--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ভূঁইকঁপৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ পূৰ্বানুমান কৰাটো এতিয়ালৈ সম্ভৱ হৈ উঠা নাই। সেইবাবে ই সৃষ্টি কৰিব পৰা বিধ্বংসিতা আৰু ক্ষয়-ক্ষতি কম কৰিব পৰা পৰিৱেশো অহা নাই। বহু উন্নত আৰু ভূমিকম্প প্ৰৱণ দেশে উন্নত প্ৰযুক্তি আৰু ভূকম্পন অনুকূল নিৰ্মাণ তথা পৰিকল্পনা ৰূপায়নৰ জৰিয়তে ইয়াৰ প্ৰভাৱ বহু পৰিমাণে প্ৰশমিত কৰিবলৈ সক্ষম হৈছে। কিন্তু অসম বা ভাৰতত সেয়া কিমান পৰিকল্পিত তাক নিশ্চয়তাৰে কব নোৱাৰি। অসমৰ সৈতে ১৯৫০ৰ বৰভূঁইকঁপ এক পাহৰিব নোৱৰা অভিজ্ঞতা হিচাপে চিহ্নিত হৈ ৰৈছে। এই ভূঁইকঁপে অসমৰ ভৌগলিক গাঁঠনি তথা ইয়াৰ চৰিত্ৰ স্থায়ীভাৱে সলনি কৰা বুলি বিভিন্ন সময়ত কোৱা হয়। এই স্মৃতি এতিয়া কিছু ধূৱলী-কুঁৱলী হৈ থাকিলেও এতিয়া নতুন এক উদ্বেগৰ ইংগিত পোৱা গৈছে। অসমত ১৯৫০ৰ বৰভূঁইকঁপৰ দৰেই ডাঙৰ ভূঁইকঁপ অহাৰ আশংকাৰ কথা প্ৰকাশ কৰিছে গৱেষকে। ইয়াক পূ্ৰ্বানুমান বুলি কব নোৱাৰি যদিও ই একেবাৰে অমূলক ধাৰণা বুলিও উৰাই দিব নোৱাৰি। কাৰণ ইয়াৰ আঁৰত গভীৰ গৱেষণা লুকাই আছে।

গৱেষক আৰু ভূকম্পবিজ্ঞানীৰ এটা দলে তেওঁলোকৰ গৱেষণাত এক উদ্বেগজনক তথ্য উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। ইষ্টাৰ্ণ হিমালয়ান আৰু ইণ্ডো-বাৰ্মা ৰেঞ্জৰ ভাৰতীয় ভূগৰ্ভীয় প্লেট জটিল বৈৱৰ্তনিক গতি ধৰা পৰিছে। যাৰ ফলত ভৱিষ্যতৰ দিনবোৰত ভূমিকম্পৰ সৃষ্টি হোৱাৰ আশংকা কৰা হৈছে। তেওঁলোকৰ গৱেষণাত প্ৰকাশ পাইছে যে, ১৯৫০ চনত অসমত হোৱা বৰ ভূঁইকঁপ এই দুখন প্লেটৰ মাজত হোৱা ঘৰ্ষণৰ ফলতে সৃষ্টি হৈছিল।

এই ঘৰ্ষণ বা সংঘৰ্ষই পূব হিমালয় অঞ্চলৰ ইণ্ডো-বাৰ্মা ৰেঞ্জ আৰু ক্ৰিষ্টেল ৱানছত গুৰুতৰ ভূমিকম্পৰ সৃষ্টি কৰিব পাৰে। ভাৰতীয় প্লেষ্টৰ উত্তৰ পূবীয় অংশত ভূকম্পীয় দিশৰ পৰা সক্ৰিয় হৈ আছে আৰু ই ৪০ কিলোমিটাৰ গভীৰ। আনহাতে ইণ্ডো-বাৰ্মা ৰেঞ্জত এই ভূকম্পীয় সক্ৰিয়তা ২০০ কিলোমিটাৰ গভীৰ বুলি ধৰা পৰিছে।

টেকটোনোফিজিক্স জাৰ্নেলত প্ৰকাশিত এই অধ্যয়নত গৱেষকসকলে দাবী কৰিছে যে, ভূকম্পীয় গঠনত হোৱা জটিল বৈৱৰ্তনিক গতিৰ বাবেই ১৯৫০ চনত অসমৰ বৰভূঁইকঁপৰ সৃষ্টি হৈছিল। এই বৰভূঁইকঁপৰ তীব্ৰতা ৰিখটাৰ স্কেলত আছিল ৮.৬। ভাৰত-চীন সীমান্তৰ অৰুণাচলৰ মিছিমি পৰ্বতত সৃষ্টি হোৱা এই ভূঁইকঁপ এতিয়ালৈ নথিভূক্ত হোৱা এই অঞ্চলৰ সৰ্ববৃত ভূঁইকঁপ বুলি চিহ্নিত হৈ আহিছে।

উল্লেখ্য যে, ভূকম্পীয় ভি জনৰ অধীনত পৰা অৰুণাচল আৰু অসমৰ সীমান্তৱৰ্তী অঞ্চলৰ ভূকম্পীয় দিশৰ পৰা অতি সক্ৰিয় অঞ্চল বুলি গণ্য কৰা হৈ আহিছে। এই অঞ্চলটোত সদায়ে বৃহত ভূমিকম্প হোৱাৰ আশংকা কৰি অহা হৈছে।

ইফালে, এই প্ৰতিবেদন সন্দৰ্ভত বিজ্ঞান প্ৰযুক্তিবিদ্যা মন্ত্ৰণালয়ে এখন বিজ্ঞপ্তিত প্ৰকাশ কৰিছে যে, ১৯৫০ চনৰ বৰভূঁইকঁপৰ পাছত উজনি অসম আৰু মিছিমি ব্লকৰ মাজত কোনো অতিকায় ভূমিকম্পৰ সৃষ্টি হোৱা নাই। এই অঞ্চলটোক ছেইছমিক গেপ অঞ্চল বুলি চিহ্নিত কৰি অহা হৈছে।পূ্ৰ্বৰ এক অধ্যয়নত ইয়াক মিছিমি থ্ৰাষ্ট বা এমটিৰ লকড জোন বুলি চিহ্নিত কৰা হৈছিল যিটোৱে ভৱিষ্যতে বৃহত ভূমিকম্পৰ সৃষ্টি কৰাৰ আশংকাক জীৱিত কৰি ৰাখিছে।

উল্লেখ্য যে, শেহতীয়া এই অধ্যয়নৰ নেতৃত্ব দিছিল ড দেৱজিত হাজৰিকাই। ৱাডিয়া ইনষ্টিটিউট অব হিমালয়ান জিঅ’লজীৰ গৱেষকসকলে এই অধ্যয়নত লোহিত উপত্যকা আৰু অৰুণাচল-হিমালয়ৰ ছিয়াং উইণ্ডোৰ ৮টা ষ্টেচনৰ তথ্য ব্যৱহাৰ কৰিছিল। তেওঁলোকে এক বিশেষ পদ্ধতিৰে এই অঞ্চলত ভূঁইকঁপৰ আশংকাৰ তথ্যক প্ৰকট কৰি দেখুৱাইছিল। অধ্যয়নটোত আইবিআৰ অঞ্চলত ডাঙৰ ভূমিকম্প হোৱাৰ আশংকাৰ কথা স্পষ্টকৈ কোৱা হৈছে। এটা কথা ঠিক যে, পঞ্চাছৰ বৰ ভূইকঁপৰ সমান ডাঙৰ ভূইকপে অসম বা উত্তৰ পূবক জোকাৰিবলৈ হ’লে এইবাৰ তাৰ ফলত হব পৰা ক্ষতিৰ পৰিমাণ অতি ব্যাপক হোৱাৰ আশংকা নুই কৰিব নোৱাৰি।

শেহতীয়াকৈ প্ৰযুক্তিগত উন্নয়ন আৰু তথাকথিত প্ৰগতিয়ে আমাৰ সন্মুখত বহু বিপদো চপাই আনিছে। বিভিন্ন ডাঙৰ ডাঙৰ নদীবান্ধ, ডাঙৰ অট্টালিকা, অপৰিকল্পিত নগৰ নিৰ্মাণ আদি আমাৰ বাবে বহু সময়ত বিপদৰ কাৰণ হৈ উঠাৰো আশংকা আছে। কিন্তু সেই আশংকা যাতে সত্যত পৰিণত নহয় আৰু আমি যাতে ১৯৫০ দৰে কোনো পৰিস্থিতিৰ সন্মুখীন হবলগীয়া নহয় তাকেই কামনা কৰিছোঁ।



FOLLOW US F
POPULAR
FEATURE
TRENDY
২১ জুনৰ নীট-ইউ জিৰ প্ৰৱেশ-পত্ৰ জাৰি
জলবায়ুৰ পৰিৱৰ্তন; সংকটৰ গৰাহত হিমালয়ৰ পৰিৱেশতন্ত্র
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement