--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে ইন্ধনৰ দাম বৃদ্ধিৰ বাবে তেল আৰু গেছ কোম্পানীৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰি দেশখনৰ ৰাজকোষলৈ প্ৰায় ৩০ বিলিয়ন টকা (৩,০০০ কোটি)ৰ অতিৰিক্ত বোজা কঢ়িয়াইছে৷ প্ৰধানমন্ত্ৰীগৰাকীৰ সিদ্ধান্তই দেশখনৰ অৰ্থনৈতিক পৰিস্থিতিৰ অধিক অৱনতি ঘটাইছে। 

১ এপ্ৰিলৰ পৰা তেলৰ দাম অপৰিৱৰ্তিত ৰখাৰ বাবে দেশখনৰ ইতিমধ্যে ৩০ বিলিয়ন টকা ঘাটি হৈ আছে। এপ্ৰিল মাহৰ বাবে উপলব্ধ তেলৰ দাম অপৰিৱৰ্তিত কৰি ৰাখিবলৈ চৰকাৰে তেল কোম্পানীবোৰক ৬০ বিলিয়ন টকাৰ মূল্য পৰিশোধ কৰিব লাগিব৷ দেশখনৰ বিধ্বস্ত অৰ্থনীতিক সকাহ দিয়াৰ বাবে তেল আৰু গেছ কোম্পানীসমূহেকে শ্বৰীফক ইন্ধনৰ দাম বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিছিল অৱশ্যে প্ৰধানমন্ত্ৰীয়ে এই প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰাত সমগ্ৰ দেশখনতে ইয়াৰ ধ্বংসাত্মক প্ৰভাৱ পৰিছিল। 

নতুন প্ৰধানমন্ত্ৰীগৰাকীৰ এই সিদ্ধান্তই এতিয়া প্ৰায় ৩০ বিলিয়ন টকাৰ অতিৰিক্ত বোজাৰে দেশখনৰ অৰ্থনীতিক আৰু অধিক বিপৰ্যস্ত কৰি তুলিব৷ তেল আৰু গেছ নিয়ামক কৰ্তৃপক্ষই (ওজিআৰএ) ডিজেলৰ দাম প্ৰতি লিটাৰত ৫১.৩২ টকা, পেট্ৰ'লৰ দাম প্ৰতি লিটাৰত ২১.৩০ টকা, কেৰাচিন তেলৰ দাম প্ৰতি লিটাৰত ৩৬.০৩ টকা আৰু পাতল ডিজেল প্ৰতি ৩৯ টকাকৈ বৃদ্ধিৰ প্ৰস্তাৱ দিছিল।

তেল আৰু গেছ খণ্ডত বৃত্তাকাৰ ঋণৰ পৰিস্থিতি ইতিমধ্যে অৱনতি হৈ আহিছিল আৰু ৰাজসাহায্য বা দামৰ পাৰ্থক্যৰ দাবী জমা হোৱাৰ ফলত অনাগত দিনবোৰত দেশখনত বৃত্তাকাৰ ঋণৰ পৰিমাণ আৰু বৃদ্ধি হ’ব। প্ৰধানমন্ত্ৰীয়ে ইন্ধনৰ মূল্য বৃদ্ধি নকৰাৰ সিদ্ধান্তৰ পাছত, মূল্যৰ পাৰ্থক্য দাবীৰ (পিডিচি) বাবে চৰকাৰে এই পৰিমাণটো তেল প্ৰতিষ্ঠানসমূহক পৰিশোধ কৰিব লাগিব। শ্বৰীফে বিদ্যুৎ বিতৰণ কোম্পানীবোৰক বিদ্যুৎ উপভোক্তাসকলৰ পৰা অধিক মাচুল ল’বলৈ অনুমতি দিছিল আৰু এনেদৰে কৰ বৃদ্ধি, আৰু উচ্চ শক্তিৰ মূল্যত ভুগি থকা দেশৰ লোকসকলক অধিক বোজা জাপি দিছিল।

পাকিস্তানত বৰ্ধিত মুদ্ৰাস্ফীতিৰ মাজতে দেশখনৰ নাগৰিকে ফেব্ৰুৱাৰীৰ পৰা ব্যৱহাৰ কৰা বিদ্যুতৰ বাবে প্ৰতি ইউনিটত পাকিস্তানৰ অতিৰিক্ত ব্যয় ৪.৮ টকা পৰিশোধ কৰিব লাগিব। দ্য এক্সপ্ৰেছ ট্ৰিবিউনৰ মতে, নেচনেল ইলেক্ট্ৰিক পাৱাৰ ৰেগুলেটৰী অথৰিটিয়ে (নেপ্ৰা) ফেব্ৰুৱাৰী মাহৰ বাবে ইন্ধন ব্যয় সমন্বয়ৰ (এফ চি এ) বাবে প্ৰতি ইউনিটত বিদ্যুতৰ শুল্ক ৪.৮ টকা বৃদ্ধি কৰিছে। শক্তি বিতৰণ কোম্পানীবোৰে (ডিস্কোচ) সকলো উপভোক্তা শ্ৰেণীলৈ চলিত এপ্ৰিলত ফেব্ৰুৱাৰীৰ ইন্ধন ব্যয় সমন্বয় (এফচিএ) আদায় কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ