--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ পৃথিৱীত বহুতো অদ্ভুত ঠাই আছে যিবোৰৰ বিষয়ে শুনি আমি আচৰিত হওঁ। আজি আমি এনে এখন গাঁৱৰ বিষয়ে ক'বলৈ গৈ আছো য'ত যিকোনো সময়তে মানুহ টোপনি যায়। ইয়াত বাস কৰা লোকসকলে কেইবামাহধৰি থাকে শুই। শুনিবলৈ আচৰিত যেন লাগিলেও কিন্তু একেবাৰে সঁচা কথা। জানো আহক এই গাঁওখনৰ বিষয়ে।

 কাজাখস্তানত অৱস্থিত এখন অদ্ভুত গাঁও নাম কালাচী। এই গাঁৱৰ মানুহে কেইবামাহধৰি থাকে শুই। ইয়াৰ বাবে এই গাঁওখনক ‘স্লিপি হোলো ভিলেজ’ বুলিও জনা যায়। ইয়াত থকা লোকসকলক প্ৰায়ে শুই থকা দেখা যায়, সেই কাৰণে এই লোকসকলৰ ওপৰত বহুতো গৱেষণা চলোৱা হৈছিল।

 উল্লেখ্য যে, ২০১০ চনত এই গাঁওখনৰ হঠাতে শুই পৰা ঘটনাৰ প্ৰথম পোহৰলৈ আহিছিল। এখন বিদ্যালয়ত, কিছুমান শিশু হঠাতে তললৈ বাগৰি পৰিছিল আৰু তেওঁলোকে শুবলৈ আৰম্ভ কৰিছিল। লাহে লাহে এই ঘটনা গোটেই গাঁওখনলৈ ৰোগৰ দৰে বিয়পি পৰিছিল। তেতিয়াৰ পৰা বহু বিজ্ঞানীয়ে এই গাঁওখনত গৱেষণা কৰিবলৈ আৰম্ভ কৰিছিল। কিন্তু সকলো প্ৰচেষ্টাৰ পিছতো বিজ্ঞানীসকলে এই সমস্যাটোৰ সম্পূৰ্ণৰূপে সমাধান কৰিব নোৱাৰিলে। ‘ডেইলী মেইল’ৰ এক প্ৰতিবেদন অনুসৰি ২০১৫ চনত এই ৰোগৰ আকস্মিক সমাপ্তি ঘটিছিল।

 গৱেষকসকলৰ অনুসৰি কালাঞ্চি গাঁৱত ইউৰেনিয়ামৰ বিষাক্ত গেছ নিৰ্গত ঘটনাৰ ফলতেই ইয়াত থকা লোকসকলৰ শোৱাৰ এক অনন্য ৰোগত আক্ৰান্ত হৈছিল। বিষাক্ত গেছৰ ফলত ইয়াত পানীও দূষিত হৈ পৰিছে। একে সময়তে বিজ্ঞানীসকলে কয় যে ইয়াত পানীত কাৰ্বন মনোক্সাইড গেছ আছে, যাৰ বাবে ইয়াত মানুহে কেইবামাহ শুই থাকে।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন