--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পুনৰ ভয়ানকভাৱে সংক্ৰমিত হৈছে ক’ভিড। দেশে দেশে পুনৰ বিয়পি পৰিছে এই মহামাৰী। পোনপ্ৰথমে চীনত ধৰা পৰা এই নৰ-সংহাৰী ভাইৰাছে পুনৰ কঁপাই তুলিছে কমিউনিষ্ট দেশখন।

সংবাদ মাধ্যমত প্ৰকাশ পোৱা খবৰ অনুসৰি ছাংহাইত ক’ভিড সংক্ৰমণ পুনৰ বৃদ্ধি পাইছে। পৰিস্থিতি এনে পৰ্যায় পাইছেগৈ যে, ক’ভিড ভুক্তভোগীসকলৰ থাকিবলৈ পৰ্যাপ্ত স্থানৰ অভাৱ হৈছে। এনে পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ প্ৰশাসনে চহৰখনৰ বাসিন্দাসকলৰ বাবে ঘৰ বিচাৰিছিল। এক নিৰ্দেশনা জাৰি কৰি প্ৰশাসনে কৈছে যে, আৱাসীসকলে ক’ভিড ৰোগীৰ আশ্ৰয়ৰ বাবে তেওঁলোকৰ ঘৰ এৰিব লাগিব। নিৰ্দেশনা পোৱাৰ পাছৰে পৰা ছাংহাইৰ বাসিন্দাসকল ক্ষুব্ধ হৈ আছে। তেওঁলোকে প্ৰতিবাদ কৰিবলৈ ৰাজপথলৈ গৈছিল। প্ৰতিবাদৰ সময়ত নাগৰিকসকলে আৰক্ষীৰ সৈতে বাক-বিতন্তাত লিপ্ত হোৱাও দেখা গৈছিল। তেনে এটা ভিডিঅ' বৰ্তমান পোহৰলৈ আহিছে। য'ত দেখা গৈছে যে বহুতো চহৰবাসীয়ে বগা কিট পিন্ধা আৰক্ষীৰ বিৰুদ্ধে তেওঁলোকৰ ক্ষোভ প্ৰকাশ কৰিছে। এটা সময়ত, তেওঁলোকে আৰক্ষীৰ বেৰিকেডবোৰ ভাঙি পেলাইছিল। তাৰ পাছত দুয়োপক্ষৰ মাজত সংঘৰ্ষ আৰম্ভ হয়।

ছাংহাইত সংক্ৰমণ বাঢ়ি অহাৰ বাবে চহৰবাসীসকল দীৰ্ঘদিন ধৰি গৃহবন্দী হৈ আছিল। তেনে সময়তে গোটেই চহৰখনৰ গৃহসমূহ ক’ভিড ৰোগীৰ বাবে এৰি দিবলৈ জনোৱা প্ৰশাসনৰ আহ্বানত চহৰখনৰ মানুহৰ মাজত তীব্ৰ ক্ষোভে দেখা দিছিল। গৃহবন্দী অৱস্থাত চৰকাৰৰ অসহযোগ আৰু পৰ্যাপ্ত খাদ্যৰ অভাৱৰ ফলত নাগৰিকসকলৰ মাজত ক্ষোভটো অধিক বৃদ্ধি পাইছিল। তাৰ পাছত এইবাৰ ক’ভিড ৰোগীসকলৰ বাবে ঘৰ এৰি যোৱাৰ সিদ্ধান্তত খঙৰ বিস্ফোৰণ ঘটিছিল।

উহানত দুবছৰৰ ক’ভিড সংক্ৰমণৰ পাছত ছাংহাই কৰ’নাৰ কেন্দ্ৰ হৈ পৰিছে। ছাংহাইয়ে ২৫ নিযুত বাসিন্দাৰ এই চহৰখনত সংক্ৰমণ নিয়ন্ত্ৰণলৈ অনাৰ বাবে কেইবাটাও কঠোৰ পদক্ষেপৰ সৈতে যুঁজি আছে। ইয়াৰ মাজতে, এই নতুন নিৰ্দেশনাটোৱে সেই খং বৃদ্ধি কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
দামী উপহাৰ নহয়, এই ৮টা সৰু সৰু কথাই সম্পৰ্ক গভীৰ আৰু সুখী কৰি তোলে! প্ৰয়োগ কৰি চাওক
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল