--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গা ধুলে হ’ব পাৰে ছালৰ ক্ষতি! শেহতীয়া গৱেষণাৰ পৰা দেখা গৈছে যে দিনটোত কেইবাবাৰো গা ধুলে বা শ্বাৱাৰৰ তলত ৩-৪ ঘণ্টা সময় কটালে ছালৰ ক্ষতি হ’ব পাৰে। অৱশ্যে ছালৰ বিশেষজ্ঞ জয়ছ পাৰ্কে কয় যে এই ক্ষেত্ৰত কোনো নিৰ্দিষ্ট নিয়ম নাই। বহু সময় গা ধুলে ছাল বা চুলিৰ ক্ষতি হ’ব বুলি ধাৰণাটো শুদ্ধ নহয়।

২০২১ চনত হাৰ্ভাৰ্ড হেল্থৰ এক অধ্যয়নত দেখা গৈছে যে প্ৰায় ৬৬ শতাংশ আমেৰিকান লোকে দৈনিক গা ধুৱে। কোনোবাই এবাৰ, কোনোবাই অধিক। জয়ছে কয়, “কিমান সঘনাই গা ধুব লাগে সেয়া ব্যক্তিজনৰ ছাল আৰু চুলিৰ প্ৰকাৰৰ ওপৰত নিৰ্ভৰ কৰে। নতুবা ঘাম আৰু ধূলিৰ পৰিমাণৰ ওপৰতো। কিন্তু যিসকলৰ ছাল অত্যধিক শুকান বা ছালৰ সমস্যা যেনে একজিমা আছে তেওঁলোকে বেছিকৈ গা ধুব নালাগে। কাৰণ বেছিকৈ গা ধুলে ছালৰ প্ৰাকৃতিক তেল ধুই পেলোৱা হয়। ফলত ছালখন শুকান হৈ পৰে।’’

একেখন দেশৰ আন এগৰাকী ছালৰ বিশেষজ্ঞ জুলি ৰুছাকৰ মতে, “মই সাধাৰণতে গৰম গা ধোৱা আৰু বেছিকৈ চাবোন ব্যৱহাৰ কৰাটো পৰিহাৰ কৰো। কাৰণ, ছালত থকা মাইক্ৰ’বায়’মটোও ধূলিৰ লগতে ধুই যায়। এই মাইক্ৰ’বায়’ম কেৱল ছালৰ বাবে নহয়, সামগ্ৰিক স্বাস্থ্যৰ বাবে অতি গুৰুত্বপূৰ্ণ।”

দিনটোত এবাৰ বা দুবাৰ গা ধুলে ভাল। কিন্তু যদি আপোনাৰ ছালৰ সমস্যা আছে, তেন্তে কৰ্মস্থলীৰ পৰা উভতি অহাৰ পিছত বা ব্যায়াম কৰাৰ পিছত ঘাম ওলোৱা অংশহে ধুব লাগে। আমেৰিকাৰ এটা প্ৰসাধন কোম্পানীৰ ছালৰ বিশেষজ্ঞ জাষ্টিন হেক্সটালৰ মতে, “ছালৰ আৰ্দ্ৰতা হেৰুৱাৰ আঁৰত গা ধোৱা প্ৰসাধনৰ ভূমিকা সৰু নহয়।” ছালৰ প্ৰকাৰৰ ওপৰত ভিত্তি কৰি মুখ বা চুলিৰ বাবে প্ৰসাধন সামগ্ৰী কিনিলেও আপোনাৰ শৰীৰৰ বিষয়ে সকলোৱে সচেতন নহয়।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ