--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ছলমানে অলপতে ছৌডি আৰবৰ ৰাজধানী ৰিয়াধত অনুষ্ঠিত জয় ফৰাম নামৰ এটা অনুষ্ঠানত দিয়া ভাষণক লৈ পাকিস্তানে তীব্র প্রতিক্রিয়া প্রকাশ কৰে।

ডিজিটেল ডেস্ক : বলিউডৰ জনপ্রিয় অভিনেতা ছলমান খানে দিয়া এটা মন্তব্যক লৈ পাকিস্তানত ক্ষোভৰ সৃষ্টি হয়। দেশখনে তেওঁক সন্ত্রাসবাদী ৰূপে ঘোষণা কৰে। ছুপাৰষ্টাৰজনৰ নাম দেশখনে টেৰৰিষ্ট ৱাটচ লিষ্টত অন্তর্ভুক্ত কৰে। পাকিস্তানৰ ১৯৯৭চনৰ সন্ত্রাসবাদ প্ৰতিৰোধ আইনৰ চতুৰ্থ অনুসূচী অনুসৰি সন্ত্রাসবাদী বা চৰমপন্থী কাৰ্যকলাপত জড়িত হোৱাৰ সন্দেহ কৰা লোকৰ নাম এই তালিকাত অন্তর্ভুক্ত কৰা হয়। ইয়াত নাম অন্তর্ভুক্ত হোৱা লোকসকলৰ পাকিস্তান ভ্রমণত নিষেধাজ্ঞা আৰোপ কৰাৰ লগতে তেওঁলোকৰ সা-সম্পত্তি বাজেয়াপ্ত কৰাৰ লগতে কঠোৰ নিৰীক্ষণৰ ব্যৱস্থা থাকে। অৱশ্যে, এই আইনখন পাকিস্তানৰ ঘৰুৱা অৰ্থাৎ দেশখনৰ চাৰিসীমাৰ ভিতৰতে সীমাবদ্ধ।


ছলমানে অলপতে ছৌডি আৰবৰ ৰাজধানী ৰিয়াধত অনুষ্ঠিত জয় ফৰাম নামৰ এটা অনুষ্ঠানত দিয়া ভাষণক লৈ পাকিস্তানে তীব্র প্রতিক্রিয়া প্রকাশ কৰে। মধ্য প্রাচ্যত ভাৰতীয় চিনেমাৰ বৰ্ধিত জনপ্রিয়তাক লৈ এই অনুষ্ঠানটোত আলোচনা কৰা হৈছিল। ইয়াত দিয়া ভাষণত ছলমানে বেলুচিস্তানৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয়, 'বর্তমান যদি আপোনালোকে কোনো এখন হিন্দী চিনেমা নিৰ্মাণ কৰি ছৌডি আৰবত মুক্তি দিয়ে, তেতিয়া সেই চিনেমাখন ছুপাৰহিট হ'ব।'


তেওঁ লগতে ভাষণত কয় যে মধ্য প্রাচ্য বিশেষকৈ ছৌডি আৰবত কাম কৰি থকা দক্ষিণ এছিয়াৰ বিভিন্ন সম্প্ৰদায়ৰ বিষয়ে তেওঁ উল্লেখ কৰে। তেওঁ কয়, 'যদি আপুনি তামিল, তেলেগু বা মালয়ালম চিনেমা নির্মাণ কৰে তেতিয়াও কোটি কোটি টকাৰ ব্যৱসায় হ'ব কিয়নো আন দেশৰ পৰা ভালেমান লোক ইয়ালৈ আহিছে। ইয়াত বেলুচিস্তানৰ লোক আছে, পাকিস্তানৰ লোক আছে, আফগানিস্তানৰ আছে, সকলোৱে ছৌডি আৰবত কঠোৰ শ্ৰমেৰে কাম কৰি আছে।'


পাকিস্তানৰ অভিযোগ মতে, ছলমানে বেলুচিস্তানক পাকিস্তানৰ পৰা পৃথক দেশৰূপে উল্লেখ কৰে। উল্লেখযোগ্য যে বেলুচিস্তানৰ স্বাধীনতাৰ দাবীত অঞ্চলটোত আন্দোলন চলি আছে। পাকিস্তানে বেলুচিস্তানৰ আন্দোলনক দেশখনৰ সার্বভৌমত্বৰ বিৰোধী বুলি গণ্য কৰে। ছলমানৰ ভাষণৰ ভিডিঅ' সামাজিক মাধ্যমত বহুল প্ৰচাৰ হোৱাৰ পাছত পাকিস্তান তেওঁৰ প্ৰতি ক্ষুব্ধ হৈ পৰে। ছলমানৰ মন্তব্যক পাকিস্তানৰ অখণ্ডতাৰ বিৰোধী বুলি দেশখনে গণ্য কৰিছে। সেয়েহে তেওঁৰ নাম পাকিস্তানৰ সন্ত্রাস-প্ৰতিৰোধী আইনৰ চতুৰ্থ অনুসূচীত অন্তর্ভুক্ত কৰে। দেশখনৰ বিষয়া তথা ৰাজনৈতিক নেতাসকলৰ মতে ছলমানে পাকিস্তানৰ অভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰিছে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিনৰ কলাগুৰু ফাউণ্ডেশ্যনক দিব 'ৰৈ ৰৈ বিনালে'ৰ কৰৰ ধন, ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত
২০৩১ চনত দুগুণলৈ বাঢ়িব ভাৰতীয়ৰ আয়
জুবিন গাৰ্গৰ অনুষ্ঠানৰ মাননি আত্মসাৎ কৰিছিল 'সিদ্ধার্থ এণ্ড কোম্পানী'য়ে
কলিয়াবৰত ১ কোটি ২০ লাখ টকাৰ জালনোট উদ্ধাৰ; আটক মুজিবুৰ ৰহমান
অতি কম দামতে পোৱা এবিধ ছুপাৰফুড বাদাম; বহু সমস্যা কৰে দূৰ
'ৰৈ ৰৈ বিনালে' মৰমেৰে চাবলৈ আহ্বান গৰিমা গাৰ্গৰ
সৰিয়হৰ তেল বিশুদ্ধ নে ভেজাল? এই ৩টা সহজ ঘৰুৱা পৰীক্ষা জানি লওক
মানাহ ৰাষ্ট্ৰীয় উদ্যানত বৃদ্ধি পাইছে বাঘৰ সংখ্যা
অসম লেখিকা সমাজৰ কাৰ্যনিৰ্বাহকৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত; কেইবাটাও শিতানত কৰিব বঁটা প্রদান
নামৰূপত কৰুণ ঘটনা! নৰ্দমাত নৱজাতকৰ মৃতদেহ উদ্ধাৰ
'জয় জুবিন ' ধ্বনিৰে জামুগুৰিহাটত খেৰ কাটিলে সহস্ৰাধিক লোকে
জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কিদৰে হৈছিল ছিংগাপুৰত ? ছিংগাপুৰৰ পৰা অসমলৈ উভতিল এছ আই টিৰ দল
দ্বিতীয় মেচতো ভাৰতৰ পৰাজয়, এদিনীয়া শৃংখলা দখল অষ্ট্ৰেলিয়াৰ
জুবিন ক্ষেত্রত মদ্যপায়ীৰ প্ৰৱেশ নিষিদ্ধ