--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মগজুৰ কৰ্কট ৰোগে এতিয়া সমগ্ৰ বিশ্বৰে বিজ্ঞানী মহলক চিন্তিত কৰি তুলিছে। সচৰাচৰ মগজুত হোৱা টিউমাৰৰ ৰূপতে মগজুৰ কৰ্কট ৰোট প্ৰকট হৈ পৰে। মগজুৰ কৰ্কট ৰোগৰ নানান চিকিৎসা পদ্ধতি ওলাইছে যদিও প্ৰায় ভাগ ক্ষেত্ৰত বহু চিকিৎসা পদ্ধতিয়ে আশা কৰা ধৰণে সুফল দিয়া দেখা নাযায়। এনে সময়তে নটিংহাম বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলে মগজুৰ কৰ্কট ৰোগৰ চিকিৎসাৰ এক অভিনৱ পদ্ধতি আৱিষ্কাৰ কৰি উলিয়াইছে। 

নটিংহাম বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলে উদ্ভাৱন কৰা এয়া হৈছে প্ৰথম কোৱাণ্টাম থেৰাপিউটিক পদ্ধতি যিয়ে দেখুৱায় যে কোৱাণ্টাম চিগনেলিঙৰ জৰিয়তে কৰ্কট ৰোগ আঁতৰ কৰিব পাৰি।  অৰ্থাৎ কোৱাণ্টাম স্তৰত কোষৰ পৰিৱৰ্তন কৰি এই ৰোগ নিৰ্মূল কৰিব পাৰি। 

এই  চিকিৎসাত অন্তৰ্ভুক্ত থাকে জৈৱ-নেনোএণ্টেনা, ৰেডক্স-সক্ৰিয় অণুৰে তৈয়াৰী নেনোকণা আদি।  যাক টিউমাৰ হোৱা স্থানত স্প্ৰে কৰা হয় । গৱেষকসকলে দাবী কৰিছে যে এনেদৰে স্প্ৰে কৰাৰ জৰিয়তে টিউমাৰ হোৱা স্থানত বিশেষ পৰিৱৰ্তন ঘটে।  এনে স্প্ৰেই কৰ্কট কোষ ধ্বংস কৰিব পাৰে।  

এই চিকিৎসাই কোৱাণ্টাম চিকিৎসাৰ উত্থানক নতুন গতি প্ৰদান কৰিব বুলি আশা কৰা হৈছে।বিজ্ঞানীসকলে আশা কৰিছে যে এনে চিকিৎসা পদ্ধতিয়ে মগজুৰ কৰ্কট ৰোগৰ চিকিৎসাত  এক নতুন যুগ আৰম্ভ কৰিব পাৰে। 





FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত