--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ বিবাদত জড়িত হৈ পৰিছে মহম্মদ ছামীৰ পত্নী হাছিন জাহান। এইবাৰ হাছিনৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে তেওঁৰ পিতৃ মহম্মদ হুছেইনে। ভায়েকৰ সম্পত্তি বলপূৰ্বক দখল কৰা বুলি হাছিনৰ পিতৃয়ে অভিযোগ কৰিছে। হাছিনৰ পিতৃয়ে তেওঁক সম্পত্তিৰ পৰা বহিষ্কাৰ কৰাৰ আৰু তেওঁৰ সৈতে সকলো সম্পৰ্ক ছিন্ন কৰাৰ ভাবুকি দিয়া বুলিও খবৰ ওলাইছে।

হুছেইনে কৈছিল যে তেওঁৰ একমাত্ৰ পুত্ৰ তাৰিক পাৰভেজ ওৰফে বাণ্টি বিগত বৰ্ষত কৰ’নাত মৃত্যু হৈছিল। তাৰপাছত হাছিনে অবৈধভাৱে তাৰিকৰ সকলো সম্পত্তি বলপূৰ্বক দখল কৰা বুলি অভিযোগ পিতৃৰ। হুছেইনৰ অভিযোগ তাৰিকৰ দুখন ট্ৰাক, এখন গাড়ী, এখন মটৰচাইকেল, এখন হোটেল, পেট্ৰ'ল পাম্প আৰু এটা কয়লা খনি দখল কৰিছিল জীয়ৰী হাছিনে। আনকি নিজৰ ভায়েকৰ জীৱন বীমা কাঢ়ি নিয়াৰো দাবী পিতৃৰ।

হুছেইনৰ অধিবক্তা অমিত কুমাৰে কয়, ‘মুছলমানসকলৰ ব্যক্তিগত আইন অনুসৰি,  পুত্ৰৰ মৃত্যুৰ পাছত  তেওঁৰ সকলো সম্পত্তিৰ গৰাকী হয় পিতৃ। কোনো প্ৰকাৰে তেওঁৰ সেই সম্পত্তি ভাই-ভনীয়ে লাভ নকৰে। কেৱল পিতৃয়েই নহয়, হাছিনৰ মাক নাজমা খাতুনেও ছোৱালীৰ বিৰুদ্ধে মাৰপিট কৰাৰ অভিযোগ উত্থাপন কৰিছে।

ইতিমধ্যে,হাছিনৰ পিতৃয়ে এই সন্দৰ্ভত কলিকতা উচ্চ ন্যায়ালয়ত এটা গোচৰ ৰুজু কৰিছে। এই গোচৰটোত হাছিনৰ উপৰি  তেওঁৰ এজন বন্ধু আৰু দুজন কৰ্মচাৰীৰ নামো উল্লেখ কৰা হৈছে। অৱশ্যে, পিতৃৰ অভিযোগৰ পাছত এতিয়ালৈকে হাছিনৰ পৰা কোনো মন্তব্য লাভ কৰিব পৰা হোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ