--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দুৰ্গা পূজাৰ আনন্দ-উলাহৰ মাজতে দেশবাসীয়ে লাভ কৰিলে এখন বিশেষ ৰে’ল। শাৰদীয় নৱৰাত্ৰিৰ দুৰ্গা পূজাৰ ষষ্ঠীৰ দিনটোত ভাৰতবাসীক এখন বিশেষ দ্ৰুতগামী ৰে’ল উপহাৰ দিলে ভাৰতীয় ৰে’লৱেই। সেই বিশেষ ৰে’লখন হৈছে ৰেপিডেক্স ট্ৰেইন। এই ৰেপিডেক্স ট্ৰেইনখনক নাম দিয়া হৈছে ‘নমো ভাৰত’ বুলি। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ চাহিবাবাদত ভাৰতৰ প্ৰথমখন আঞ্চলিক দ্ৰুতগামী ৰে’ল অৰ্থাৎ ৰেপিডেক্স ৰে’লৰ যাত্ৰা মুকলি কৰে।

চাহিবাবাদৰ পৰা দুহাই ডিপোলৈ ১৭ কিলোমিটাৰজোৰা যাত্ৰা কৰিব এই ৰেপিডেক্স ৰে’লখনে। ঘণ্টাত ১৮০ কিলোমিটাৰ গতিবেগলৈকে যাত্ৰা কৰিব পাৰিব এই বিশেষ ৰে’লখনে। গুৰুত্বপূৰ্ণ যে আগন্তুক সময়ত দেশৰ অন্যান্য অঞ্চলতো এনে আঞ্চলিক দ্ৰুতগামী ৰে’লসেৱা প্ৰৱৰ্তন কৰাৰ লক্ষ্য ভাৰতীয় ৰে’লৰ। 

এই ৰেপিডেক্স ৰে’লসেৱাৰ জৰিয়তে কম দূৰত্বৰ যাত্ৰা কম সময়তে কৰিব পাৰিব যাত্ৰীসকলে। ৰেপিডেক্স ৰে’লসেৱাৰ জৰিয়তে দেশৰ আঞ্চলিক যাতায়াত ব্যৱস্থা বিশ্বমানৰ কৰি তোলাৰ পৰিকল্পনা ভাৰতীয় ৰে’লৰ। ৰেপিডেক্স ৰে’ল মুকলি অনুষ্ঠানত ভাষণ প্ৰদান কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। 

ভাষণ প্ৰসংগত মোদীয়ে ‘নমো ভাৰত’ ৰে’লখনক ভৱিষ্যতৰ ভাৰতৰ আভাস আখ্যা দিয়ে। প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ অন্যান্য অঞ্চলতো নমো ভাৰত ৰে’ল ব্যবস্থা প্ৰৱৰ্তন কৰাৰ প্রতিশ্ৰুতি দিয়ে। ইয়াৰ জৰিয়তে বহু নতুন কৰ্মসংস্থাপন সৃষ্টি কৰা হ’ব বুলি উল্লেখ কৰে মোদীয়ে। 

লগতে মোদীয়ে জনতাক নতুন ৰে’লখনৰ যত্ন ল’বলৈ আহ্বান জনায়। দ্ৰুতগামী ৰে’লখনক নিজৰ ৰে’ল হিচাপে ব্যৱহাৰ কৰিবলৈ জনতাক আহ্বান জনায় প্ৰধানমন্ত্ৰীয়ে। 

ইয়াৰ পাছতে নমো ভাৰত ৰে’লখনত যাত্ৰা কৰে মোদীয়ে। যাত্ৰাকালত প্ৰধানমন্ত্ৰীগৰাকীয়ে অন্যান্য যাত্ৰীসকলৰে ৰে’লযাত্ৰা সন্দৰ্ভত অন্তৰংগ আলাপ কৰে। শেহতীয়াকৈ ভাৰতীয় ৰে’লে বন্দে ভাৰত দ্ৰুতগামী এক্সপ্ৰেছ ব্যৱস্থা প্ৰৱৰ্তন কৰি দেশৰ ৰে’লসেৱাক যথেষ্ট উন্নত কৰি তুলিছে। বিভিন্ন ৰাজ্যত প্ৰৱৰ্তন হোৱা বন্দে ভাৰত এক্সপ্ৰেছৰ জৰিয়তে এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ যাত্ৰা কম সময়তে কৰিব পৰা হৈছে। 

বন্দে ভাৰত এক্সপ্ৰেছৰ পাছত ৰেপিডেক্স ৰে’লসেৱাই ভাৰতীয় ৰে’লসেৱাক বিশ্বমানৰ কৰি তোলাৰ দিশত এখোজ আগুৱাই নিলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ