--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পুনৰ ভয়ানকভাৱে সংক্ৰমিত হৈছে ক’ভিড। দেশে দেশে পুনৰ বিয়পি পৰিছে এই মহামাৰী। পোনপ্ৰথমে চীনত ধৰা পৰা এই নৰ-সংহাৰী ভাইৰাছে পুনৰ কঁপাই তুলিছে কমিউনিষ্ট দেশখন।

সংবাদ মাধ্যমত প্ৰকাশ পোৱা খবৰ অনুসৰি ছাংহাইত ক’ভিড সংক্ৰমণ পুনৰ বৃদ্ধি পাইছে। পৰিস্থিতি এনে পৰ্যায় পাইছেগৈ যে, ক’ভিড ভুক্তভোগীসকলৰ থাকিবলৈ পৰ্যাপ্ত স্থানৰ অভাৱ হৈছে। এনে পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ প্ৰশাসনে চহৰখনৰ বাসিন্দাসকলৰ বাবে ঘৰ বিচাৰিছিল। এক নিৰ্দেশনা জাৰি কৰি প্ৰশাসনে কৈছে যে, আৱাসীসকলে ক’ভিড ৰোগীৰ আশ্ৰয়ৰ বাবে তেওঁলোকৰ ঘৰ এৰিব লাগিব। নিৰ্দেশনা পোৱাৰ পাছৰে পৰা ছাংহাইৰ বাসিন্দাসকল ক্ষুব্ধ হৈ আছে। তেওঁলোকে প্ৰতিবাদ কৰিবলৈ ৰাজপথলৈ গৈছিল। প্ৰতিবাদৰ সময়ত নাগৰিকসকলে আৰক্ষীৰ সৈতে বাক-বিতন্তাত লিপ্ত হোৱাও দেখা গৈছিল। তেনে এটা ভিডিঅ' বৰ্তমান পোহৰলৈ আহিছে। য'ত দেখা গৈছে যে বহুতো চহৰবাসীয়ে বগা কিট পিন্ধা আৰক্ষীৰ বিৰুদ্ধে তেওঁলোকৰ ক্ষোভ প্ৰকাশ কৰিছে। এটা সময়ত, তেওঁলোকে আৰক্ষীৰ বেৰিকেডবোৰ ভাঙি পেলাইছিল। তাৰ পাছত দুয়োপক্ষৰ মাজত সংঘৰ্ষ আৰম্ভ হয়।

ছাংহাইত সংক্ৰমণ বাঢ়ি অহাৰ বাবে চহৰবাসীসকল দীৰ্ঘদিন ধৰি গৃহবন্দী হৈ আছিল। তেনে সময়তে গোটেই চহৰখনৰ গৃহসমূহ ক’ভিড ৰোগীৰ বাবে এৰি দিবলৈ জনোৱা প্ৰশাসনৰ আহ্বানত চহৰখনৰ মানুহৰ মাজত তীব্ৰ ক্ষোভে দেখা দিছিল। গৃহবন্দী অৱস্থাত চৰকাৰৰ অসহযোগ আৰু পৰ্যাপ্ত খাদ্যৰ অভাৱৰ ফলত নাগৰিকসকলৰ মাজত ক্ষোভটো অধিক বৃদ্ধি পাইছিল। তাৰ পাছত এইবাৰ ক’ভিড ৰোগীসকলৰ বাবে ঘৰ এৰি যোৱাৰ সিদ্ধান্তত খঙৰ বিস্ফোৰণ ঘটিছিল।

উহানত দুবছৰৰ ক’ভিড সংক্ৰমণৰ পাছত ছাংহাই কৰ’নাৰ কেন্দ্ৰ হৈ পৰিছে। ছাংহাইয়ে ২৫ নিযুত বাসিন্দাৰ এই চহৰখনত সংক্ৰমণ নিয়ন্ত্ৰণলৈ অনাৰ বাবে কেইবাটাও কঠোৰ পদক্ষেপৰ সৈতে যুঁজি আছে। ইয়াৰ মাজতে, এই নতুন নিৰ্দেশনাটোৱে সেই খং বৃদ্ধি কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
‘সংসদ চল’ সমদলত আৰক্ষীৰ কাৰ্যকলাপ সন্দৰ্ভত জৰুৰী শুনানি অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ