--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ সাংসাৰিক যাত্ৰা মধুৰ হোৱাটো বৰ সহজ নহয়। আজিকালি সকলো মানুহ বৰ ব্যস্ত হৈ পৰিছে। ব্যস্ততাৰ কোবত যেন সাংসাৰিক জীৱনলৈকো নামি আহিছে কিছু জঠৰতা, এই অনুভৱ আজিকালি প্ৰায় মানুহেই কৰে। পুৱা শুই উঠাৰ পৰা ৰাতি শুৱালৈকে মাঁথো ব্যস্ততাৰ দৌৰাদৌৰি। ইয়াৰ মাজতো কিন্তু আপুনি আপোনাৰ সংসাৰৰ মধুৰতা বৰ্তাই ৰাখিব পাৰে। মাথোঁ তাৰবাবে লাগিব আপোনাৰ সদিচ্ছা। ঘৰৰ ভিতৰত এটা কোঠাৰ পৰাই আপুনি সলাব পাৰিব আপোনালোকৰ সংসাৰলৈ নামি অহা জড়তা। বিশেষজ্ঞসকলে সমীক্ষাৰ জৰিয়তে প্ৰকাশ কৰিছে যে এখন সংসাৰত যদি পুৱাটো সুন্দৰকৈ আৰম্ভ কৰা হয় তেন্তে গোটেই দিনটোলৈকে ইয়াৰ সুপ্ৰভাৱ থাকে। দিনটোৰ আৰম্ভণি কেনেদৰে সুন্দৰ কৰিব পাৰি জানো আহক-

১) শুভেচ্ছা বিনিময়ৰ সৈতে দিনটো আৰম্ভ কৰোঁ আহক

ৰাতিপুৱা শুই উঠাৰ পাছতে এটা মিঠা হাঁহিৰে দুয়ো দুয়োকে সম্ভাষণ জনাওক। আৰু ইজনে সিজনক দিনটো শুভ হবলৈ শুভকামনা জনাওক। মনত ৰাখিব আপোনাৰ গোমোঠা মুখখনে আপোনাৰ সংগীৰ ওপৰতো বিৰূপ প্ৰভাৱ পেলায়। এইটোৱেই বহুত কাম কৰিব। আপুনি দেখিব যে দিনটো ভালদৰে আৰম্ভ হৈছে আৰু এই অনুভৱে সকলোবোৰ নিজৰ গতিত সুন্দৰভাবে চলি থকাত সহায় কৰিব।

২)প্ৰশংসা কৰক

যেতিয়াই সময় আৰু সুযোগ পাই তেতিয়াই ইজনে সিজনক প্ৰশংসা কৰক। প্ৰশংসা কৰাৰ বাবে অত্যাধিক ডাঙৰ কাৰণৰ প্ৰয়োজন নাই। সৰু সৰু কথাতে সংগীক প্ৰশংসা কৰক। যেনে ভাতসাঁজ বৰ সুন্দৰভাবে ৰান্ধিলা…আজি তুমি মোৰ মন পচন্দৰ বস্তু বজাৰ কৰি আনিলা আদি ধৰণৰ সৰু সৰু কথাবোৰেৰেই প্ৰিয়জনৰ মনটো ভাল লগাই তুলিব পাৰি। জীৱনসংগীৰ মুখত সৰুকৈ হ'লেও এটা প্ৰশংসা শুনি সকলোৱে ভাল পায়। প্ৰশংসা কৰিলে চেৰোটনিন হৰমন মগজুৰ পৰা ওলাই আহে। এই হৰমনে আমাৰ মন ভালদৰে ৰখাত সহায় কৰে আৰু সম্পৰ্কটো শক্তিশালী হোৱাৰ দিশে আগবাঢ়ে। গতিকে আপোনজনৰ প্ৰশংসা কৰিবলৈ কেতিয়াও কৃপণালি নকৰিব।

৩)পুৱাৰ চাহকাপ একেলগে খাওক

পুৱাৰ চাহকাপ সদায় একেলগে খাবলৈ চেষ্টা কৰক। একেলগে খোৱা বোৱা কৰিলে সম্পৰ্কবোৰ মধুৰ হয়। খোৱাৰ মাজে মাজে ইটো সিটো মনৰ কথা বিনিময় কৰক। চাবচোন এই সৰু সৰু কথাবোৰেই আপোনালোকৰ সম্পৰ্ক মধুৰ হোৱাত ডাঙৰ ভূমিকা পালন কৰিব।

৪)ইজনে সিজনক চাওক

আমাৰ ব্যস্ত জীৱনত ইজনে সিজনক চাবলৈ পাহৰি যাওঁ। গতিকে যেতিয়াই সময় পায়, ইজনে সিজনক অলপ সময় চাওক। কিছুপৰ দৃষ্টি বিনিময় কৰক। ইজনে সিজনক চাই বুজাব যে কিমান আকৰ্ষণ আছে আপোনালোকৰ মাজত। যদি আপুনি এইবোৰৰ পৰা আঁতৰি গৈছে তেন্তে নিজক ঘূৰাই আনক।

৫)নিজৰ মাজত হাঁহিক স্থান দিয়ক

আনন্দেৰে যিকোনো পৰিস্থিতি সলনি কৰাৰ ক্ষেত্ৰত হাঁহিতকৈ ডাঙৰ কোনো মাধ্যম নাই। গতিকে ইজনে সিজনক হঁহুৱাই ৰাখিবলৈ নাপাহৰিব। প্ৰয়োজন হ'লে কৌতুক কওঁক। হঁহাৰ ফলত শৰীৰৰ বাবে মংগলজনক হৰমন নিঃসৰণ হয়। সাংসাৰিক সম্পৰ্কটো শক্তিশালী হয়।

৬) আব্দাৰ-অভিমান কৰিবলৈ নাপাহৰিব

আপোনজনৰ আব্দাৰ আৰু অভিমান সকলোৰে বৰ প্ৰিয়। সীমাৰ ভিতৰত থকা আব্দাৰ আৰু অভিমান সকলোৱে বিচাৰে প্ৰিয়জনৰ পৰা। সেই আব্দাৰ পূৰণ কৰি আৰু অভিমান ভাঙি সকলোৱে ভালপায়। কিন্তু যদি আপুনি সকলো বিষয়তে নিৰ্লিপ্ত হৈ থাকে বা কেতিয়াও কোনো কথাতে আপোনজনৰ ওচৰত একো আপত্তি নকৰে তেন্তে তেওঁ ভাবিবলৈ বাধ্য হ'ব যে আপোনাৰ ওচৰত তেওঁৰ অৱস্থিতি সিমান গুৰুত্বপূৰ্ণ নহয়। গতিকে আব্দাৰ-অভিমানক আপোনাৰ সংসাৰত ঠাই দিবলৈ নাপাহৰিব।

আৰু পঢ়কঃ আজি মামণি ৰয়ছম গোস্বামীৰ স্মৃতি দিৱস; এক আলোকপাত

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেলত 'অনসুনী চীখে'লৈ শ্রেষ্ঠ চুটি ছবিৰ বঁটা
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
আমাৰ খিৰিকীৰ কাষতে চলি আছে ইজৰাইল-ইৰানৰ যুদ্ধ:  ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভীষিকাৰ সৃষ্টি
লামডিঙত মহিলাৰ ৰহস্যজনক মৃত্যু! কুঁৱাৰ পৰা মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত চাঞ্চল্যকৰ পৰিৱেশ
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?