--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বছৰি দহ কোটি বা তাতকৈ অধিক আয় কৰা লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ ফলত দেশত গাড়ী, ঘৰ আৰু এফ এম চি জি সামগ্ৰীৰ উপভোগ বৃদ্ধি পাব।

ডিজিটেল ডেস্কঃ দ্রুতগতিত বৃদ্ধি পাইছে দেশৰ অৰ্থনীতি। জনমূৰি আয়, ব্যয় ক্ষমতা থকা জনসংখ্যা আৰু নগৰীকৰণ এনে অৱস্থাত উপনীত হৈছে, যাৰ ফলত উপভোগ দ্রুত গতিত বৃদ্ধি পাইছে। বহুৰাষ্ট্ৰীয় এছেট মেনেজমেন্ট কোম্পানী ফ্রেংকলিন টেম্পলটনৰ শেহতীয়া প্রতিবেদনত এই কথা প্রকাশ পাইছে। প্রতিবেদনখনৰ পৰা জানিব পৰা মতে ২০৩১ চনলৈ দেশৰ জনমূৰি আয় ২০২৪ চনৰ তুলনাত প্রায় দুগুণ বৃদ্ধি পাই ৪.৬৩ লাখ টকা হ'বগৈ।


উল্লেখযোগ্য যে ২০১০ বৰ্ষৰ পৰা ২০২৪ত জনমূৰি আয় দুগুণ বৃদ্ধি পাই ২.৪১ লাখ টকা হৈছিল। ইয়াৰ পৰা এই কথা স্পষ্ট হৈ পৰিছে যে ভাৰত লাহে লাগে 'কম আয়'ৰ পৰা 'উচ্চাকাংক্ষী অর্থনীতি'ৰ ত'ৰ দিশত আগবাঢ়িছে। প্রতিবেদনখনত লগতে উল্লেখ কৰা হৈছে যে চলিত বছৰৰ শেষলৈ ভাৰতত প্ৰতি বছৰে ১০ লাখ টকা বা তাতকৈ অধিক আয় কৰা লোকৰ সংখ্যা ১০ কোটিলৈ বৃদ্ধি পাব। ২০১৩ চনত দহ কোটি বা তাতকৈ অধিক আয় কৰা লোকৰ সংখ্যা ৬ কোটি আছিল।


বছৰি দহ কোটি বা তাতকৈ অধিক আয় কৰা লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ ফলত দেশত গাড়ী, ঘৰ আৰু এফ এম চি জি সামগ্ৰীৰ উপভোগ বৃদ্ধি পাব। উল্লেখযোগ্য যে এফ এম চি জি সামগ্ৰীৰ ভিতৰত বিস্কুট আদি, দুগ্ধজাত সামগ্রী, ছ'ণ্ডাৰ দৰে খাদ্য আৰু পানীয়, চাবোন, চেম্পু, সৌন্দর্য বর্ধক তথা প্ৰসাধন সামগ্ৰী, ঘৰ পৰিষ্কাৰ কৰা সামগ্ৰী আৰু ঔষধৰ দৰে নিত্য ব্যৱহাৰ্য সামগ্রীসমূহ পৰে। এই সামগ্রীসমূহ কম দামত কম সময়ৰ ভিতৰত বিক্ৰী কৰা হয়। আনহাতে জনমূৰি আয় বৃদ্ধি পোৱাৰ ফলত উন্নত মানৰ তথা অধিক দামৰ সামগ্রী (প্রিমিয়াম গুচ্ছ), পর্যটন আৰু স্বাস্থ্য তথা প্ৰসাধনৰ দৰে সৌন্দর্যবর্ধক সামগ্ৰীৰ বিক্ৰী বৃদ্ধি পাব বুলি কোৱা হৈছে। ভাৰতত প্রিমিয়াম গুডছৰ বজাৰত চলিত বছৰত প্ৰায় ৫ লাখ কোটি টকাৰ হ'ব বুলি ইয়াত উল্লেখ কৰা হৈছে। আনহাতে ২০২৪-২-৩০ সময়ছোৱাত নমিনেল জি ডি পিৰ (নির্দিষ্ট সময়ৰ ভিতৰত সকলো উৎপাদিত সামগ্ৰী তথা সেৱাৰ বজাৰ মূল্য) বিকাশৰ চক্ৰবৃদ্ধি বার্ষিক বৃদ্ধিৰ হাৰ (চি এ জি আৰ) ১১% হ'ব বুলি অনুমান কৰা হৈছে।


তেতিয়ালৈ ভাৰতীয় অর্থনীতি ৬৪৪ লাখ কোটি টকাৰ (প্রায় ৭.৫৩ লাখ কোটি ডলাৰ) হ'বগৈ। ইয়াত ঘৰুৱা উপভোগৰ অংশ হ'ল প্রায় ৬০%। প্রতিবেদনখনত উল্লেখ কৰা মতে, অহা বছৰ ভাৰত বিশ্বৰ তৃতীয় সৰ্ববৃহৎ উপভোক্তাৰ বজাৰ হ'বগৈ। ২০১৩ চনত ভাৰতৰ ঘৰুৱা উপভোগ ৮৮ লাখ কোটি টকা আছিল, কিন্তু ২০২৪ত আমেৰিকা, চীন আৰু জার্মানিতকৈ অধিক দ্রুত গতিত ই বৃদ্ধি পাই ১৮৫ লাখ কোটি টকা হয়গৈ। আনহাতে ভাৰতত দ্রুত গতিত নগৰীকৰণ চলি আছে। ২০১৩ চনত ভাৰতৰ নগৰীয়া জনসংখ্যা মুঠ জনসংখ্যাৰ ৩২% আছিল। এতিয়া নগৰীয়া জনসংখ্যা মুঠ জনসংখ্যাৰ ৪০% হয়গৈ। গ্রামাঞ্চলত জনমূৰি মাহিলি ব্যয় ২০১২ চনত ১,৪২৯ টকাৰ পৰা বৃদ্ধি পাই এতিয়া ৩,৭৭৪ টকা হয়গৈ।


এই পৰিৱৰ্তনে কেৱল উপভোগৰ প্ৰতিচ্ছবিয়েই সলনি কৰা নাই দেশত সংস্থাপন তথা ব্যৱসায়ৰ নতুন সুযোগৰো সৃষ্টি কৰিছে। ইফালে যোৱা মাহত দেশৰ লোকসকলে নিজৰ সঞ্চয়ৰ ২৯,৩৬১ কোটি টকা এছ আই পিত বিনিয়োগ কৰে। পাঁচ বছৰৰ আগতে এছ আই পিত বিনোয়োগ কৰা ধনৰ পৰিমাণ আছিল ১০,৩৫১ কোটি টকা। অর্থনীতিবিদসকলৰ মতে ভাৰতৰ বৰ্তমানৰ এই ধাৰাতো দেশৰ অৰ্থনীতিৰ বাবে নিৰ্ণায়ক হিচাপে পৰিগণিত হ'ব পাৰে আৰু নিজকে বিশ্ব পর্যায়ত উপভোগ-প্রধান শক্তিৰূপে উত্থানৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ। ২০৩১ চনলৈকে এই গতি অব্যাহত থাকিলে ভাৰত তেতিয়ালৈ বিশ্বৰ তৃতীয় অর্থব্যৱস্থা হৈ পৰিব।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
‘সংসদ চল’ সমদলত আৰক্ষীৰ কাৰ্যকলাপ সন্দৰ্ভত জৰুৰী শুনানি অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ