--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন সভাপতি তথা বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলীক লৈ এতিয়া তুমুল চৰ্চা চলিছে। সৌৰভ গাংগুলীৰ এটা ইংগিতপূৰ্ণ টুইটক লৈ আৰম্ভ হৈছিল এই চৰ্চা। প্ৰথমে চৰ্চা চলিছিল দাদাৰ ৰাজনীতি গমনক লৈ। তেওঁ ক্ৰিকেট এৰি ৰাজনীতিৰ পথাৰত খোজ দিব বুলি তুমুল চৰ্চা চলে টুইটটো প্ৰকাশ হোৱাৰ পাছতে। কিন্তু তাৰ পাছতে বিচিচিআইৰ সচিব জয় শ্বাহে দিবলগীয়া হ’ল স্পষ্টীকৰণ। কিন্তু কি আছিল সৌৰভ গাংগুলীৰ এই টুইটত?

 

সৌৰভে তেওঁৰ বহুচৰ্চিত টুইটটোত লিখিছিল, ১৯৯২ চনত আৰম্ভ হোৱা মোৰ ক্ৰিকেটীয় যাত্ৰাই ২০২২ চনত ৩০ বছৰ অতিক্ৰম কৰিলে। সেই সময়ৰে পৰা ক্ৰিকেটে মোক বহুত কিবাকিবি দিলে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে, ই আপোনালোক সকলোৰে সমৰ্থন মোক দিছে। মোৰ এই যাত্ৰাৰ সহযাত্ৰী হোৱা প্ৰতিগৰাকী ব্যক্তিকে;  যিসকলে মোক সমৰ্থন কৰিছে আৰু আজিৰ স্তৰলৈ অহাত সহায়-সহযোগ কৰিছে সেই সকলোকে মই মনত ৰাখিব বিচাৰোঁ।’ তেওঁ টুইটটোত আৰু লিখিছিল যে, আজি মই নতুন কিবা এটাৰ আৰম্ভণি কৰিব বিচাৰিছোঁ। মই আশা কৰোঁ যে, ই মানুহক ব্যাপকভাৱে সহায় কৰিব। মই আপোনালোক সকলোৰে সহায়-সমৰ্থন আশা কৰিছোঁ যিদৰে মোৰ জীৱনৰ দীঘলীয়া পৰিক্ৰমাটোত আপোনালোকে সহায় কৰি আহিছে।


গাংগুলীৰ এই টুইটে স্বৰূপাৰ্থতে সৃষ্টি কৰে ব্যাপক চাঞ্চল্যৰ। তেওঁ বিচিচিআইৰ সভাপতি পদ এৰা বুলিও চৰ্চা আৰম্ভ হৈ যায় অতি তীব্ৰ ৰূপত। অতি ৰহস্যজনকভাৱে তেওঁ দিয়া এই পোষ্টটোৱে তেওঁৰ ৰাজনৈতিক যাত্ৰাৰ কথাকে সূচোৱা বুলি বিভিন্নজনে চৰ্চা আৰম্ভ কৰে। তেওঁ বিজেপি নে তৃণমূললৈ যাব তাক লৈও চৰ্চা আৰম্ভ হয়। কিন্তু এই সকলো চৰ্চাক নস্যাৎ কৰি বিচিচিআইৰ সচিব জয় শ্বাহে মন্তব্য কৰে যে, সৌৰভ গাংগুলীয়ে বিচিচিআইৰ সভাপতি পদ এৰা নাই। তেওঁ সেই পদতে বাহাল আছে।  

ইফালে, এই ব্যাপক চৰ্চাৰ পাছত সৌৰভ গাংগুলীয়ে ঘোষণা কৰিছে যে, তেওঁ এটা গোলকীয় শিক্ষা সম্পৰ্কীয় এপ মুকলি কৰিছে। এই ঘোষণা কৰি তেওঁ টুইটাৰত লিখিছে, ‘মই এটা বিশ্বজনীন শিক্ষা সম্পৰ্কীয় এপ মুকলি কৰিছোঁ।’ এতিয়া প্ৰশ্ন উঠিছে যে, এটা এডুকেচন এপৰ বাবে ইমান পাতনি মেলা হ’ল কিয়? এয়া তেওঁৰ প্ৰচাৰ কৌশল আছিল নে ইয়াৰ আঁৰত অন্য কোনো কাৰকে প্ৰভাৱ বিস্তাৰ কৰিছিল?

এই প্ৰশ্নৰ আঁত ধৰি এতিয়া ৰাজনৈতিক চৰ্চাও তীব্ৰ হৈ পৰিছে। সৌৰভ গাংগুলীৰ ৰাজনীতি গমনক লৈ তীব্ৰ চৰ্চা চলিছিল তেওঁৰ ঘৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নৈশ আহাৰ গ্ৰহণৰ পাছতে। গাংগুলীৰ দৰে তাৰকাক নিজৰ হাতত ৰাখি অমিত শ্বাহে বংগত তেওঁলোকৰ হেৰাই যাবলৈ ধৰা খোপনি ঘূৰাই অনাৰ চেষ্টা কৰাটো অস্বাভাৱিক নহয়। কিন্তু বংগত মমতাৰ তৃণমূলক উপেক্ষা কৰি বিজেপিলৈ যোৱাৰ সাহস গাংগুলীয়ে কৰিব নে নাই সেয়াও এক প্ৰশ্নৰ বিষয়। মমতাৰ তৃণমূলেও গাংগুলীৰ বাবে দুৱাৰ খোলা ৰাখিছে যদিও এফালে জয় শ্বাহ-অমিত শ্বাহৰ নিয়ন্ত্ৰণ আৰু আনফালে মমতাৰ আমন্ত্ৰণ দুয়োটাকে উপেক্ষা কৰিব নোৱাৰি সৌৰভ গাংগুলীৰ অৱস্থা দোদুল্যমান হৈ পৰা বুলি চৰ্চা চলিছে। যাৰ বাবে এনে কৌশলী টুইটেৰে তেওঁ অনুৰাগীৰ প্ৰতিক্ৰিয়া জনাৰ চেষ্টা কৰিছে বুলিও চৰ্চা চলিছে। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত