--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্বাহৰুখ খানৰ পাঠান ছবিৰ বেচৰম ৰং গীতটিচ গেৰুৱা বিকিনি পিন্ধি নৃত্য কৰাৰ পিছতে ব্যাপক সমালোচনাৰ সন্মুখীন হৈছে দীপিকা পাডুকন। বহুতে আনকি গীতটিয়ে ধৰ্মীয় অনুভূতিত আঘাত হনাৰ অভিযোগ কৰি পাঠান ছবি খন নিষিদ্ধ কৰাৰো দাবী জনাইছে। ছবি খনৰ বিৰোধিতা কৰি আনকি অযোধ্যাত শাহৰুখ খানৰ আদ্য শ্ৰাদ্ধও পাতিছে। এনেবোৰ কথাই হয়তো দুখ দিছে অভিনেত্ৰী দীপিকাক।

সেয়ে বিগত কিছুদিন ধৰি দীপিকাই ৰাজহুৱা দৰ্শন দিয়া নাই। তেওঁ ক’লৈ গ’ল সেয়াও কোনেও সঠিককৈ ক’ব নোৱাৰে। অন্যবাৰ ৩১ ডিচেম্বৰৰ নিশা দীপিকাই বলীউডৰ আন তাৰকাৰে মিলি পাৰ্টী কৰে। এইবাৰ সেইবোৰৰ কোন উমঘামেই নাই। দীপিকাৰ ঘনিষ্ঠ মহলেও আনকি ক’ব নোৱাৰে দীপিকা ক’ত আছে। বলীউডৰে বহুতেই আনকি বেচৰম ৰং গীতটিৰ বাবে দীপিকাক সমালোচনাৰে থকা সৰকা কৰিছে।


সৌসিদিনালৈ দীৰপিকাৰ পৰম বন্ধু হৈ থকা সকলৰ মাজৰেও একাংশই গীতটিকলৈ দীপিকাক সমালোচনা কৰিছে। গায়ক অভিজিতকে ধৰি বহুতে দীপিকা আৰু শ্বাহৰুখক বেয়াকৈ লমালোচনা কৰিছে। এনেবোৰ কথায়ো হয়তো দীপিকাক দুখ দিছে। সেয়ে তেওঁ সাময়িকভাবে হ’লেও তেওঁ ৰৈাজহুৱা জীৱনৰ পৰা কিছু নিলগত আছে বুলি ধাৰণা কৰা হৈছে। আন বছৰ বোৰত ৩১ ডিচেম্বৰৰ আগে আগে দীপিকাই মুম্বাইৰ অভিজাত ৰেষ্টুৰেণ্ট বোৰলৈ গৈ খাদ্যৰ জুতি লয়। 


কিন্তু এইবাৰ সেইবোৰ একো নাই। সেয়ে দীপিকা অবিহনে বলীউড আৰু মায়ানগৰী একপ্ৰকাৰ নিজম পৰিছে। ভূৰখা মহলে প্ৰকাশ কৰা মতে জানুৱাৰীত পাঠানে মুক্তি লাভ কৰাৰ পিছতে দীপিকাই পুনৰ ৰাজহুৱাভাবে আত্মপ্ৰকাশ কৰিব। ছবি খনকলৈ আৰু নতুনকৈ বিতৰ্ক হোৱাৰো সম্ভাৱনা নাই। কাৰণ ছবি খনৰ বিতৰ্কিত দৃশ্যবোৰ কৰ্তন কৰাৰ বাবে ইতিমধ্যে ফিল্ম চেন্সৰ বোৰ্ডে সিদ্ধান্ত লৈছে। তথাপি দীপিকা বিহীন নৱবৰ্ষ যেন বহুতৰে বাবে অসহনীয় হৈ পৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অম্বুবাচীলৈ অহা বহিঃৰাজ্যৰ ভক্তক আদৰণি ; কামাখ্যা ষ্টেছনত ভক্তৰ সৈতে পৰ্যটন মন্ত্ৰীৰ মত-বিনিময়
সাধাৰণ জনতাৰ মূৰত মাধমাৰ ; ঔষধ-শিশু খাদ্যৰ ব্যাপক দাম বৃদ্ধি
কাছাৰত অঘটন গুটখা খাই প্রাণ গ'ল আৰক্ষী বিষয়াৰ
ভাৰত-বাংলাদেশ সীমান্তৰ মহিশাষণ ৰে'ল ষ্টেছনত উত্তাল প্রতিবাদ
কাটাৰ, ইৰাক, ছিৰিয়াৰ আমেৰিকাৰ সামৰিক ঘাটিত আক্রমণ
আমলখি আৰু নৰসিংহ পাত চুলিৰ বাবে বৰ উপকাৰী
ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ! ২২খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী জাৰি
মহানগৰীৰ বেলতলাত 'নেৰিম'ৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু
অনিয়মিত টোপনিৰ ফলত টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়
ৱেবকাষ্টিং কৰিব দেশৰ সকলো ভোটকেন্দ্রত
আহমেদাবাদ বিমান দুৰ্ঘটনাৰ তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ হʼবলৈ লাগিব এবছৰ
ব্ৰহ্মপুত্ৰৰ খহনীয়াত ঘৰ-বাৰী সকলো হেৰুওৱা ছায়িদা মাৰিয়া সুখ্যাতিৰে উত্তীৰ্ণ NEET পৰীক্ষাত
ৰাজা হত্যাকাণ্ড, চোহৰাত 'ক্ৰাইম ছীন ৰিক্ৰিয়েশ্যন'
আহমেদাবাদ-লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমান যাত্ৰা বাতিল