--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মঙলবাৰে ৰয়েল ছুইডিছ একাডেমীয়ে পদাৰ্থ বিজ্ঞানৰ নোবেল বিজয়ী হিচাপে তিনিজন বিজ্ঞানীৰ নাম ঘোষণা কৰে। তেওঁলোকে কয় যে আমেৰিকাৰ পিয়েৰ অগাষ্টিনি, হাংগেৰীৰ ফেৰেন্স ক্ৰাউটজ আৰু ফ্ৰান্সৰ এন্নে এলহুইলাৰক ২০২৩ চনত পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটাৰ বাবে যৌথভাৱে মনোনীত কৰা হৈছে।

২০২৩ চনৰ পদাৰ্থ বিজ্ঞানৰ নোবেল বিজয়ীসকলৰ সকলোৱে একে গৱেষণা বিষয় — ইলেক্ট্ৰন গতিবিদ্যা। গৱেষণাৰ জৰিয়তে পোহৰৰ এট’ছেকেণ্ড স্পন্দন সৃষ্টি কৰাত সফল হৈছে। এই অতি চুটি পালছৰ সহায়ত ইলেক্ট্ৰনৰ দ্ৰুত গতিৰ ফটো তোলা সম্ভৱ। ৰয়েল ছুইডিছ একাডেমীয়ে এক বিবৃতিত কয় যে, “নোবেল বঁটা বিজয়ী তিনিগৰাকীয়ে তেওঁলোকৰ পৰীক্ষাসমূহক অণুৰ ভিতৰত ইলেক্ট্ৰনৰ জগতখন অন্বেষণ কৰিবলৈ নতুন সঁজুলি দিছে।”

ফৰাচী মূলৰ অগাষ্টিন বৰ্তমান আমেৰিকাৰ অহাইঅ’ বিশ্ববিদ্যালয়ৰ অধ্যাপক। অষ্ট্ৰিয়াৰ মূলৰ হাংগেৰীৰ নাগৰিক ফেৰেংক জাৰ্মান গৱেষণা সংস্থা ‘মিউনিখ চেণ্টাৰ ফৰ এডভান্সড ফ’ট’নিক্স’ৰ সৈতে জড়িত। আনহাতে এন্নে ছুইডেনৰ লুণ্ড বিশ্ববিদ্যালয়ৰ পাৰমাণৱিক পদাৰ্থ বিজ্ঞান বিভাগৰ মুৰব্বী। এইবাৰ মুঠ পুৰস্কাৰৰ পৰিমাণ ১০ লাখ ডলাৰ (প্ৰায় আঠ কোটি ৩২ লাখ টকা) নোবেল কমিটীয়ে তিনিজন বিজ্ঞানীৰ মাজত ভাগ কৰিব।





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ