--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্ব বংগ বাণিজ্য সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিক লৈ সংশয়। মোদীয়ে আমন্ত্ৰণ ৰক্ষাৰ মন মেলিলেও দলীয় কৰ্মকৰ্তাৰ আপত্তিৰ বাবে হয়তো সন্মিলনত উপস্থিত নহ’ব পাৰে মোদী। দৰাচলতে, দলটোৰ সৰ্বভাৰতীয় সভাপতি জে পি নাড্ডাই মোদীয়ে বিশ্ব বংগ ঔদ্যোগিক সন্মিলনত অংশগ্ৰহণ কৰাটো বিচৰা নাই। মন কৰিবলগীয়া যে, কেইদিনমান আগতে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে নিজেই দিল্লীত প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰাৰ পাছত বিশ্ব বংগ বাণিজ্য সন্মিলনত উপস্থিত থাকিবলৈ আমন্ত্ৰণ জনাইছিল। কিন্তু সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি, কলকাতালৈ যোৱা আৰু মোদীয়ে ৰাজ্য চৰকাৰৰ উদ্যোগত আয়োজিত বাণিজ্য সন্মিলনত উপস্থিত থাকিলে তেওঁলোকৰ অস্বস্তি বৃদ্ধি পাব বুলি অনুভৱ কৰিছে জে পি নাড্ডাই। বিজেপিৰ ৰাজ্যিক নেতৃত্বৰ এটা অংশইয়ো এই সন্মিলনত মোদী উপস্থিত নথকাৰে পোষকতা কৰা দেখা গৈছে। ৰাজ্যিক নেতৃত্বৰ আপত্তিৰ বাবেই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ চৰকাৰী অনুষ্ঠানো বাতিল কৰা হৈছিল। 

স্মৰ্তব্য যে, আগন্তুক ২০ এপ্ৰিলত ৰাজ্য চৰকাৰৰ উদ্যোগত কলকাতাত বিশ্ব বংগ বাণিজ্য সন্মিলন আৰম্ভ হ'ব। ক’ভিড মহামাৰীৰ পাছত এতিয়ালৈকে দেশত এনে ধৰণৰ বাণিজ্য সন্মিলন অনুষ্ঠিত হোৱা নাই। মহামাৰীৰ সংকটৰ মাজত আন কোনো ৰাজ্যই এনেদৰে উদ্যোগ সন্মিলন অনুষ্ঠিত কৰাৰ সাহস কৰা নাই যদিও বংগৰ মুখ্যমন্ত্ৰীৰ এনে পদক্ষেপে এতিয়া দৃষ্টি কাঢ়িছে সকলোৰে। দেশৰ ভিন্ন প্ৰান্তৰ উদ্যোগীসকলেও এই সন্মিলনখনক লৈ উৎসাহিত হোৱা দেখিবলৈ পোৱা গৈছে। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ আহ্বানত দেশৰ আগশাৰীৰ উদ্যোগপতিয়ে এই সন্মিলনখনত অংশগ্ৰহণ কৰিব বুলি জানিবলৈ পোৱা গৈছে। মুকেশ আম্বানী, গৌতম আদানিৰ দৰে শীৰ্ষ পৰ্যায়ৰ উদ্যোগপতিসকলে বিশ্ব বংগ বাণিজ্য সন্মিলনলৈ অহাটো প্ৰায় নিশ্চিত। কেইবাখনো দেশৰ উদ্যোগ আৰু উদ্যোগপতিসকলে সন্মিলনখনত অংশগ্ৰহণ কৰিব বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে।

ইফালে, মমত বেনাৰ্জীৰ এনে উদ্যোগৰ খবৰ বিয়পি পৰাৰ পাছতে কেইবাখনো দেশৰ ৰাষ্ট্ৰদূতসকলৰ মাজত সন্মিলনক লৈ কৌতূহল বৃদ্ধি পাইছে। মোদীয়ে নিজেই এনে এক ঔদ্যোগিক বাণিজ্য অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ হেৰুৱাবলৈ আগ্ৰহী নহয়। মোদীয়ে এতিয়া দুৰ্বল অৰ্থনৈতিক অৱস্থাৰ বাবে দেশৰ বাহিৰে-ভিতৰে সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছে। এনে পৰিস্থিতিত, এই সন্মিলনত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰিলে অৰ্থনীতিৰ পৰিৱৰ্তনৰ বাৰ্তা প্ৰদান কৰিবলৈ সক্ষম হ'লহেঁতেন বুলি সদৰী কৰিছে তেওঁৰ ঘনিষ্ঠ মহলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি