--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন সভাপতি তথা বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলীক লৈ এতিয়া তুমুল চৰ্চা চলিছে। সৌৰভ গাংগুলীৰ এটা ইংগিতপূৰ্ণ টুইটক লৈ আৰম্ভ হৈছিল এই চৰ্চা। প্ৰথমে চৰ্চা চলিছিল দাদাৰ ৰাজনীতি গমনক লৈ। তেওঁ ক্ৰিকেট এৰি ৰাজনীতিৰ পথাৰত খোজ দিব বুলি তুমুল চৰ্চা চলে টুইটটো প্ৰকাশ হোৱাৰ পাছতে। কিন্তু তাৰ পাছতে বিচিচিআইৰ সচিব জয় শ্বাহে দিবলগীয়া হ’ল স্পষ্টীকৰণ। কিন্তু কি আছিল সৌৰভ গাংগুলীৰ এই টুইটত?

 

সৌৰভে তেওঁৰ বহুচৰ্চিত টুইটটোত লিখিছিল, ১৯৯২ চনত আৰম্ভ হোৱা মোৰ ক্ৰিকেটীয় যাত্ৰাই ২০২২ চনত ৩০ বছৰ অতিক্ৰম কৰিলে। সেই সময়ৰে পৰা ক্ৰিকেটে মোক বহুত কিবাকিবি দিলে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে, ই আপোনালোক সকলোৰে সমৰ্থন মোক দিছে। মোৰ এই যাত্ৰাৰ সহযাত্ৰী হোৱা প্ৰতিগৰাকী ব্যক্তিকে;  যিসকলে মোক সমৰ্থন কৰিছে আৰু আজিৰ স্তৰলৈ অহাত সহায়-সহযোগ কৰিছে সেই সকলোকে মই মনত ৰাখিব বিচাৰোঁ।’ তেওঁ টুইটটোত আৰু লিখিছিল যে, আজি মই নতুন কিবা এটাৰ আৰম্ভণি কৰিব বিচাৰিছোঁ। মই আশা কৰোঁ যে, ই মানুহক ব্যাপকভাৱে সহায় কৰিব। মই আপোনালোক সকলোৰে সহায়-সমৰ্থন আশা কৰিছোঁ যিদৰে মোৰ জীৱনৰ দীঘলীয়া পৰিক্ৰমাটোত আপোনালোকে সহায় কৰি আহিছে।


গাংগুলীৰ এই টুইটে স্বৰূপাৰ্থতে সৃষ্টি কৰে ব্যাপক চাঞ্চল্যৰ। তেওঁ বিচিচিআইৰ সভাপতি পদ এৰা বুলিও চৰ্চা আৰম্ভ হৈ যায় অতি তীব্ৰ ৰূপত। অতি ৰহস্যজনকভাৱে তেওঁ দিয়া এই পোষ্টটোৱে তেওঁৰ ৰাজনৈতিক যাত্ৰাৰ কথাকে সূচোৱা বুলি বিভিন্নজনে চৰ্চা আৰম্ভ কৰে। তেওঁ বিজেপি নে তৃণমূললৈ যাব তাক লৈও চৰ্চা আৰম্ভ হয়। কিন্তু এই সকলো চৰ্চাক নস্যাৎ কৰি বিচিচিআইৰ সচিব জয় শ্বাহে মন্তব্য কৰে যে, সৌৰভ গাংগুলীয়ে বিচিচিআইৰ সভাপতি পদ এৰা নাই। তেওঁ সেই পদতে বাহাল আছে।  

ইফালে, এই ব্যাপক চৰ্চাৰ পাছত সৌৰভ গাংগুলীয়ে ঘোষণা কৰিছে যে, তেওঁ এটা গোলকীয় শিক্ষা সম্পৰ্কীয় এপ মুকলি কৰিছে। এই ঘোষণা কৰি তেওঁ টুইটাৰত লিখিছে, ‘মই এটা বিশ্বজনীন শিক্ষা সম্পৰ্কীয় এপ মুকলি কৰিছোঁ।’ এতিয়া প্ৰশ্ন উঠিছে যে, এটা এডুকেচন এপৰ বাবে ইমান পাতনি মেলা হ’ল কিয়? এয়া তেওঁৰ প্ৰচাৰ কৌশল আছিল নে ইয়াৰ আঁৰত অন্য কোনো কাৰকে প্ৰভাৱ বিস্তাৰ কৰিছিল?

এই প্ৰশ্নৰ আঁত ধৰি এতিয়া ৰাজনৈতিক চৰ্চাও তীব্ৰ হৈ পৰিছে। সৌৰভ গাংগুলীৰ ৰাজনীতি গমনক লৈ তীব্ৰ চৰ্চা চলিছিল তেওঁৰ ঘৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নৈশ আহাৰ গ্ৰহণৰ পাছতে। গাংগুলীৰ দৰে তাৰকাক নিজৰ হাতত ৰাখি অমিত শ্বাহে বংগত তেওঁলোকৰ হেৰাই যাবলৈ ধৰা খোপনি ঘূৰাই অনাৰ চেষ্টা কৰাটো অস্বাভাৱিক নহয়। কিন্তু বংগত মমতাৰ তৃণমূলক উপেক্ষা কৰি বিজেপিলৈ যোৱাৰ সাহস গাংগুলীয়ে কৰিব নে নাই সেয়াও এক প্ৰশ্নৰ বিষয়। মমতাৰ তৃণমূলেও গাংগুলীৰ বাবে দুৱাৰ খোলা ৰাখিছে যদিও এফালে জয় শ্বাহ-অমিত শ্বাহৰ নিয়ন্ত্ৰণ আৰু আনফালে মমতাৰ আমন্ত্ৰণ দুয়োটাকে উপেক্ষা কৰিব নোৱাৰি সৌৰভ গাংগুলীৰ অৱস্থা দোদুল্যমান হৈ পৰা বুলি চৰ্চা চলিছে। যাৰ বাবে এনে কৌশলী টুইটেৰে তেওঁ অনুৰাগীৰ প্ৰতিক্ৰিয়া জনাৰ চেষ্টা কৰিছে বুলিও চৰ্চা চলিছে। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
'জোনমণি ৰুণজুন, তেতিয়া চকুত জোন...', জুবিনৰ গীতৰ জোনমণিৰ সৰু কালৰ ফটো প্রকাশ
অপৰাধমূলক গোচৰৰ বিচাৰ প্ৰক্ৰিয়া দৈনন্দিন কৰক, উচ্চ ন্যায়ালয়সমূহক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
বাতিল হ'ল তামুলপুৰৰ ডিমিলাপাৰ সাৰ্বজনীন দূৰ্গা পূজাৰ সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান
৫০ সহস্রাধিক মটকে কঁপালে ডিকম-লাহোৱাল, জনজাতিকৰণ অবিহনে ক্ষান্ত নোহোৱাৰ হুংকাৰ
যোৰহাট ষ্টেডিয়ামত ৩ দিন ধৰি হ'ব শ্রদ্ধাঞ্জলি-অনুষ্ঠান, মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আনুষ্ঠানিক ঘোষণা
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন