--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গা ধুলে হ’ব পাৰে ছালৰ ক্ষতি! শেহতীয়া গৱেষণাৰ পৰা দেখা গৈছে যে দিনটোত কেইবাবাৰো গা ধুলে বা শ্বাৱাৰৰ তলত ৩-৪ ঘণ্টা সময় কটালে ছালৰ ক্ষতি হ’ব পাৰে। অৱশ্যে ছালৰ বিশেষজ্ঞ জয়ছ পাৰ্কে কয় যে এই ক্ষেত্ৰত কোনো নিৰ্দিষ্ট নিয়ম নাই। বহু সময় গা ধুলে ছাল বা চুলিৰ ক্ষতি হ’ব বুলি ধাৰণাটো শুদ্ধ নহয়।

২০২১ চনত হাৰ্ভাৰ্ড হেল্থৰ এক অধ্যয়নত দেখা গৈছে যে প্ৰায় ৬৬ শতাংশ আমেৰিকান লোকে দৈনিক গা ধুৱে। কোনোবাই এবাৰ, কোনোবাই অধিক। জয়ছে কয়, “কিমান সঘনাই গা ধুব লাগে সেয়া ব্যক্তিজনৰ ছাল আৰু চুলিৰ প্ৰকাৰৰ ওপৰত নিৰ্ভৰ কৰে। নতুবা ঘাম আৰু ধূলিৰ পৰিমাণৰ ওপৰতো। কিন্তু যিসকলৰ ছাল অত্যধিক শুকান বা ছালৰ সমস্যা যেনে একজিমা আছে তেওঁলোকে বেছিকৈ গা ধুব নালাগে। কাৰণ বেছিকৈ গা ধুলে ছালৰ প্ৰাকৃতিক তেল ধুই পেলোৱা হয়। ফলত ছালখন শুকান হৈ পৰে।’’

একেখন দেশৰ আন এগৰাকী ছালৰ বিশেষজ্ঞ জুলি ৰুছাকৰ মতে, “মই সাধাৰণতে গৰম গা ধোৱা আৰু বেছিকৈ চাবোন ব্যৱহাৰ কৰাটো পৰিহাৰ কৰো। কাৰণ, ছালত থকা মাইক্ৰ’বায়’মটোও ধূলিৰ লগতে ধুই যায়। এই মাইক্ৰ’বায়’ম কেৱল ছালৰ বাবে নহয়, সামগ্ৰিক স্বাস্থ্যৰ বাবে অতি গুৰুত্বপূৰ্ণ।”

দিনটোত এবাৰ বা দুবাৰ গা ধুলে ভাল। কিন্তু যদি আপোনাৰ ছালৰ সমস্যা আছে, তেন্তে কৰ্মস্থলীৰ পৰা উভতি অহাৰ পিছত বা ব্যায়াম কৰাৰ পিছত ঘাম ওলোৱা অংশহে ধুব লাগে। আমেৰিকাৰ এটা প্ৰসাধন কোম্পানীৰ ছালৰ বিশেষজ্ঞ জাষ্টিন হেক্সটালৰ মতে, “ছালৰ আৰ্দ্ৰতা হেৰুৱাৰ আঁৰত গা ধোৱা প্ৰসাধনৰ ভূমিকা সৰু নহয়।” ছালৰ প্ৰকাৰৰ ওপৰত ভিত্তি কৰি মুখ বা চুলিৰ বাবে প্ৰসাধন সামগ্ৰী কিনিলেও আপোনাৰ শৰীৰৰ বিষয়ে সকলোৱে সচেতন নহয়।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ