--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ বিবাদত জড়িত হৈ পৰিছে মহম্মদ ছামীৰ পত্নী হাছিন জাহান। এইবাৰ হাছিনৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে তেওঁৰ পিতৃ মহম্মদ হুছেইনে। ভায়েকৰ সম্পত্তি বলপূৰ্বক দখল কৰা বুলি হাছিনৰ পিতৃয়ে অভিযোগ কৰিছে। হাছিনৰ পিতৃয়ে তেওঁক সম্পত্তিৰ পৰা বহিষ্কাৰ কৰাৰ আৰু তেওঁৰ সৈতে সকলো সম্পৰ্ক ছিন্ন কৰাৰ ভাবুকি দিয়া বুলিও খবৰ ওলাইছে।

হুছেইনে কৈছিল যে তেওঁৰ একমাত্ৰ পুত্ৰ তাৰিক পাৰভেজ ওৰফে বাণ্টি বিগত বৰ্ষত কৰ’নাত মৃত্যু হৈছিল। তাৰপাছত হাছিনে অবৈধভাৱে তাৰিকৰ সকলো সম্পত্তি বলপূৰ্বক দখল কৰা বুলি অভিযোগ পিতৃৰ। হুছেইনৰ অভিযোগ তাৰিকৰ দুখন ট্ৰাক, এখন গাড়ী, এখন মটৰচাইকেল, এখন হোটেল, পেট্ৰ'ল পাম্প আৰু এটা কয়লা খনি দখল কৰিছিল জীয়ৰী হাছিনে। আনকি নিজৰ ভায়েকৰ জীৱন বীমা কাঢ়ি নিয়াৰো দাবী পিতৃৰ।

হুছেইনৰ অধিবক্তা অমিত কুমাৰে কয়, ‘মুছলমানসকলৰ ব্যক্তিগত আইন অনুসৰি,  পুত্ৰৰ মৃত্যুৰ পাছত  তেওঁৰ সকলো সম্পত্তিৰ গৰাকী হয় পিতৃ। কোনো প্ৰকাৰে তেওঁৰ সেই সম্পত্তি ভাই-ভনীয়ে লাভ নকৰে। কেৱল পিতৃয়েই নহয়, হাছিনৰ মাক নাজমা খাতুনেও ছোৱালীৰ বিৰুদ্ধে মাৰপিট কৰাৰ অভিযোগ উত্থাপন কৰিছে।

ইতিমধ্যে,হাছিনৰ পিতৃয়ে এই সন্দৰ্ভত কলিকতা উচ্চ ন্যায়ালয়ত এটা গোচৰ ৰুজু কৰিছে। এই গোচৰটোত হাছিনৰ উপৰি  তেওঁৰ এজন বন্ধু আৰু দুজন কৰ্মচাৰীৰ নামো উল্লেখ কৰা হৈছে। অৱশ্যে, পিতৃৰ অভিযোগৰ পাছত এতিয়ালৈকে হাছিনৰ পৰা কোনো মন্তব্য লাভ কৰিব পৰা হোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২৭ত মহাকাশলৈ মানৱসহ ভাৰতে প্ৰেৰণ কৰিব প্ৰথমখন মহাকাশ যান, ২০২৮ চনত চন্দ্রলৈ প্ৰেৰণৰ লক্ষ্য চন্দ্রযান-৪
সেমেকা মন, সেমেকা দুচকু; ‘হিয়াৰ আমঠু’ অবিহনে আজি প্ৰথমটো জন্মদিন উদযাপন অসমীয়াৰ
নগৰবেৰাত ১২টা চুৰি গৰু জব্দ; গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী চাত্তাৰ আলী আৰু আবেদ আলী
ডিগবৈত ভয়ংকৰ পথ দুৰ্ঘটনা; ডাম্পাৰ-মটৰচাইকেলৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত সেনা জোৱান
মহাৰাষ্ট্ৰত মহাবিকাশ অঘাড়ীত বিভাজনৰ সম্ভাৱনা, BMCৰ নিৰ্বাচনত অকলে যুঁজিব কংগ্ৰেছে
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ওপজা দিন ৩ দিনীয়াকৈ উদযাপন আছুৰ
কেপচিকামৰ নানা স্বাস্থ্য উপকাৰী গুণ
হাজো উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হুৱাদুৱা! বিদ্যালয়খনৰ পুৰণি বিজ্ঞান ভৱনৰ দুৱাৰত দুৰ্বৃত্তই লগাই দিলে জুই
দিল্লীত বছৰটোৰ ভিতৰতে সবাতোকৈ শোচনীয় বায়ুৰ মান সূচকাংক
ফতেহপুৰৰ ঘৰে ঘৰে চলালে তালাচী; ফালাহ বিশ্ববিদ্যালয়ত এহাজাৰ আৰক্ষীৰ
ঘৰত অপৰাজিতাৰ ফুল থকাটো অতি শুভ! কোন দিশত ৰোপণ কৰিলে শুভফল পোৱা যায়, জানেনে?
দিল্লী ৰক্তাক্ত কৰা ৫ ডাক্তৰৰ গেং
ৰাজ্যত পুনৰ বন্যহস্তীৰ কৰুণ মৃত্যু , এমাহৰ ভিতৰতে চাৰিটাকৈ বন্যহস্তীৰ মৃত্যু ওদালগুৰিত
ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ সফল অভিযান, লক্ষীপুৰত জব্দ বৃহৎ পৰিমাণৰ হেৰ’ইন