--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • কিছুমান সাপ ইমানেই বিষাক্ত যে, ই কামোৰাৰ মাত্র কেই মিনিটমানৰ ভিতৰতে মানুহৰ মৃত্যু হ'ব পাৰে।

ডিজিটেল ডেস্ক : বাৰিষা আহিলেই নানা স্থানত সাপৰ উপদ্ৰৱ বৃদ্ধি পায়। সাপক বিশ্বৰ ভিতৰতে বিষাক্ত আটাইতকৈ প্রাণী বুলি গণ্য কৰা হয়। কিছুমান সাপ ইমানেই বিষাক্ত যে, ই কামোৰাৰ মাত্র কেই মিনিটমানৰ ভিতৰতে মানুহৰ মৃত্যু হ'ব পাৰে। বৰষুণ আৰু গৰমৰ বতৰত সাপ বাহিৰলৈ ওলাই আহে আৰু কেতিয়াবা ই মানুহৰ ঘৰতো প্ৰৱেশ কৰে। বিশেষকৈ গ্ৰামাঞ্চলৰ ঘৰত প্ৰায়ে সাপ সোমোৱা দেখা যায়।

ঘৰ, বাৰী, বাগান সকলোতে সাপৰ অহা-যোৱা। যাৰ বাবে আতংকিত হৈ পৰে বাসিন্দাসকল। আপোনাৰ ঘৰত যদি এন্দুৰ বা ভেকুলী আছে, তেন্তে সাৱধান। কিয়নো বাৰিষা কালত সাপে খাদ্যৰ সন্ধানত নিজৰ আশ্রয়স্থলৰ পৰা ওলাই আহে। বিশেষকৈ এন্দুৰ, ভেকুলী আৰু মাছৰ গোন্ধই সাপক আকৰ্ষণ কৰে। এই পৰিস্থিতিত আপোনাৰ ঘৰত যদি সাপ প্ৰৱেশ কৰে তেন্তে আতংকিত নহ'ব। আপোনাৰ ঘৰত থকা কিছুমান উপাদান ছটিয়াই দিলেই সাপ নিজে নিজে বাহিৰলৈ ওলাব। জানো আহক এই উপাদানসমূহৰ বিষয়ে -

উৎকট গোন্ধ সাপে সহ্য কৰিব নোৱাৰে। ঘৰত যদি নৱৰত্ন তেলৰ দৰে তীব্ৰ গোন্ধযুক্ত তেল থাকে, তেন্তে ছটিয়াই দিয়ক। তদুপৰি ফেনাইল, বেকিং পাউদাৰ, ফর্মেলিন আৰু কেৰাচিন ছটিয়াব পাৰে। এইবোৰৰ গোন্ধ সাপে মুঠেই সহ্য কৰিব নোৱাৰে।

আপোনাৰ ঘৰত যদি সাপ সোমায়, তেন্তে সি লুকাই থকা ঠাইৰ আশে-পাশে হিট স্প্রে কৰিব পাৰে। এনে কৰিলে হিটৰ উৎকট গোন্ধ সহ্য কৰিব নোৱাৰি সাপ নিজে নিজে ঘৰৰ পৰা ওলাই যাব।

নহৰু আৰু সৰিয়হৰ তেলেৰেও সাপৰ উপদ্ৰৱ ৰোধ কৰাৰ চেষ্টা কৰিব পাৰে। নহৰু পেষ্ট কৰি তাৰ সৈতে সৰিয়হৰ তেল মিহলাই লওক। সেই মিশ্ৰণ ঘৰৰ চাৰিওফালে চটিয়াই দিয়ক। এনে কৰিলেও সাপৰ উপদ্ৰৱৰ পৰা ৰক্ষা পাব পাৰি।

জালুক আৰু জলকীয়া গুৰি আৰু নেমুৰ ৰস মিহলাই লৈ সেয়া আশে-পাশে ছটিয়াই দিব পাৰে । ইয়াৰ ফলত সাপ সেই ৰাস্তাৰে নাহে। ইয়াৰ উপৰি পচি যোৱা পিঁয়াজ বা সতেজ পিঁয়াজ বতি ঘৰৰ চাৰিওফালে ছটিয়াই দিব পাৰে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ