--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ঘৰৰ বাহিৰে-ভিতৰে সজোৱাৰ বাবে মানিপ্লাণ্ট ৰোপণ কৰাটো এটা সাধাৰণ কথা। এনে কৰিলে ঘৰৰ সৌন্দৰ্য বঢ়াই নহয়, আপোনাৰ ঘৰখনো অধিক আৰ্কষণীয় কৰি তোলে। মান্যতা আছে যে ঘৰত মানিপ্লাণ্ট ৰোপণ কৰিলে পৰিয়ালটোৰ আৰ্থিক অসুবিধাও দূৰ হয়। আজি আমি আপোনালোকক মানিপ্লাণ্টৰ লগত জড়িত এনে ৫টা কথা ক’ম, যিবোৰ কেতিয়াও কৰিব নালাগে।

 ১. সূৰ্য্যৰ তাপৰ পৰা বচাই ৰাখিব লাগে মানিপ্লাণ্ট-

প্ৰথম কথাটো হ’ল-মানিপ্লাণ্ট গজিবলৈ বেছি সূৰ্য্যৰ পোহৰৰ প্ৰয়োজন নহয়, বৰঞ্চ প্ৰবল সূৰ্য্যৰ পোহৰৰ বাবে মৰহি যায়। সেয়ে এই গছজোপা সদায় ঘৰৰ ভিতৰত ৰাখিব লাগে। মুকলি সূৰ্যৰ পোহৰত ৰাখিলে মানিপ্লাণ্ট শুকাই যায়, যিটো আৰ্থিকভাৱে অশুভ বুলি গণ্য কৰা হয়।

 ২. মাটিত স্পৰ্শ কৰাৰ পৰা বচাওক-

মানিপ্লাণ্ট কেতিয়াও পোনপটীয়াকৈ মাটিত ৰাখিব নালাগে। ইয়াৰ কাৰণ হ’ল-এই গছজোপা দ্ৰুতগতিত বাঢ়ে, গতিকে তললৈ এৰি দিলে ঘৰত হাবিৰ দৰে বিয়পি পৰিব। যিটো ভাল বুলি গণ্য কৰা নহয়। বৰঞ্চ ৰছী বা লাঠিৰ সহায়ত ইয়াক ওপৰলৈ যোৱাত সহায় কৰিব লাগে।

৩. মানিপ্লাণ্ট কেতিয়াও উপহাৰ নিদিব-

মানিপ্লাণ্ট শুক্ৰ গ্ৰহৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। সেয়েহে ইয়াক কেতিয়াও ভুলতে কাকো উপহাৰ দিব নালাগে। বিশ্বাস কৰা হয় যে এনে কৰি আপুনি আপোনাৰ ঘৰৰ সুখ, শান্তি আৰু আৰ্থিক সমৃদ্ধি আনক উপহাৰ দিছে, যাৰ ফলত আপোনাৰ ঘৰত দৰিদ্ৰতা বাস কৰিবলৈ আৰম্ভ কৰে।

 ৪. কোন দিশত ৰাখিব লাগে মানিপ্লাণ্ট-

ঘৰত সুখ-সমৃদ্ধি আৰু পৰিয়ালত শান্তিৰ বাবে মানিপ্লাণ্ট সঠিক দিশত ৰখাটো অতি প্ৰয়োজন। তেনে নকৰিলে ঋণৰ বোজা বৃদ্ধি পাব পাৰে। সেয়েহে মা্নিপ্লাণ্ট ঘৰৰ উত্তৰ-পূব দিশত ৰাখিব নালাগে। ইয়াৰ বাবেই ঘৰত ঋণাত্মক শক্তি প্ৰৱেশ কৰে। বৰঞ্চ গছজোপা সদায় দক্ষিণ-পূব দিশত ৰাখিব লাগে।

 ৫. মানিপ্লাণ্ট শুকাই যোৱাটো অশুভ বুলি গণ্য কৰা হয়। ঘৰত মালক্ষ্মীৰ প্ৰবাহ বজাই ৰাখিবলৈ মানিপ্লাণ্টৰ যত্নত কোনো অভাৱ হ’ব নালাগে। আন উদ্ভিদৰ দৰে মানিপ্লাণ্ট পাতবোৰো মাজে মাজে শুকাই যায়। এনে অৱস্থাত শুকান পাতবোৰ আঁতৰাই থাকিব লাগে। যদি এই শুকান পাতবোৰ মানিপ্লাণ্টত এৰি দিয়া হয়, তেন্তে ইয়াক দুৰ্ভাগ্য আৰু বিপদৰ আগমনৰ প্ৰতীক হিচাপে গণ্য কৰা হয়।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ