্থ অনুসূচীত অন্তর্ভুক্ত কৰে। দেশখনৰ বিষয়া তথা ৰাজনৈতিক নেতাসকলৰ মতে ছলমানে পাকিস্তানৰ অভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰিছে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ