--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ২০২৪ৰ বাবে বিজেপিয়ে ইতিমধ্যে ৰণনীতি তৈয়াৰ কৰিছে।  ‘পৰিবাৰবাদক মূল ইছ্যু হিচাপে লৈ বিজেপিয়ে ২০২৪ৰ লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে, মহাৰাষ্ট্ৰৰ শিৱসেনা, উত্তৰ প্ৰদেশৰ সমাজবাদী দল, পশ্চিম  বংগৰ তৃণমূল কংগ্ৰেছ আৰু কংগ্ৰেছ দলক লক্ষ্য হিচাপে লৈ বিজেপিয়ে পৰিবাৰবাদক ৰাজনীতিৰ মূল ইছ্যু কৰিব বিচাৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইতিমধ্যে কেইবাখনো সভা-সমাৱেশত বিৰোধীৰ পৰিবাৰবাদ আৰু বিজেপিৰ দেশভক্তিক ৰাইজৰ মাজলৈ লৈ যোৱাৰ আহ্বান জনাইছে তৃণমূল কৰ্মীৰ প্রতি। 

২০২৪ৰ লোকসভা নিৰ্বাচনৰ প্রস্তুতি দেখি ১৬ এপ্ৰিলত কংগ্ৰেছৰ এখন চিন্তন বৈঠক এ আই চি চিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয়। এই বৈঠকত ৰাজনীতিৰ চাণক্য   হিচাপে পৰিচিত প্ৰশান্ত কিশোৰেও অংশগ্ৰহণ কৰে। সম্প্ৰতি ভাৰতবৰ্ষৰ দুখন ৰাজ্যতহে কংগ্ৰেছৰ চৰকাৰ বৰ্তি আছে। ৰাজস্থান আৰু ছত্তীশগড়ত কংগ্ৰেছৰ নিজা চৰকাৰ থকাৰ উপৰি মহাৰাষ্ট্ৰত শিৱসেনা আৰু এনচিপিৰ সহযোগী হিচাপে চৰকাৰৰ অংশীদাৰ হৈ আছে কংগ্ৰেছ। ইয়াৰ বাহিৰে ভাৰতবৰ্ষত বৰ্তমান কংগ্ৰেছ প্রৱল প্রত্যাহ্বানৰ সন্মুখীন হৈছে।

 বিজেপিৰ আগ্ৰাসনৰ প্রতি লক্ষ্য ৰাখি কংগ্ৰেছে ১৬ এপ্ৰিলত চিন্তন বৈঠকৰ আয়োজন কৰি প্ৰশান্ত কিশোৰৰ পৰা কেতবোৰ দিহা-পৰামৰ্শ গ্ৰহণ কৰে। সভাৰ শেষত কংগ্ৰেছ নেতৃত্বই প্ৰশান্ত কিশোৰক দলত যোগ দিয়াৰ বাবে আহ্বান জনায়। এই ক্ষেত্ৰত প্ৰশান্ত কিশোৰে কোনো সিদ্ধান্ত এতিয়ালৈকে লোৱা নাই! কংগ্ৰেছত তেওঁ যোগ দিব নে নিদিয়ে,  সেই সম্পৰ্কতো কোনোধৰণৰ মন্তব্য নকৰিলে। এক বিশ্বস্ত সূত্ৰই জানিবলৈ দিয়া মতে প্রশান্ত কিশোৰে কংগ্ৰেছৰ চিন্তন বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়ায়। কি কৰিলে কংগ্ৰেছে ২০২৪ত ক্ষমতালৈ ঘূৰি আহিব পাৰিব আৰু কংগ্ৰেছৰ বিৰুদ্ধে বিজেপিৰ মুখত কোনো অভিযোগ কৰিবলৈ নাথাকিব, সেই সম্পৰ্কতো চিন্তন বৈঠকত প্ৰশান্ত কিশোৰে পৰামৰ্শ আগবঢ়ায়৷ সাধাৰণতে কংগ্ৰেছত নেহৰু-গান্ধী পৰিয়ালৰ ভক্তসকলে দলৰ স্বাৰ্থতকৈ নিৰ্দিষ্ট পৰিয়ালটোৰ স্বাৰ্থক অগ্ৰাধিকাৰ দিয়ে। পৰিয়ালটোৱে যাতে বেয়া নাপায়, তাৰ বাবে দিগ্বিজয় সিঙকে ধৰি কংগ্ৰেছৰ অতি পুৰণি আৰু জ্যেষ্ঠ নেতাসকলে তৈলমৰ্দন কৰে। ফলত কংগ্ৰেছ লাহে লাহে ইতিহাস হবলৈ আগবাঢ়িছে। ছোনীয়া গান্ধী আৰু ৰাহুল গান্ধীয়ে যাতে বেয়া নাপায়,  সেই ধৰণে কংগ্ৰেছৰ এইসকল নেতাই মন্তব্য আগবঢ়ায়।

কিন্তু ১৬ এপ্ৰিলৰ চিন্তন বৈঠকত প্ৰশান্ত কিশোৰে যিকেইটা পৰামৰ্শ আগবঢ়ালে, আটাইকেইটা পৰামৰ্শ বহুতৰ বাবে হজম কৰিব পৰা বিধৰ নহয়। জানিব পৰা মতে প্রশান্ত কিশোৰে প্রথম পৰামৰ্শ আগবঢ়াইছে যে কংগ্ৰেছৰ অধ্যক্ষ পদৰ পৰা নেহৰু-গান্ধী পৰিয়ালৰ সকলো সদস্য আঁতৰি থাকিব লাগে। নেহৰু-গান্ধী পৰিয়ালৰ বাহিৰৰ এজন দক্ষ,  জনপ্ৰিয় আৰু নৰেন্দ্ৰ মোদীক প্রত্যাহ্বান জনাব পৰা তথা সমকক্ষ বা ওপৰৰ নেতাক কংগ্ৰেছৰ অধ্যক্ষ পাতিব লাগে। তদুপৰি লোকসভাত কংগ্ৰেছ প্ৰধান বিৰোধী দল হিচাপে নিৰ্বাচনৰ বাবেও সেইদৰে দায়িত্ব পালন কৰিব লাগিব। বিজেপি বিৰোধী আটাইবোৰ ৰাজনৈতিক দলক এখন মঞ্চত উপবিষ্ট কৰিব পাৰিলেই ২০২৪ত দেশৰ ৰাজনীতিৰ পৰা বিজেপিয়ে বিদায় লোৱাটো ১০০ শতাংশ নিশ্চিত বুলি প্রশান্ত কিশোৰে চিন্তন বৈঠকত মন্তব্য কৰে বুলি জানিব পৰা গৈছে। প্ৰশান্ত কিশোৰে কয় যে, কংগ্ৰেছে প্ৰধানমন্ত্ৰী পদৰ বাবে ৰাহুল গান্ধীৰ সলনি অন্য এজনক প্ৰক্ষেপ কৰক৷ ভাৰতৰ আটাইবোৰ বিৰোধী দলক কিদৰে এখন মঞ্চলৈ আনিব পাৰি, তাৰ ৰণনীতি কংগ্ৰেছে প্রস্তুত কৰিব লাগিব।

 আম আদমি পাৰ্টী, তৃণমূল কংগ্ৰেছ, শিৱসেনা, এন চি পি, সমাজবাদী দল, ডি এম কেৰ সৈতে সেইকেইখন ৰাজ্যৰ আসনৰ কথা পাতিব লাগিব। সেই দলবোৰৰ যত আধিপত্য আছে,  তাত কংগ্ৰেছে পৰাপক্ষত প্ৰাৰ্থী দিব নালাগে। প্ৰশান্ত কিশোৰে কংগ্ৰেছ নেতৃত্বক আহ্বান জনাইছে যে বিজেপি বিৰোধী ভোট যাতে এঠাইত পৰে,  তাৰ প্রতি কংগ্ৰেছ সজাগ হব লাগিব। চূড়ান্ত পৰ্যায়ত কংগ্ৰেছে যিদৰে ত্যাগ কৰিবলৈ সাজু থাকিব লাগিব,  সেইদৰে প্রতিটো বিৰোধী দলে কেৱল বিজেপিক প্রতিহত কৰাৰ লক্ষ্য আৰু আদৰ্শ সন্মুখত লৈ এৰা-ধৰাৰ মানসিকতা এতিয়াৰ পৰাই গঢ়ি তুলিব লাগিব। অন্যথা বিজেপি বিৰোধী ৰাজনৈতিক দলবোৰে যদি কোনো কাৰণতে এৰা-ধৰা কৰিবলৈ ৰাজি নহয়,  আৰু এনেকৈয়ে নিজে নিজে বিজেপি পৰাজিত হব বুলি যদি এক ভ্ৰান্ত ধাৰণা লৈ থাকে,  তেনেহলে ২০২৪তে নহয় আৰু ১০ বছৰলৈ নৰেন্দ্ৰ মোদী ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হৈ থকাটো নিশ্চিত। প্রশান্ত কিশোৰে বাস্তৱক অনুভৱ কৰিবলৈ প্রতিটো বিৰোধী ৰাজনৈতিক দলক অনুৰোধ জনায়|


FOLLOW US F
POPULAR
FEATURE
TRENDY
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি