--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • যদি আপুনি ভাবে যে টুথপেষ্টেৰে দাঁত পৰিষ্কাৰ কৰাৰ বাহিৰে আন কোনো কাম নাই, তেন্তে আপুনাৰ ধাৰণা ভুল। কাৰণ চুইচবৰ্ড পৰিষ্কাৰ কৰাত টুথপেষ্ট অতি উপযোগী

ডিজিটেল ডেস্কঃ আজিকালি সকলোৱে ঘৰৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ওপৰত গুৰুত্ব দিয়ে। প্ৰতিদিনে বা সপ্তাহত যেতিয়াই সময় পাই তেতিয়াই ঘৰৰ প্ৰতিটো বস্তু চাফা কৰা হয় কিন্তু চুইচ বৰ্ড চাফা কৰাৰ পৰা বিৰত থাকে।

বহুদিন চাফা নকৰাৰ বাবে ই অতি লেতেৰা হৈ পৰে । যদি আপুনিও চুইচ বৰ্ডৰ ৰক্ষণাবেক্ষণৰ প্ৰতি গুৰুত্ব নিদিয়ে আৰু আপোনাৰ ঘৰৰ বৰ্ডখননো ক'লা দাগ পৰে, তেন্তে আমি আপোনাক এনে কিছুমান প্ৰতিকাৰৰ কথা আলোচনা কৰিম, যাৰ দ্বাৰা আপোনাৰ ঘৰৰ বৰ্ডখন মাত্ৰ ৫ মিনিটৰ ভিতৰতে নতুন যেন দেখাবলৈ আৰম্ভ কৰিব...

চুইচ বৰ্ড পৰিষ্কাৰ কৰাৰ আগতে এই কামটো কৰক

যদি আপুনি ক'লা আৰু লেতেৰা চুইচ বৰ্ডখন চাফা কৰাৰ পৰিকল্পনা কৰিছে তেন্তে প্ৰথমে ঘৰৰ বিদ্যুৎ কৰ্তন কৰক অৰ্থাৎ পাৱাৰ চাপ্লাই বন্ধ কৰক। এই বিষয়ে ঘৰৰ আন সদস্যসকলক জনাওক, নহ’লে কাম কৰি থাকোঁতে যদি কোনোবাই ভুলতে বিদ্যুৎ সক্ৰিয় কৰে, তেতিয়া বিদ্যুৎস্পৃষ্ট হোৱাৰ আশংকা হ’ব। গতিকে চাফা কৰাৰ আগতে এইটো অতি গুৰুত্বপূৰ্ণ হৈ পৰে।

টুথপেষ্টেৰে চুইচবৰ্ডখন জিলিকাব পাৰে

যদি আপুনি ভাবে যে টুথপেষ্টেৰে দাঁত পৰিষ্কাৰ কৰাৰ বাহিৰে আন কোনো কাম নাই, তেন্তে আপুনাৰ ধাৰণা ভুল। কাৰণ চুইচবৰ্ড পৰিষ্কাৰ কৰাত টুথপেষ্ট অতি উপযোগী । আপোনাৰ ঘৰৰ ক’লা হৈ পৰা চুইচব’ৰ্ডখন টুথপেষ্টেৰে পৰিষ্কাৰ কৰক। ই ফলকবোৰৰ পৰা দাগবোৰ আঁতৰাই জিলিকি উঠিব।

এইদৰে চুইচবৰ্ড পৰিষ্কাৰ কৰক

১)চুইচবৰ্ড চাফা কৰাৰ আগতে এটা পাত্ৰ লওক।

২)এই পাত্ৰটোত ৩-৪ চামুচ টুথপেষ্ট আৰু ২ চামুচ বেকিং চোডা মিহলাই লওক।

৩)এতিয়া কেইটোপালমান পানী দি ভালদৰে মিহলাই লওক।

৪)এই পেষ্টটো চুইচবৰ্ডত লগাই প্ৰায় ১০ মিনিটমান ৰাখিব।

৫)১০ মিনিটৰ পিছত চুইচবৰ্ডখন টুথব্ৰাছ বা চাফাই ব্ৰাছেৰে ভালদৰে পৰিষ্কাৰ কৰিব লাগে।

৬)তাৰ পাছত কাপোৰেৰে মচি দিব।

আপোনাৰ বৈদ্যুতিক চুইচবৰ্ড জিলিকিবলৈ আৰম্ভ কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ