--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নহৰু ঔষধি গুণেৰে ভৰপূৰ যদিও ইয়াৰ উপকাৰ খাদ্য খোৱাৰ পদ্ধতিৰ ওপৰত নিৰ্ভৰ কৰে। ঘিউত ভাজি নহৰু খালে স্বাস্থ্যৰ বাবে বহু উপকাৰ পোৱা যায়। এই দুয়োটাতে বহুতো পুষ্টিকৰ উপাদান থাকে যিবোৰ স্বাস্থ্যৰ বাবে উপকাৰী। নহৰুৰ এণ্টি-বেক্টেৰিয়েল আৰু এণ্টি-ভাইৰেল গুণ থকাৰ বিপৰীতে ঘিউত ভিটামিন আৰু ওমেগা-৩ ফেটি এচিড পোৱা যায়। বহু ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ ই কাম কৰে।

১) হাৰ্টৰ বাবে ভালঃ  নহৰু হাৰ্টৰ বাবে ভাল বুলি বিবেচিত হয়। ঘিউত ভজাৰ পাছত খালে ৰক্তচাপ নিয়ন্ত্ৰণত থাকে। ঘিউত ভজা নহৰুৱে বেয়া কলেষ্টেৰল কমোৱাত সহায় কৰে। এনেদৰে নহৰু সেৱন কৰিলে হৃদৰোগৰ সম্ভাৱনা কম হয়। হৃদযন্ত্ৰ আৰু হাওঁফাওঁ শক্তিশালী কৰে।

২) শ্বাস-প্ৰশ্বাসজনিত ৰোগ নিৰাময় কৰেঃ নহৰুৰ প্ৰভাৱ গৰম। যদিহে শীতকালত ঘিউৰ লগত নহৰু খোৱা হয়, তেন্তে উশাহ-নিশাহৰ লগত জড়িত সমস্যাৰ পৰা হাত সাৰিব পাৰি। এইদৰে নহৰু খালে শ্বাস-প্ৰশ্বাসতন্ত্ৰ শক্তিশালী হয়। হাঁপানীৰ দৰে ৰোগতো ই উপকাৰী।

৩) হজমৰ বাবে ভালঃ নহৰুক ভাল পাচন দ্ৰব্য বুলি গণ্য কৰা হয়। কোষ্ঠকাঠিন্য, বদহজম আৰু অম্লতা আদি পাচনতন্ত্ৰৰ সমস্যাবোৰ ঘিউত পোৰাৰ পিছত নহৰু খালে নাইকিয়া হয়। নহৰুৰ কলি খালে খাদ্য হজম সহজ হৈ পৰে।

৪) ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰেঃ ঘিউত ভজা নহৰুৱে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ কাম কৰে। নহৰুত থকা ঔষধি গুণ চৰ্দি আৰু ফ্লুত উপকাৰী। ইয়াৰ এণ্টি বেক্টেৰিয়েল আৰু এণ্টি ভাইৰেল গুণ আছে যিয়ে শৰীৰক সংক্ৰমণৰ পৰা ৰক্ষা কৰে। ঘিউত ভজা নহৰু খালে চৰ্দি আৰু কাহৰ দৰে সমস্যা দূৰ হয়।

৫) হাড় শক্তিশালী হয়ঃ কেলচিয়ামৰ দৰে খনিজ পদাৰ্থ নহৰুত পোৱা যায় যিয়ে হাড় শক্তিশালী কৰাৰ কাম কৰে। ঘিউত পোৰা হালধি খালে হাড় মজবুত হয়, ইয়াৰ ফলত ফুলা আৰু বিষৰ সমস্যাও দূৰ হয়।






FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ