--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: পেট্ৰল আৰু ডিজেলৰ আকাশচুম্বী দামবৃদ্ধিৰ মাজতে ইণ্ডিয়ান অইল’-এ গঢ়িছে নতুন অভিলেখ৷ কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ দেশৰ আগশাৰীৰ পেট্ৰলিয়াম উৎপাদক প্ৰতিষ্ঠান ইণ্ডিয়ান অইলে বিগত বিত্তীয় বৰ্ষত গঢ়িলে এক নতুন অভিলেখ৷ প্ৰতিষ্ঠানটোৱে প্ৰকাশ কৰা তথ্য অনুসৰি, ২০২১-২২ বিত্তীয় বৰ্ষত প্ৰতিষ্ঠানটোৱে লাভ কৰিছে ২৪,১৮৪ কোটি টকা৷ এই পৰিসংখ্যা এনে সময়ত প্ৰকাশ পাইছে, যিসময়ত পেট্ৰ, ডিজেল আৰু এলপিজিৰ আকাশচুম্বী দামে জনজীৱন বিপৰ্যস্ত কৰি তুলিছে৷ আৰু, জনসাধাৰণে দাম হ্ৰাস হোৱালৈ অপেক্ষা কৰি আছে।

 ইণ্ডিয়ান অইলে ৩১ মাৰ্চত সমাপ্ত হোৱা ২০২১-২২ বিত্তীয় বৰ্ষৰ বাবে প্ৰতিষ্ঠানটোৰ উপাৰ্জনৰ তথ্য দাখিল কৰিছে। তথ্য অনুসৰি, ২০২১-২২ বৰ্ষত প্ৰতিষ্ঠানটোৱে মুঠ ৰাজহ আৰু লাভৰ ক্ষেত্ৰত এক অভিলেখ স্থাপন কৰিছে। এই বছৰ, প্ৰতিষ্ঠানটোৱে পূৰ্বৰ ২০২০-২১ বৰ্ষৰ ৫,১৪,৮৯০ কোটি টকাৰ বিপৰীতে মুঠ ৭,২৮,৪৬০ কোটি টকা উপাৰ্জন কৰিছিল।


ইণ্ডিয়ান অইলে কিমান পৰিমাণৰ ধন লাভ কৰিছে?

কোম্পানীটোৱে লাভৰ ক্ষেত্ৰতো এটা অভিলেখ স্থাপন কৰিছে। ২০২১-২২ বৰ্ষত, কোম্পানীটোৰ মুঠ লাভ আছিল ২৪,১৮৪ কোটি টকা, যি এতিয়ালৈকে সৰ্বাধিক। ২০২০-২১ বৰ্ষত কোম্পানীটোৰ মুঠ লাভ আছিল ২১,৮৩৬ কোটি টকা, যাৰ অৰ্থ হৈছে যে এই বছৰ প্ৰতিষ্ঠানটোৱে প্ৰায় ২,৩০০ কোটি টকা অধিক লাভ কৰিছে। অৱশ্যে, ২০২০-২১ বৰ্ষৰ (জানুৱাৰী-মাৰ্চ) অন্তিম তিনিমাহৰ তুলনাত ২০২১-২২ বৰ্ষৰ অন্তিম তিনিমাহত ৰাজহ বৃদ্ধি হোৱা সত্ত্বেও প্ৰতিষ্ঠানটোৰ লাভ হ্ৰাস পাইছে।


চৰকাৰৰ বিৰুদ্ধে বিৰোধীৰ অভিযোগ কি?

বিৰোধীয়ে নিৰন্তৰভাৱে চৰকাৰক পেট্ৰল আৰু ডিজেলৰ জৰিয়তে লাভ ৰখাৰ অভিযোগ কৰি আহিছে। এই মুহূৰ্তত পেট্ৰল আৰু ডিজেলৰ মূল্য আকাশচুম্বী হৈ আছে। বহুতো ৰাজ্যত, পেট্ৰল আৰু ডিজেলৰ দাম প্ৰতিলিটাৰত ১০০ টকা অতিক্ৰম কৰিছে। একেসময়তে, ঘৰুৱা এলপিজি চিলিণ্ডাৰৰ মূল্য প্ৰতিটো চিলিণ্ডাৰত ১০০০ টকা অতিক্ৰম কৰিছে। এনে পৰিস্থিতিত, এই পৰিসংখ্যাবোৰে বিৰোধীক চৰকাৰক আক্ৰমণ কৰাৰ আৰু এটা সুযোগ দিব বুলি ৰাজনৈতিক বিশ্লেষকসকলে মন্তব্য কৰিছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ ধন আত্মসাতৰ প্ৰমাণ মোৰ হাতত আছেঃ মানস ৰবীন
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান