--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • কিছুমান সাপ ইমানেই বিষাক্ত যে, ই কামোৰাৰ মাত্র কেই মিনিটমানৰ ভিতৰতে মানুহৰ মৃত্যু হ'ব পাৰে।

ডিজিটেল ডেস্ক : বাৰিষা আহিলেই নানা স্থানত সাপৰ উপদ্ৰৱ বৃদ্ধি পায়। সাপক বিশ্বৰ ভিতৰতে বিষাক্ত আটাইতকৈ প্রাণী বুলি গণ্য কৰা হয়। কিছুমান সাপ ইমানেই বিষাক্ত যে, ই কামোৰাৰ মাত্র কেই মিনিটমানৰ ভিতৰতে মানুহৰ মৃত্যু হ'ব পাৰে। বৰষুণ আৰু গৰমৰ বতৰত সাপ বাহিৰলৈ ওলাই আহে আৰু কেতিয়াবা ই মানুহৰ ঘৰতো প্ৰৱেশ কৰে। বিশেষকৈ গ্ৰামাঞ্চলৰ ঘৰত প্ৰায়ে সাপ সোমোৱা দেখা যায়।


ঘৰ, বাৰী, বাগান সকলোতে সাপৰ অহা-যোৱা। যাৰ বাবে আতংকিত হৈ পৰে বাসিন্দাসকল। আপোনাৰ ঘৰত যদি এন্দুৰ বা ভেকুলী আছে, তেন্তে সাৱধান। কিয়নো বাৰিষা কালত সাপে খাদ্যৰ সন্ধানত নিজৰ আশ্রয়স্থলৰ পৰা ওলাই আহে। বিশেষকৈ এন্দুৰ, ভেকুলী আৰু মাছৰ গোন্ধই সাপক আকৰ্ষণ কৰে। এই পৰিস্থিতিত আপোনাৰ ঘৰত যদি সাপ প্ৰৱেশ কৰে তেন্তে আতংকিত নহ'ব। আপোনাৰ ঘৰত থকা কিছুমান উপাদান ছটিয়াই দিলেই সাপ নিজে নিজে বাহিৰলৈ ওলাব। জানো আহক এই উপাদানসমূহৰ বিষয়ে -


উৎকট গোন্ধ সাপে সহ্য কৰিব নোৱাৰে। ঘৰত যদি নৱৰত্ন তেলৰ দৰে তীব্ৰ গোন্ধযুক্ত তেল থাকে, তেন্তে ছটিয়াই দিয়ক। তদুপৰি ফেনাইল, বেকিং পাউদাৰ, ফর্মেলিন আৰু কেৰাচিন ছটিয়াব পাৰে। এইবোৰৰ গোন্ধ সাপে মুঠেই সহ্য কৰিব নোৱাৰে।


আপোনাৰ ঘৰত যদি সাপ সোমায়, তেন্তে সি লুকাই থকা ঠাইৰ আশে-পাশে হিট স্প্রে কৰিব পাৰে। এনে কৰিলে হিটৰ উৎকট গোন্ধ সহ্য কৰিব নোৱাৰি সাপ নিজে নিজে ঘৰৰ পৰা ওলাই যাব।


নহৰু আৰু সৰিয়হৰ তেলেৰেও সাপৰ উপদ্ৰৱ ৰোধ কৰাৰ চেষ্টা কৰিব পাৰে। নহৰু পেষ্ট কৰি তাৰ সৈতে সৰিয়হৰ তেল মিহলাই লওক। সেই মিশ্ৰণ ঘৰৰ চাৰিওফালে চটিয়াই দিয়ক। এনে কৰিলেও সাপৰ উপদ্ৰৱৰ পৰা ৰক্ষা পাব পাৰি।


জালুক আৰু জলকীয়া গুৰি আৰু নেমুৰ ৰস মিহলাই লৈ সেয়া আশে-পাশে ছটিয়াই দিব পাৰে । ইয়াৰ ফলত সাপ সেই ৰাস্তাৰে নাহে। ইয়াৰ উপৰি পচি যোৱা পিঁয়াজ বা সতেজ পিঁয়াজ বতি ঘৰৰ চাৰিওফালে ছটিয়াই দিব পাৰে।


উৎসঃ দৈনিক জনমভূমি





FOLLOW US F
POPULAR
FEATURE
TRENDY
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি