--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্ব বংগ বাণিজ্য সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিক লৈ সংশয়। মোদীয়ে আমন্ত্ৰণ ৰক্ষাৰ মন মেলিলেও দলীয় কৰ্মকৰ্তাৰ আপত্তিৰ বাবে হয়তো সন্মিলনত উপস্থিত নহ’ব পাৰে মোদী। দৰাচলতে, দলটোৰ সৰ্বভাৰতীয় সভাপতি জে পি নাড্ডাই মোদীয়ে বিশ্ব বংগ ঔদ্যোগিক সন্মিলনত অংশগ্ৰহণ কৰাটো বিচৰা নাই। মন কৰিবলগীয়া যে, কেইদিনমান আগতে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে নিজেই দিল্লীত প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰাৰ পাছত বিশ্ব বংগ বাণিজ্য সন্মিলনত উপস্থিত থাকিবলৈ আমন্ত্ৰণ জনাইছিল। কিন্তু সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি, কলকাতালৈ যোৱা আৰু মোদীয়ে ৰাজ্য চৰকাৰৰ উদ্যোগত আয়োজিত বাণিজ্য সন্মিলনত উপস্থিত থাকিলে তেওঁলোকৰ অস্বস্তি বৃদ্ধি পাব বুলি অনুভৱ কৰিছে জে পি নাড্ডাই। বিজেপিৰ ৰাজ্যিক নেতৃত্বৰ এটা অংশইয়ো এই সন্মিলনত মোদী উপস্থিত নথকাৰে পোষকতা কৰা দেখা গৈছে। ৰাজ্যিক নেতৃত্বৰ আপত্তিৰ বাবেই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ চৰকাৰী অনুষ্ঠানো বাতিল কৰা হৈছিল। 

স্মৰ্তব্য যে, আগন্তুক ২০ এপ্ৰিলত ৰাজ্য চৰকাৰৰ উদ্যোগত কলকাতাত বিশ্ব বংগ বাণিজ্য সন্মিলন আৰম্ভ হ'ব। ক’ভিড মহামাৰীৰ পাছত এতিয়ালৈকে দেশত এনে ধৰণৰ বাণিজ্য সন্মিলন অনুষ্ঠিত হোৱা নাই। মহামাৰীৰ সংকটৰ মাজত আন কোনো ৰাজ্যই এনেদৰে উদ্যোগ সন্মিলন অনুষ্ঠিত কৰাৰ সাহস কৰা নাই যদিও বংগৰ মুখ্যমন্ত্ৰীৰ এনে পদক্ষেপে এতিয়া দৃষ্টি কাঢ়িছে সকলোৰে। দেশৰ ভিন্ন প্ৰান্তৰ উদ্যোগীসকলেও এই সন্মিলনখনক লৈ উৎসাহিত হোৱা দেখিবলৈ পোৱা গৈছে। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ আহ্বানত দেশৰ আগশাৰীৰ উদ্যোগপতিয়ে এই সন্মিলনখনত অংশগ্ৰহণ কৰিব বুলি জানিবলৈ পোৱা গৈছে। মুকেশ আম্বানী, গৌতম আদানিৰ দৰে শীৰ্ষ পৰ্যায়ৰ উদ্যোগপতিসকলে বিশ্ব বংগ বাণিজ্য সন্মিলনলৈ অহাটো প্ৰায় নিশ্চিত। কেইবাখনো দেশৰ উদ্যোগ আৰু উদ্যোগপতিসকলে সন্মিলনখনত অংশগ্ৰহণ কৰিব বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে।

ইফালে, মমত বেনাৰ্জীৰ এনে উদ্যোগৰ খবৰ বিয়পি পৰাৰ পাছতে কেইবাখনো দেশৰ ৰাষ্ট্ৰদূতসকলৰ মাজত সন্মিলনক লৈ কৌতূহল বৃদ্ধি পাইছে। মোদীয়ে নিজেই এনে এক ঔদ্যোগিক বাণিজ্য অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ হেৰুৱাবলৈ আগ্ৰহী নহয়। মোদীয়ে এতিয়া দুৰ্বল অৰ্থনৈতিক অৱস্থাৰ বাবে দেশৰ বাহিৰে-ভিতৰে সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছে। এনে পৰিস্থিতিত, এই সন্মিলনত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰিলে অৰ্থনীতিৰ পৰিৱৰ্তনৰ বাৰ্তা প্ৰদান কৰিবলৈ সক্ষম হ'লহেঁতেন বুলি সদৰী কৰিছে তেওঁৰ ঘনিষ্ঠ মহলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে